তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিচা মুক্তি উপচাৰ সুবিধা (এ টি এ এফ) উদ্ঘাটন

0 158
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ সামাজিক ন্যায় আৰু অধিকাৰীক মন্ত্ৰালয়ৰ মুখ্য বিষয় “নিচা মুক্ত ভাৰত” ৰ তত্বাৱধানত ভাৰ্চুৱেল মাধ্যমত সমগ্র দেশতে আজি ২৫ টাকৈ নিচা মুক্তি উপচাৰ সুবিধা (ATAF) কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। এই কেন্দ্ৰ স্থাপনৰ অংশ হিচাপে আজি তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানটো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এটা কেন্দ্ৰ স্থাপন কৰা হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত এই কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰিয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যনন্দ ৰায়ৰ লগতে ডা০ বীৰেন্দ্র কুমাৰ, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু অধিকাৰীতা মন্ত্ৰী এ নাৰায়নস্বামী আৰু ভালে সংখ্যক বিশিষ্ট ব্যক্তি। ডা০ আম্বেদকাৰ ইন্টাৰনেচনেল (DAIEC), জনপথ, নতুন দিল্লীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ তেজপুৰৰ স্বাস্থ্য প্ৰতিষ্ঠানত এই উদঘাটন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্র, আৰক্ষী উপ অধীক্ষক, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্হ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডা০ শৈলেন্দ্ৰ কুমাৰ দেউৰী, সহ অধ্যাপক, মনোৰোগ বিভাগ তথা উপ sanchalok ডা০ হেমন্ত দত্ত, অধীক্ষক ডা০ জ্যোতি হাজৰিকাকে ধৰি বিভিন্ন বিভাগৰ মূৰব্বী, প্ৰতিষ্ঠানৰ ছাত্র-ছাত্ৰী আৰু কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More