তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, মঞ্চ আৰু ভাওনাৰ প্ৰবীণ অভিনেতা, শিল্পী পেন্সনাৰ গোপাল চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি 

বিভিন্ন ব্যক্তি - অনুষ্ঠানৰ শোক প্ৰকাশ 

0 21
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ অক্টোবৰঃ তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, শিল্পী পেঞ্চনাৰ, মঞ্চ আৰু ভাওনাৰ প্ৰবীণ শিল্পী, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, দা ধৰা বামুণ চুবুৰী নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ আজি পুৱা নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, বিগত কিছু দিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৯২ বছৰীয়া নিষ্ঠাবান সমাজকৰ্মী আৰু শিল্পী গৰাকীৰ শেহতীয়াকৈ শৰীৰৰ দ্ৰুত অৱনতি ঘটাত পৰিয়ালৰ লোকে প্ৰথমে তেজপুৰৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছিল যদিও কালি শৰীৰৰ অধিক অৱনতি ঘটাত চিকিৎসকে ঘৰলৈ নিবলৈ পৰিয়ালৰ লোকক পৰামৰ্শ দিয়াৰ পিছত কালি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ঘৰলৈ অনা হয় যদিও আজি পুৱা প্ৰায় ৭ বাজি ১৫ মিনিটতত নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটাত পুৱাই বাসগৃহত শোকাকুল জনতাৰ সমাগম ঘটে। ১৯৩৪ চনৰ জেঠ মাহৰ কৃষ্ণ প্ৰতিপদ তিথিত দা ধৰা বামুণ চুবুৰীৰ এক নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা গোপাল চন্দ্ৰ শৰ্মাই ১৯৫৪ চনত মেট্ৰিকুলেচন পৰীক্ষা পাছ কৰি পৰৱৰ্তী সময়ত শিক্ষাৰ্থী জীৱন সাং কৰি অসম চৰকাৰৰ কৃষি বিভাগত এগৰাকী কৰ্মচাৰী হিচাপে যোগদান কৰি ১৯৬০ চনত উত্তৰ লখিমপুৰত সহকাৰী কৃষি পৰিদৰ্শকৰ পদত যোগদান কৰি শেষত তেজপুৰস্হ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা ১৯৯৪ চনৰ ৩১ মাৰ্চত কৃষি পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওত:প্ৰোত ভাবে জৰিত শৰ্মা এগৰাকী প্ৰসিদ্ধ ভাওনা শিল্পী আৰু মঞ্চ নাটকৰ সৈতেও জড়িত হোৱাই নহয় অৱসৰ গ্ৰহণৰ পিছত অসম গণ পৰিষদ দলৰ সৈতেও জড়িত হৈ মাজগাঁও আঞ্চলিক অগপৰ সভাপতি হিচাপেও ৰাজনৈতিক ক্ষেত্ৰৰ পৰা সেৱা আগবঢ়াইছিল। চাকৰি জীৱনৰ আৰম্ভণিৰ সময়চোৱাত অবিভক্ত দৰং জিলাৰ মাজবাটত কেবাখনো নাটকত মহিলাৰ অভিনয় কৰা শৰ্মাই মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানত “ৰাম বিজয়” নাটকত সীতাৰ চৰিত্ৰ ৰূপায়ণ কৰি এগৰাকী অভিনয় শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ মাজতেই বাণ থিয়েটাৰৰ সৈতে জড়িত হৈ বাণ থিয়েটাৰৰ ছোঁঘৰ পৰিচালক, মঞ্চাধ্যক্ষৰ লগতে বাণ থিয়েটাৰৰ পূজা সমিতিৰ সম্পাদকৰ দায়িত্বত থাকি বাণ থিয়েটাৰৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত অহোপুৰুষাৰ্থ কৰি অহাৰ লগতে সকলো নাটকৰে সফল মঞ্চায়নৰ এগৰাকী একনিষ্ঠ সেৱক হৈ পৰিছিল। সেইখিনি সময়তে নটসূৰ্য্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মঞ্চকোঁৱৰ চন্দ্রধৰ গোস্বামী, তুলসী দাস, কুলেন শৰ্মা, ভোলা কলিতা, দেৱেন শৰ্মা আদিৰ সান্নিধ্যত “নীলাম্বৰ”, “চাহ জাহান” আদি অসংখ্য নাটকত অভিনয় কৰিছিল। বাণ থিয়েটাৰত মহিলাৰ সহ অভিনয়ৰ চৰিত্ৰ ৰূপায়ণ কৰি এক ইতিহাস ৰচনা কৰা এগৰাকী নিষ্ঠাবান নাট্য সংগঠক গোপাল শৰ্মা মাজগাঁও ৰঙালী বিহু সমিতিৰ ১৬ বছৰ ধৰি সভাপতিৰ দায়িত্বত থকাৰ লগতে শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ এসময়ৰ সম্পাদক আৰু সভাপতিৰ দায়িত্বত, উত্তৰ আঞ্চলিক শিশু বিকাশ কেন্দ্ৰৰ সভাপতি, চাৰিদুৱাৰ ব্ৰাহ্মণ সমাজৰ উপসভাপতি, সভাপতি, শোণিতপুৰ জিলা ব্ৰাহ্মণ সমাজৰ উপ সভাপতি, দা ধৰা বামুণ চুবুৰী নামঘৰ আৰু গাওঁ উন্নয়ন সমিতিৰ সভাপতি, মাজগাঁও আৱাসগৃহ পানী যোগান আঁচনিৰ সভাপতিকে ধৰি বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ এসময়ৰ নেতৃত্ব বহনকাৰী এইগৰাকী সৰবৰহী সমাজকৰ্মী, শিল্পীয়ে ছাত্ৰ সংঘ নামৰ এক অনুষ্ঠানৰ জন্ম দি সেই অনুষ্ঠানটিৰ জৰিয়তে তাহানিতেই “মুক্তি” নামৰ এখন আলোচনীও প্ৰকাশ কৰি সেই আলোচনীত নিয়মীয়াকৈ লেখা মেলাত জড়িত হৈ বিশেষকৈ এগৰাকী গল্পকাৰ আৰু কবি হিচাপেও পাৰদৰ্শিতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। ইয়াৰ আলমতে পৰৱৰ্তী সময়ত “পৰিভ্ৰমী মন” শীৰ্ষক এখন গল্প আৰু কবিতা পুথিও প্ৰকাশ কৰি উলিয়াইছিল শৰ্মাই। এনে এগৰাকী সৰবৰহী, সমাজকৰ্মী, শিল্পীৰ পৰলোকপ্ৰাপ্তিৰ বতৰা পোৱাৰ পিছতেই আজি পুৱা বাসগৃহত  শোকাকুল জনতাৰ ভীৰ পৰিলক্ষিত হয়। বাসগৃহতে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত লগতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা, বিজেপিৰ গাভৰু মণ্ডলৰ সভাপতি জয়ন্ত কুমাৰ বৰা, মাজগাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা ৰেখা বৰুৱাকে ধৰি অসংখ্য ব্যক্তি – অনুষ্ঠানে নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত পত্নী সুচিত্ৰা শৰ্মা, সাংস্কৃতিক কৰ্মী তথা অগপৰ মাজগাঁও পঞ্চায়তৰ সদস্য পুত্ৰ হীৰকজ্যোতি শৰ্মা, বিবাহিত কন্যা, জোৱাঁইকে ধৰি অসংখ্য আত্মাীয় স্বজন আৰু গুণমুগ্ধক এৰি যোৱা গোপাল চন্দ্ৰ শৰ্মাৰ কায়িক অবৰ্তমানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীয়ে, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, অগপৰ তেজপুৰ জিলা সমিতিৰ সভাপতি ৰাতুল কুমাৰ নাথ, মহাদেৱ শৰ্মা শাখা সাহিত্য সভা, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভা, বাণ থিয়েটাৰ, শোণিতপুৰ প্ৰেছ ক্লাব, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, শোণিতপুৰ জিলা সাংবাদিক সন্থা, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভা, চাৰিদুৱাৰ ব্ৰাহ্মণ সমাজ আদি বিভিন্ন ব্যক্তি – অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। দুপৰীয়া স্হানীয় দ’লগুৰি শ্মশানত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন হয় এইগৰাকী প্ৰবীণ শিল্পীৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More