তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন উপ পৌৰপতি হৰদত্ত হাজৰিকাৰ দেহাৱসান

বিভিন্ন ব্যক্তি - অনুষ্ঠানৰ শোক প্ৰকাশ

0 15

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৬ ফেব্ৰুৱাৰী:IMG 20230226 WA0051 বিশিষ্ট সমাজকৰ্মী, কেন্দ্ৰীয় শ্ৰমিক শিক্ষা উন্নয়ন পৰিষদৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক সঞ্চালক, প্ৰবীণ অধিবক্তা, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি, বিজেপি দলৰ দীঘলীয়া সময়ৰ নিষ্ঠাবান সদস্য তথা তেজপুৰ ঊষানগৰ নিবাসী হৰদত্ত হাজৰিকাৰ কালি নিশা প্ৰায় ১০ – ৩০ বজাত সৰু জীয়াৰীৰ তেজপুৰৰ মাজগাঁৱৰ বাসগৃহত ৮৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৩৪ চনৰ ১ মাৰ্চত নলবাৰী জিলাৰ বৰভাগৰ কালাগ হাটখোলাত জন্মগ্ৰহণ কৰা হাজৰিকাৰ শৈশৱ কালৰ কাহিনী অতি বিচিত্ৰ আৰু সংগ্ৰামপূৰ্ণ। ১২ বছৰ বয়সতে কোনো বিশেষ পৰিস্থিতিত ঘৰৰ পৰা ওলাই আহি মানুহৰ ঘৰত বনকৰা ল’ৰা হিচাপে থাকি শ্বিলঙৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ সফলতাৰে উচ্চ শিখৰত অৱৰ্ত্তীণ হৈ কেন্দ্ৰীয় শ্ৰমিক শিক্ষা উন্নয়ন পৰিষদত যোগদান কৰি আঞ্চলিক সঞ্চালকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰি বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত হৈ পৰে। চাকৰি জীৱনৰ সময়ছোৱাতে তেজপুৰৰ ঊষানগৰত স্থায়ী ভাৱে থাকিবলৈ লোৱা হাজৰিকা এগৰাকী সু অভিনেতা হিচাপেও পৰিগণিত হৈছিল । বিভিন্ন মঞ্চ নাট, ভাওনাৰ এগৰাকী দক্ষ অভিনেতা আৰু ভাৱৰীয়া হাজৰিকাই শকুনিৰ প্ৰতিশোধ নাটকত শকুনিৰ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰি এসময়ত সকলোকে মুগ্ধ কৰিছিল। ইয়াৰ মাজতেই ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত হৈ তেজপুৰ পৌৰসভাৰ ১৬ নং ৱাৰ্ডৰ পৌৰ সদস্য হিচাপে নিৰ্বাচিত হৈ উপ পৌৰপতিৰ আসন অলংকৃত কৰা মৃদুভাষী, সৎ, নিকা, কৰ্তব্য পৰায়ণ, পৰোপকাৰী, সৰবৰহী গুণৰ অধিকাৰী হাজৰিকা কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ হিচাপে অৱসৰ গ্ৰহণ কৰি তেজপুৰ আদালতত ওকালতিৰ জীৱনো আৰম্ভ কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত জনপ্ৰিয় বিজেপিৰ অবিভক্ত শোণিতপুৰ জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, উপসভাপতি, তেজপুৰ আঞ্চলিক সাহিত্য মঞ্চৰ এসময়ৰ সভাপতি, তেজপুৰ আঞ্চলিক ক্ৰীড়া বিকাশ কেন্দ্ৰৰ প্ৰাক্তন সভাপতি, দৌলগুৰি শান্তিধাম উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি, বৃহত্তৰ ঊষানগৰ সুৰক্ষা সমিতিৰ সভাপতি, তেজপুৰ আঞ্চলিক বিহু সন্মিলন, তেজপুৰ উকীল সন্হা, ঊষানগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ এসময়ৰ সভাপতিকে ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত এইগৰাকী সৰবৰহী, সমাজকৰ্মী বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ কিছুদিন বাসগৃহতে চিকিৎসাধীন হৈ আছিল।হৰদত্ত হাজৰিকাৰ মৃত্যুত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা,বাণ থিয়েটাৰ, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাতাচ ওৰাং, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।আনহাতে সমাজকৰ্মী, ৰাজনীতিক গৰাকীৰ নশ্বৰ দেহ পুৱা ঊষানগৰ বাসগৃহলৈ অনাৰ পিছত বাসগৃহত শোণিতপুৰ বিজেপিৰ জ্যেষ্ঠ নেতা বিশ্বদেৱ ভট্টাচাৰ্য, বিজেপি নেতা দ্বিপেন নাথ, তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, বাণ থিয়েটাৰৰ মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, শোণিতপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দুল গোস্বামী, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অনিল ডেকা, ১৬ নং ৱাৰ্ডৰ পৌৰ সদস্যা সান্তনা বিশ্বাস, পৌৰ সদস্যা মৰমী শইকীয়া, মধুস্মিতা হাজৰিকা, তেজপুৰ আঞ্চলিক ক্ৰীড়া বিকাশ কেন্দ্ৰৰ দিলীপ কাকতি আদিয়ে নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে এইগৰাকী সমাজকৰ্মী, ৰাজনীতিকৰ দুপৰীয়া অসংখ্য গুণমুগ্ধৰ উপস্থিতিত সুদীৰ্ঘকাল নিজে জড়িত হৈ থকা দৌলগুৰি শান্তিধামত শেষ কৃত্য সম্পন্ন হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More