লক্ষীমপুৰৰ কেৰকেৰ ঘাটত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ

মিচিং সংস্কৃতিৰ সুবাস লৈ আপ্লুত বিদেশী পৰ্যটক

0 214

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী : ‘এম ভি গংগা বিলাস’— বিশ্বৰ আটাইতকৈ দীঘলীয়া (কেৱল নদী) বিলাসী ক্ৰুজ। ভাৰতত নিৰ্মিত এই প্ৰমোদতৰী উত্তৰ প্ৰদেশৰ বাৰাণসীৰপৰা বাংলাদেশ হৈ অসমৰ বগীবিললৈকে যাত্ৰা। প্ৰায় ৩ হাজাৰ ২০০ কিলোমিটাৰ জলপথ অতিক্ৰম কৰিবলৈ সময় লাগিব ৫১ দিন লাগিব। এই নদী যাত্ৰা পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘলীয়া যাত্ৰা। প্ৰায় দুমাহৰ এই ভ্ৰমণৰ বাবে এজন পৰ্যটকে ভাৰতীয় মুদ্ৰাৰ হিচাপত ২০ লাখ টকাকৈ ব্যয় কৰিবলগা হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰা ‘এম ভি গংগা বিলাস’ আজি পুৱা নাৰায়ণপুৰৰ কেৰেকৰ ঘাটত উপস্থিত হয়।

IMG 20230226 WA0008ভাৰত আৰু বাংলাদেশৰ কেইবাখনো নদীৰ জলপথ অতিক্ৰমি এই ৰিভাৰ ক্ৰুজখন লক্ষীমপুৰ জিলাৰ কেৰকেৰ ঘাটত উপস্থিত হয়হি। পুৱা প্ৰায় ১০ বজাত কেৰকেৰ ঘাটৰপৰা ২০০ মিটাৰ নিলগত এম ভি গংগা বিলাসে লংগৰ পেলায় আৰু প্ৰশাসনে সৰু ফেৰী এম ভি লোহিতেৰে পৰ্যটকসকলক পাৰলৈ লৈ আহে। পাৰত উপস্থিত হোৱাৰ লগে-লগে পৰ্যটকসকল গায়ন-বায়নেৰে আগবঢ়াই অনাৰ লগতে গামোচা আৰু সৰুদৈয়া জাপিৰে আদৰণি জনোৱা হয় ৷

IMG 20230226 WA0009কেৰকেৰ ঘাটত লক্ষীমপুৰ জিলা প্ৰশাসনে আয়োজন কৰা আদৰণী অনুষ্ঠানত বিহুনাচ আৰু মিচিংসকলৰ জাতীয় নৃত্য গুমৰাগ প্ৰত্যক্ষ কৰি বিদেশী পৰ্যটকসকলে আনন্দ প্ৰকাশ কৰে ৷ দলটোৰ কেইবাগৰাকীও সদস্য ঐনিতমৰ সুৰত আকৰ্ষিত হৈ স্থানীয় যুৱতীৰ লগত গুমৰাগ নাচি আনন্দত আত্মহাৰা হৈ পৰে ৷ আদৰণী অনুষ্ঠানৰ পাছতে পৰ্যটকসকলক মিচিং জনগোষ্ঠী অধ্যূষিত কেৰকেৰ গাঁও পৰিদৰ্শন কৰোৱা হয়। চাংঘৰত উঠি তেওঁলোকে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় আৰু খাদ্যসম্ভাৰৰ জুতি লৈ অসমৰ জনগোষ্ঠীয় বৈশিষ্ট্যই তেওঁলোকক মোহিত কৰাৰ কথা প্ৰকাশ কৰে। স্থানীয় মিচিং মহিলাই টাকুৰীৰে সূতা কটা, উৰালত ধান খুন্দাৰ আপুৰুগীয়া দৃশ্য প্ৰত্যক্ষ কৰি বিদেশী পৰ্যটকসকল আহ্লাদিত হয় ৷ নৈপৰীয়া মিচিং জনগোষ্ঠীৰ জীৱন-শৈলী তথা পৰম্পৰা প্ৰত্যক্ষ কৰি পৰ্যটকৰ দলটো অভিভূত হৈ জনগোষ্ঠীটোৰ বৰ্ণিল সংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰে। কেৰকেৰ ঘাটত জিলা প্ৰশাসনে আয়োজন কৰা প্ৰদৰ্শনীত মৌবাহ-মৌচাক , বিভিন্ন সা-সামগ্ৰী , কাৰুকলা , জনগোষ্ঠীয় কাপোৰ পৰ্যটকসকলে প্ৰশংসা কৰা দেখা গ’ল ৷ প্ৰায় তিনিঘণ্টা ধৰি কেৰকেৰ ঘাট আৰু কেৰকেৰ গাঁৱত আতিথ্য লাভ কৰি পৰ্যটকসকলে পুনৰ এম ভি গংগা বিলাসেৰে মাজুলী অভিমুখে যাত্ৰা আৰম্ভ কৰে ৷ উল্লেখ্য যে এম ভি গংগা বিলাস তথা বিদেশী পৰ্যটকৰ দলটিক চাবলৈ কেৰেকেৰ ঘাটত পাঁচ সহস্ৰাধিক লোকৰ সমাগম ঘটে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More