তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ তৎপৰতাত শিশু কল্যাণ পৰিষদৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

বিনামূলীয়া ঔষধ বিতৰণ

0 16

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ মে’: তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ অধ্যক্ষতাত গঢ় লৈ উঠা ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ উদ্যোগত কালি ৰ পুৱা ১০ বজাৰ পৰা তেজপুৰৰ চানমাৰীৰ সমীপৰ শঙ্কৰ নগৰ উন্নয়ন সমিতৰ নামঘৰ প্ৰাঙ্গণ এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ সম্পন্ন কৰে ৷ শিশু কল্যাণ পৰিষদৰ বিষয়ববীয়াৰ উপস্থিতিত এই শিবিৰত চিকিৎসক ডাঃ তুলতুল মুখাৰ্জী আৰু ডাঃ নিয়ৰ দাসে শিশু, মহিলা আৰু পুৰুষকে ধৰি কেবা শতাধিক লোকৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰে৷ এই শিবিৰত ৰোগীসকলক যাৱতীয় দিহা পৰামৰ্শৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হয়৷ শঙ্কৰ নগৰ নামঘৰ উন্নয়ন সমিতৰ সভাপতি পৰেশ চৌধুৰী, সম্পাদক ৰঞ্জিত কুমাৰ বৰ্মণ, আৰু স্থানীয় বহু লোকৰ সহায় সহযোগিতাৰে এই শিবিৰৰ সামৰণি পৰে৷ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সভাপতি, বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীৰ সামাজিক দায়বদ্ধতাৰ মন্ত্ৰই পৰিষদৰ সদস্য সকলক সদায় উদ্বুদ্ধ কৰি অহাৰ ফলতে ধাৰাবাহিক ভাৱে এনে ধৰণৰ স্বাস্থ্য পৰীক্ষা তথা সজাগতা শিবিৰৰ আয়োজন কৰি অহাটো ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সদস্যসকলৰ বাবে সম্ভৱ হৈছে বুলি পৰিষদৰ তেজপুৰ শাখাৰ সচিব মৃণালিনী বৰা আৰু কোষাধক্ষ বিনু ভূঞাই সদৰী কৰে৷ শিবিৰত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ বহু কেইগৰাকী সদস্যা উপস্থিত থাকি অনুষ্ঠানটি সুচাৰুৰূপে সামৰণি পৰাত সহায় কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More