তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, লেখক, সাংস্কৃতিক কৰ্মী কুলেন্দ্ৰ মোহন দাসৰ পৰলোকপ্ৰাপ্তি

বিভিন্ন ব্যক্তি - অনুষ্ঠানৰ শোক প্ৰকাশ

0 34

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নবেম্বৰঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ বামুণ চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, লেখক তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কুলেন্দ্ৰ মোহন দাসৰ কালি বিয়লি প্ৰায় ৩ – ৪৫ বজাত গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত ৬২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত স্হানীয় অঞ্চলৰ লগতে তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৬০ চনত জন্মগ্ৰহণ কৰা আৰু এসময়ৰ কৃতী শিক্ষক মহেন্দ্ৰ দাস আৰু কৃতী শিক্ষয়িত্ৰী সুমিত্ৰা দাসৰ দ্বিতীয় পুত্ৰ দাসে ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দি সুখ্যাতিৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ এক্সটেনশ্যন অফিচাৰ হিচাপে যোগদান কৰি ৰাজ্যখনৰ বিভিন্ন জিলাত দক্ষতাৰ চাকৰি জীৱন পাৰ কৰি পদোন্নতি হৈ প্ৰথমে সহকাৰী প্ৰবন্ধক আৰু তাৰ পৰৱৰ্তী সময়ত উক্ত বিভাগৰে সহকাৰী সঞ্চালকৰ পদলৈ পদোন্নতি হৈ ২০২০ চনত অৱসৰ গ্ৰহণ কৰিছিল। সত্ৰীয়া সংস্কৃতিৰ লগতে শিল্পকলা ক্ষেত্ৰখনৰ এগৰাকী সচেতন সাংস্কৃতিক কৰ্মী হিচাপে “স্বপ্ন ভংগ” কে ধৰি বহুকেইখন নাটক ৰচনাৰ উপৰি “প্ৰান্তিক”কে ধৰি বহু কাকত-আলোচনীত চিন্তাগধূৰ প্ৰবন্ধ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰালো চহকী কৰা দাসে শেহতীয়াকৈ “মোৰ লেখা” শীৰ্ষক এখন প্ৰবন্ধ সংকলনো প্ৰকাশ কৰি উলিয়াইছিল। স্হানীয় শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি, ডিপোটা কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ কেবাটাও কাৰ্যকালৰ বিষয়ববীয়া, ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰৰ সাহিত্য বিভাগৰ সম্পাদক, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ বহুকেইটা কাৰ্যকালৰ কাৰ্যনিৰ্বাহক সদস্য আৰু ২০১০ বৰ্ষৰ হীৰক জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ “বৃন্দাবন” ৰ সম্পাদকৰ দায়িত্বত থাকি সমাজৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণ আৰু বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা কুলেন্দ্ৰ মোহন দাসৰ নশ্বৰ দেহ বাসগৃহ আহি পোৱাৰ পিছত আজি পুৱা এক শোকাকুল পৰিবেশে বিৰাজ কৰে। নশ্বৰ দেহত মিলন বাকৰি ৰাস মহোৎসৱ সমিতি, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভা, ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰ, শংকৰদেৱ শিশু নিকেতন, শইকীয়া চুবুৰী মজলীয়া বিদ্যালয়, ডিপোটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক – শিক্ষাৰ্থী, মিলনপুৰৰ প্ৰত্যেকখন চুবুৰীৰ ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে মৃত্যুৰ সময়ত পত্নীৰ লগতে এটি পুত্ৰ, এগৰাকী কন্যা, চিকিৎসক জ্যেষ্ঠ ভাতৃ ডাঃ শৈলেন্দ্ৰ মোহন দাস, বিবাহিত ভগ্নীকে ধৰি অসংখ্য গুণমুগ্ধক এৰি থৈ যোৱা দাসৰ মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ সভাপতি কুলেন শইকীয়া, সম্পাদকদ্বয় ৰাজু বৰা, অপূৰ্ব বৰা, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সভাপতি ৰবীন্দ্ৰ বৰা, সম্পাদক প্ৰশান্ত কুমাৰ দাস, শইকীয়া চুবুৰী মজলীয়া বিদ্যালয় পৰিচালনা সমিতি, ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰ, মিলনপুৰ শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নকে ধৰি বিভিন্ন ব্যক্তি অনুষ্ঠানে শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে নশ্বৰ দেহ আজি শেষ কৃত্য সম্পন্ন হয় নিজৰ গাঁৱৰে নৱনিৰ্মিত ৰাজহুৱা শ্মশানত। উল্লেখ্য যে স্হানীয় আঞ্চলিক পঞ্চায়তৰ সদস্য খঞ্জন শইকীয়াই আনুষ্ঠানিক ভাৱে এই ৰাজহুৱা শ্মশান উদ্বোধন কৰাৰ পিছত প্ৰথমবাৰৰ কাৰণে প্ৰথমগৰাকী ব্যক্তি হিচাপে শেষ কৃত্য সম্পন্ন হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More