তেজপুৰৰ বিভিন্ন প্ৰান্তত নিশা চোৰৰ উপদ্ৰপে নিদ্ৰা হৰিছে ৰাইজৰ

আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকাত ক্ষুব্ধ ৰাইজ

0 7

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ জুলাইঃ তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত নিশা আৰক্ষী প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি নিতৌ চুৰি কাণ্ডৰ লগতে অসামাজিক আৰু অনৈতিক কাৰ্য্যকলাপৰ পয়োভৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নিশা চোৰৰ উপৰ্যুপৰি চুৰি কাণ্ডৰ ঘটনাই শেহতীয়াকৈ বাম পৰ্বতীয়া ভূপেন ডেকা পথৰ ৰাইজৰ লগতে চিত্ৰলেখা নগৰৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে বাম পৰ্বতীয়া ভূপেন ডেকা পথত একে নিশা ২২ টাকৈ ঘৰত চোৰে চুৰি কাণ্ড সংঘটিত কৰাৰ লগতে চহৰখনৰ বৃহত্তৰ মাজগাঁও অঞ্চলতো সঘন চোৰৰ উপদ্ৰপে ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ পিছত এতিয়া ৰাইজে আৰক্ষীৰ ওপৰত বিশ্বাস হেৰুৱাই পহৰাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈ পৰিছে।20230705 191351 চিত্ৰলেখা নগৰৰ যুৱক সংঘই পাল পাতি নৈশ পহৰাৰ ব্যৱস্থা কৰাৰ লগতে ভূপেন ডেকা পথৰ ৰাইজেও যোৱা এসপ্তাহ ধৰি পাল পাতি নৈশ পহৰাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈ পৰা ঘটনাই আৰক্ষী প্ৰশাসনৰ শিথিলতা প্ৰতিপন্ন কৰি তুলিছে। ইয়াৰ মাজতে আকৌ কালি নিশা তেজপুৰ চহৰৰ গাতে লাগি থকা বাৰিকা চুবুৰী পল্ট্ৰি পামৰ কাষৰ পথৰ ওপৰতে এখন টমটমত পাঁচটাকৈ কিশোৰৰ লগত এগৰাকী কিশোৰী সুৰাসক্ত হৈ অসামাজিক কাৰ্য সংঘটিত কৰি থকাৰ মাজতে ৰাইজৰ হাতত হাতে লোটে ধৰা পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নিশা প্ৰায় ৯ – ৩০ মান বজাত জনবহুল এই পথৰ ওপৰতে এনে অসামাজিক ঘটনা সংঘটিত হ’বলৈ পোৱা ঘটনাই আৰক্ষী প্ৰশাসনৰ শিথিলতাকে প্ৰতিপন্ন কৰি তুলিছে। স্হানীয় ৰাইজে অভিযোগ কৰা অনুসৰি এই নিৰ্দিষ্ট অঞ্চলটিত প্ৰায়েই এনে অসামাজিক ঘটনা সংঘটিত হৈ অহাৰ বিষয়ে আৰক্ষীক অৱগত কৰি অহা হৈছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ নৈশ পহৰাৰ ব্যৱস্থা নকৰাৰ বাবেই এনেধৰণৰ ফুলকুমলীয়া ল’ৰা – ছোৱালীয়ে অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ সুযোগ লাভ কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More