তেজপুৰৰ বান্দৰমাৰীত ৰংজালী বৈশাগু উদযাপন

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ হৈছে বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগু৷ তেজপুৰৰ বান্দৰমাৰী বৰঘোপ খেলপথাৰত ৰংজালী বৈশাগুৰ পতাকা উত্তোলনৰ পাছত বিভিন্ন খেলধেমালি পুৰুষ মহিলা সকলৰ মাজত অনুষ্ঠিত হোৱাৰ পাছত কালি প্ৰথম ব’হাগৰ দিনৰ পুৱা পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বৈশাগনি সাতসৗ অৰ্থাৎ ব’হাগৰ এদিন শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা অঞ্চলটোৰ বয়োজ্যেষ্ঠ তথা শাৰীৰিক অসুস্থতাৰ বাবে ঘৰৰ পৰা বাহিৰলৈ যোৱাত অপাৰগ লোকসকলৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ লোৱাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।পৰম্পৰাগত ভাবে প্ৰচলিত এনে মানধৰা অনুষ্ঠানৰ অংশ হিচাপে কালি এনে ভালেসংখ্যক ব্যক্তিক সম্বৰ্দ্ধনা জনোৱাৰ লগতে বাকী থকা বয়োজ্যেষ্ঠ সকলক অহা পাঁচ ব’হাগত বৰঘোপ খেলপথাৰত অনুষ্ঠিত হব লগীয়া ত্ৰয়োদশ ৰংজালী বৈশাগুৰ অনুস্থানত সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।কালিৰ অনুস্থান উপলক্ষে অঞ্চলটোত এক উলহমালহ পৰিৱেশে বিৰাজ কৰে আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা বড়ো ছাত্ৰ সন্থাৰ সম্পাদক ৰূপজ্যোতি বড়ো, বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক জিতেন বসুমতাৰী, শোণিতপুৰ জিলা বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতিৰ লগতে বৰ্তমানৰ পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা শম্ভু বড়ো, আঞ্চলিক সমিতিৰ সম্পাদক দয়াল হাজুৱাৰী, সুজিত কুমাৰ বড়ো প্ৰমূখ্যে বহু কেইজন বিষয় ববীয়াই।উল্লেখযোগ্য যে,ইয়াত প্ৰতিবছৰেই বহল ভিত্তিত ৰংজালি বৈশাগু পালন কৰি অহা হৈছে আৰু খামৰ শব্দ তথা লোকনৃত্য গীতৰে পৰিৱেশ উজ্জীৱিত হৈ আহিছে৷উল্লেখযোগ্য যে,ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয়ে পালন কৰি অহা চহা আৰু গ্ৰাম্য জীৱনৰ এই প্ৰকৃতি কেন্দ্ৰীক ৰংজালী বৈশাগুৰ অঞ্চলটোৰ প্ৰতিঘৰ পৰিয়ালৰ ঘৰত আজি আৰু কাইলৈ ৰজহুৱা ভাবে উপস্থিত হৈ আশীৰ্বাদ প্ৰদান কৰিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More