তেজপুৰৰ লেচুৰ চাহিদা বৃদ্ধি

জুনত তেজপুৰৰ পৰা লণ্ডনলৈ প্ৰেৰণ কৰা হ’ব সাত কুইণ্টল লিচু

0 61

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯মে’: লণ্ডনলৈ ৰপ্তানি হ’ব তেজপুৰৰ লিচু৷ ইতিমধ্যে দেশৰ লগতে বিদেশতো বিশেষ ভাবে সমাদৃত হোৱা তেজপুৰৰ সোৱাদযুক্ত লিচুৰ বজাৰখন দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে আৰু এইবাৰ জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ বাবে সাজু হৈছে লিচু ব্যৱসায়ী সকল৷ উল্লেখযোগ্য যে, ইতিমধ্যেই ইয়াৰ বাবে যোগাযোগ চলাৰ লগতে কালি এইসন্দৰ্ভত স্থানীয় লিচু কৃষক একাংশৰে এক আলোচনা হৈ গৈছে বুলি প্ৰকাশ কৰিছে শোণিতপুৰ প্ৰশাসনৰ এক সূত্ৰই৷ উল্লেখযোগ্য যে, ২০১৫ত তেজপুৰৰ লিচুৱে জি আই টেগ লাভ কৰিছাল ইয়াৰ আঞ্চলিক বৈশিষ্ট্য্যতাৰ বাবে৷ যোৱা বছৰত দুই এবিধ লিচুৰ বাহিৰে বাকী লিচু সমূহ প্ৰচুৰ পৰিমাণে লাগিছিল আৰু যোৱাবছৰটোতো তেজপুৰৰ লিচু বিদেশলৈ ৰপ্তানি কৰা হৈছিল৷ উল্লেখযোগ্য যে, তেজপুৰৰ পৰোৱাৰ ২৫বিঘা মাটিত থকা পুৰণা লিচু বাগিছাখনৰ লগতে সমীপত আন এখন বৃহৎ লিচু বাগিছা আছে৷ তদুপৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰ চহৰত স্থাপন কৰা লিচু বাগিচা খনৰ লিচুও ইয়াৰ ৰসাল, মঙহাল আৰু সোৱাদৰ বাবে বিখ্যাত৷ কিন্তু এইবাৰ একাধিক লিচু বাগিছাত পূৰ্বৰ তুলনাত লিচু কমকৈ লাগিছে৷ উল্লেখযোগ্য যে, তেজপুৰত ছয়-সাত বিধ ভিন্ন প্ৰকাৰৰ লিচু পোৱা যায় আৰু ইয়াৰ আটাইৰে সোৱাদ যথেষ্ট৷ ইপিনে তেজপুৰ পৌৰসভা অধীনৰ লিচুবাগিছাখনকলৈ সম্প্ৰতি এক গোচৰ আদালতত চলি আছে৷ দীৰ্ঘদিনৰ বাবে লিজত লোৱা ব্যৱসায়ীৰ বিপৰীতে সম্প্ৰতি তেজপুৰ পৌৰসভাই এইখন লিচু বাগিছা নতুনকৈ আনক আৱন্তন দিছে৷ প্ৰকৃততে নতুনকৈ এজন ব্যক্তিৰ নামত লিচু বাগিছাখন আবণ্টন হ’লেও আৰত আন একাংশইহে লিচু বাগিছাখনৰ লিচুকলৈ ব্যৱসায় কৰিছে সম্প্ৰতি৷ এনে অৱস্থাৰ বিপৰীতে পূৰ্বে লিজত লোৱা পৰিয়াটোৱে তেওঁলোকৰ লিজৰ ম্যাদ উকলাৰ পূৰ্বেই আনক লিজত দিয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে৷ এনে অৱস্থাত আদালতত লিচু বাগিছাখনকলৈ আদালতত গোচৰ চলি থকা অৱস্থাত ইয়াৰ লিচু কোনে বিক্ৰী কৰিব বা এই লিচু বিক্ৰী কৰিব পৰা হ’বনে নাই সেইলৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷ ইয়াৰ মাজতে তেজপুৰৰ পৰা মুঠ সাত কুইণ্টল লিচু লণ্ডনৰ বজাৰৰ বাবে বিচৰা হৈছে৷ এনে অৱস্থাত স্থানীয় লিচু ব্যৱসায়ী সকলে সন্মিলিত ভাবে এনে পৰিমাণৰ লিচু বিক্ৰীৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু জুনৰ পহিলা সপ্তাহৰ ভিতৰতে তেজপুৰৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ সম্ভাৱনা আছে৷ ইপিনে প্ৰতি বছৰে লিচুৰ উৎপাদনত প্ৰাকৃতিকভাবেই কিছু তাৰাতময ঘটে বুলি প্ৰকাশ কৰিছে লিচু খেটিয়ক সকলে৷ তেওঁলোকে কয় যে, যি বছৰ লিচু অধিক পৰিমাণে লাগে, ইয়াৰ পিছৰ বছৰত এই পৰিমাণ হ্ৰাস পাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More