তেজপুৰৰ বাণ থিয়েটাৰত শুভাৰম্ভ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূৱ থিয়েটাৰ উৎসৱ – ২০২২”

0 14
শতাব্দ প্ৰতিনিধি, ১৭ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত কালিৰে পৰা দেশৰ আগশাৰীৰ নাট্য দলৰ চাৰিখনকৈ বিখ্যাত নাটকেৰে  আৰম্ভ হৈছে এন এছ ডিৰ “উত্তৰ পূব থিয়েটাৰ উৎসৱ – ২০২২”। অহা ১৯ ডিচেম্বৰলৈকে সন্ধিয়া ৬ বজাৰ পৰা মঞ্চস্থ হ’ব লগা এই থিয়েটাৰ উৎসৱ কালি সন্ধিয়া বাণ থিয়েটাৰৰ উপসভাপতিদ্বয় ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সঞ্জীৱ গোহাঞি বৰুৱাই। ইয়াৰ পিছতেই সঞ্জীৱ গোহাঞি বৰুৱাই উদ্বোধনী ভাষণ প্ৰদান কৰি বাণ থিয়েটাৰৰ পৱিত্ৰ মজিয়াত এন এছ ডিয়ে নাট মহোতসৱ উদযাপন কৰাতো এক আশাব্যঞ্জক খবৰ বুলি কৈ অসমৰ নাটশিল্প আজি ভাৰত বন্দিত হৈছে বুলি মন্তব্য কৰে। উল্লেখ্য যে, বাণ থিয়েটাৰৰ উপসভাপতিদ্বয় ভৱানন্দ দাস, দিলীপ বৰা আৰু সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়েও চমু শুভেচ্ছামূলক ভাষণ দিয়াৰ পিছতেই কালি প্ৰথম দিনটোত নতুন দিল্লীৰ এন এছ ডিৰ ৰেপাৰেটৰী কোম্পানীয়ে মঞ্চস্থ কৰে  পদ্মশ্ৰী অধ্যাপক বিদুষী ৰীতা গাংগুলী পৰিচালিত মহাকবি কালিদাসৰ “অভিজ্ঞানম শকুন্তলম” শীৰ্ষক নাটক। ভাৰতীয় নাট্য শাস্ত্ৰৰ পৰম্পৰাৰে সম্পূৰ্ণ মাংগলিক পৰিৱেশত সহযোগী অনুষ্ঠান বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীক মঞ্চলৈ আগবঢ়াই নি চৰিয়াত দুভৰি ধুৱাই, ডিঙিত মাল্যাৰ্পণ কৰি  নাটকখন আৰম্ভ কৰাৰ পৱিত্ৰ মুহূৰ্তই সকলোকে আকৰ্ষিত কৰে। আনহাতে দেশৰ সকলো মানুহে জনা মহাকাব্যখনৰ আলমত কি সংগীত, কি কৰিয়গ্ৰাফ, কি বৌদ্ধিক দৃশ্য সজ্জা, কি সাজসজ্জা আৰু কি মাধূৰ্যভৰা সংগীত ট্ৰিটমেন্টৰে প্ৰত্যেকগৰাকী এন এছ ডিয়ানৰ সাৱলীল অভিনয়ৰে নাটকখন মঞ্চস্থ কৰি উপস্থিত ৰুচীশীল দৰ্শকক আপ্লুত কৰি তোলে। উল্লেখ্য যে, সাংগীতিক আৰু আকৰ্ষণীয় দৃশ্যাংশৰে দৃশ্য সলনিত আধুনিক শৈলী ব্যৱহাৰ কৰা এই নাটকখনৰ গতিশীলতাই কালি  বাণ থিয়েটাৰৰ  ৰুচীশীল দৰ্শকক বিশেষ ভাৱে আকৰ্ষিত কৰি তোলাৰ পিছত সামৰণিত ৰাইজলৈ মিনতি জনোৱাৰ পিছত নাটকীয় শৈলীৰেই প্ৰত্যেকগৰাকী অভিনয় শিল্পীক আকৌ  পৰিচয় কৰাই দিয়াৰ ব্যৱস্থাৰ মাজতো বিশিষ্ট পৰিচালক গৰাকীৰ মননশীলতা প্ৰকাশ পায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More