ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ অক্টোবৰঃ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘাট গাঁৱৰ পট্টা নং ৪৮ আৰু দাগ নং-৩৪৭,৩৪৮,৩৪৯ ভূমি সম্পৰ্কীয় বিবাদৰ ফলত দুটা ফৈদৰ মাজত হিংসাত্মক ঘটনাৰ উদ্ভৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই সন্দৰ্ভত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত উক্ত অঞ্চলত শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত আৰু অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ সেই অনুসৰি ঝাৰণি প্ৰাথমিক বিদ্যালয়ৰ পৰা ফকৰুদ্দিন আলি আদমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত পৰা অঞ্চলত উপযুক্ত অনুমতি অবিহনে পাঁচজন বা তাতোধিক লোকৰ সমাবেশ; অধিসূচিত এলেকাত মাৰাত্মক অস্ত্ৰ লৈ চলাচল কৰা আৰু উপযুক্ত কৰ্তৃপক্ষৰ অনুমতি অবিহনে বৰঘাট ৰাজহ গাঁৱৰ উক্ত বিবাদমান ভূমিত যিকোনো ব্যক্তিৰ চলাচল আৰু কাৰ্যকলাপ এক আদেশ যোগে নিষেধ কৰিছে ৷
পূৰ্বৱৰ্তী লেখা