তেজপুৰৰ পুনিয়নিত ভূমিকেন্দ্ৰীক বিবাদঃ আৰক্ষী চকীত ধৰ্ণা

0 10

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০ জুনঃ তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পুনিয়নিত ইতিপূৰ্বে সংঘটিত এক ভূমিকেন্দ্ৰীক সংঘাতৰ পৰিণতিত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ আজিও সামকটা নাই৷ সংঘটিত ঘটনাত ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ বিপৰীতে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত আজি বিষয়টোকলৈ শালনিবাৰী আৰক্ষী চকীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ক্ষুব্ধ লোকে৷ যোৱা তিনি জুনত সংঘটিত ভূমি কেন্দ্ৰিক বিবাদৰ পৰিণতিত জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তেজপুৰ আঞ্চলিক সমিতিও ক্ষুব্ধ হৈ উঠিছে৷ উল্লেখ্য যে, পুনিয়নি নিৱাসী দেৱীচৰণ কৰ্মকাৰে শালনিবাৰী আৰক্ষী চকীত তিনি জুনত দাখিল কৰা অভিযোগ অনুসৰি কৰ্মকাৰৰ ভূমিত সেইদিনা দুপৰীয়া প্ৰায় ১.৩০ বজাত অঞ্চলটোৰে ১৩জন লোকে অনাধিকাৰ প্ৰবেশ কৰি সীমাৰ বেৰা আদি ভঙাৰ উপৰিও গালি গালাজ কৰাৰ উপৰি মহিলাৰ ওপৰত আক্ৰমণ চলাই৷ এই আক্ৰমণত দুগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হব লগীয়া হয় বুলি অভিযোগ উঠাৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত কৰি ৫০৬ /২৩ নম্বৰৰ এক গোচৰ ৰুজু কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ৪৪৮, ৪৪৭, ২৯৪, ৩২৫ আৰু ১২৫ ধাৰাত ৰজু হোৱা গোচৰৰ বিপৰীতে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰাৰ বিপৰীতে অভিযোগকাৰী লোকসকলে আদিবাসী লোককহে হাৰাশাস্তিৰ অভিযোগ তুলিছে৷ ঘটনা সন্দৰ্ভত শোণিতপুৰৰ উপায়ুক্তক সাত জুনত আছাৰ তেজপুৰ আঞ্চলিক সমিতিয়ে এখন স্মাৰক পত্ৰও প্ৰদান কৰে৷ স্মাৰক পত্ৰত উল্লেখ কৰে যে হলেশ্বৰ মৌজাৰ পুনিয়নি গাৱঁৰ চাৰিটা পৰিয়ালে কামৰ নামত ৰায়তৰ মাটিত বসবাস কৰি অহা উক্ত ভূমি মুকলি কৰাৰ বাবে প্ৰকৃত গৰাকীয়ে তৃতীয় পক্ষৰ জৰিয়তে পৰিয়াল কেইটাক হাৰাশাস্তি কৰি আহিছে আৰু আদিবাসী লোকৰ ঘৰ দুৱাৰ ভাঙি খেদি পঠিওৱাৰ পৰিকল্পনা কৰি আহিছে৷ এইক্ষেত্ৰত সংগঠনটোৱে জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰে৷ ইপিনে, আজি পুনৰ এই ঘটনাৰ ন্যায় বিচাৰি দুপৰীয়া আছাৰ তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত শালনিবাৰী আৰক্ষী চকীত একাংশ লোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লগান দিয়াৰ লগতে অভিযুক্তৰ বিৰুদ্ধে শাস্তিৰ দাবী তোলে৷ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সংগঠনটোৱে সকীয়াই দিয়ে৷ উল্লেখযোগ্য যে, তেজপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ভূমি দখল, চৰকাৰী ভূমিৰ ক্ৰয় বিক্ৰয় তথা মৃতলোকৰ নামতো ভূমি হস্তান্তৰ আদিৰ দৰে ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ অহাৰ উপৰি সম্প্ৰতি একাংশ ভূমিৰ দালালো সক্ৰিয় হৈ উঠিছে৷ সম্প্ৰতি পুনিয়নিত সংঘটিত হোৱা ভূমিকেন্দ্ৰীক বিবাদ আৰু অভিযোগৰ এক শক্তিশালী তদন্তৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More