তেজপুৰৰ মহাভৈৰৱ মন্দিৰত কেক কাটি দেৱাদিদেৱ শিৱৰ জন্মদিন পালন ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ

ক্ষুন্ন ভক্তপ্ৰাণ ৰাইজঃতীব্ৰ সমালোচনা

0 51
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ফেব্ৰুৱাৰীঃ দেশৰ লগতে ৰাজ্যৰ লাখ লাখ শিৱভক্তই শিৱৰাত্ৰি উপলক্ষে সভক্তিৰে মহেশ্বৰৰ পূজা অৰ্চনা কৰাৰ সময়ত তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত স্হানীয় কেতেকীবাৰীস্হিত ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ব বিদ্যালয়ৰ শাখাৰ একাংশ কৰ্মকৰ্তাই কেক কাটি ভগৱান ৰুদ্ৰৰ জন্মদিন পালন কৰাৰ অদ্ভুত কাণ্ডকলৈ তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,ৰাজ্যখনৰ অন্যতম শৈৱপীঠ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে যথেষ্ট দৰ্শনাৰ্থীৰ আগমন ঘটে৷এইবাৰ মন্দিৰ চৌহদত কোনোধৰণৰ ব্যৱসায়িক স্তল মুকলিৰ অনুমতি দিয়া হোৱা নাছিল য’দিও কেতেকীবাৰীৰ ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয়ে প্ৰচাৰৰ বাবে এটা অস্হায়ী ষ্টল মন্দিৰ চৌহদতে স্হাপনৰ অনুমতি লাভ কৰিছিল৷কালি পুৱাৰে পৰা ঐতিহ্যমণ্ডিত মন্দিৰটোলৈ দৰ্শনাৰ্থীৰ আগমন ঘটাৰ বিপৰীতে ব্ৰহ্মকুমাৰীৰ ষ্টলত ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয়ৰে জড়িত একাংশই এটা কেক কাটি মহাদেৱ শিৱৰ জন্মদিন পালন কৰে৷লক্ষ্যণীয় ভাবে কেক কাটি তেওঁলোকৰ একোগৰাকীয়ে আন একোগৰাকীক খুৱাই দিয়া কাৰ্যৰ সময়ত ইয়াত উপস্থিত আছিল মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক মুনিন বৰুৱাও৷সম্পাদক বৰুৱাই আনকি প্ৰথম অৱস্থাত এই ঘটনাৰ সলাগো লৈছিল৷কিন্তু এই অদ্ভুত কাণ্ড দেখি পৰিচালনা সমিতিৰ আন সদস্য সকল ক্ষোভিত হৈ উঠে আৰু সম্পাদক বৰুৱাক ইয়াৰ বাবে জৱাব দিহি কৰে৷পাছত বিষয়টোকলৈ পৰিছালনা সমিতিৰ এখন সভাও অনুষ্ঠিত হয় আৰু বিষয়টোৰ এক তদন্ত দাবী কৰে৷ইপিনে ইয়াৰ পাছতে ব্ৰহ্মকুমাৰীৰ সেই ষ্টলো বন্ধ কৰি দিয়া হয়৷ভৱিষ্যতেও তেওঁলোকক ইয়াত ষ্টল খুলিবলৈ দিয়া নহ’ব বুলি প্ৰকাশ কৰিছে পৰিচালনা সমিতিৰ ক্ষুব্ধ সদস্য সকলে৷ এই ঘটনাৰ বিষয়ে জানিব পাৰি দৰ্শনাৰ্থীৰ লগতে ৰাইজৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ইতিমধ্যে সামাজিক মাধ্যমতো সমালোচনাৰ জোঁৱাৰ উঠিছে আৰু শিৱভক্ত সকলে দেৱাদিদেৱৰ জন্ম মাহ হিচাপে শাওণ মাহক মানি অহাৰ বিপৰীতে ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ বিষয়ববীয়া আৰু সদস্যা সকলে শিৱৰাত্ৰি শিৱৰ জন্মদিন বুলি ক’ত পালে সেইলৈও প্ৰশ্ন উঠিছে৷ইপিনে প্ৰথম অৱস্থাত কেক কটা কাৰ্যৰ প্ৰশংসা কৰা মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক বৰুৱাই পাছত স্হিতি সলাই কেককটাৰ বিষয়ে গমেই পোৱা নাছিল বুলি মন্তব্য কৰিছে৷উল্লেখযোগ্য কেক কটাৰ সময়ত কিন্তু তেওঁ প্ৰথম শাৰীতে থাকি এই কাৰ্যৰ অংশীদাৰ হৈছিল৷ইপিনে এই সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি এনে কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্যা তথা তেজপুৰৰ এগৰাকী নেতৃস্থানীয় মহিলা অঞ্জলি কলিতাই৷সংঘটিত বিষয়টো মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা শোণিতপুৰৰ উপায়ুক্তক অৱগত কৰি ইয়াৰ এক তদন্তৰ ব্যৱস্থা কৰাৰ বাবে অপেক্ষা কৰিছে পৰিচালনা সমিতিৰ একাংশ ক্ষুব্ধ সদস্যই৷ৰাজ্য তথা তেজপুৰৰ অন্যতম শিৱ মন্দিৰ মহাভৈৰৱ মন্দিৰত সংঘটিত এই ঘটনাকলৈ ব্যাপক চৰ্চা তেজপুৰত চলাৰ লগতে কালিৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে সৰ্বসাধাৰণে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More