তেজপুৰৰ সবিতা দাসলৈ মধ্যপ্ৰদেশ সাহিত্য অকাডেমিৰ “অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান”

0 18

শতাব্দ ষ্টফ ৰিপটাৰ তেজপুৰ, ৯ আগষ্ট : মধ্যপ্ৰদেশ সাহিত্য অকাদেমীয়ে আগবঢ়োৱা “অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান” কবিতাৰ শিতানত এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ সবিতা দাস নামৰ এগৰাকী কবি তথা লেখিকাই। উল্লেখ্য যে যোৱা যোৱা ২৫ জুলাই মঙলবাৰে স্থানীয় ৰবীন্দ্ৰ ভৱনৰ অঞ্জনী প্ৰেক্ষাগৃহত মধ্যপ্ৰদেশ সাহিত্য অকাডেমী, ভোপালৰ উদ্যোগত বিগত বছৰবোৰৰ বাবে ঘোষণা কৰা বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। একাডেমীৰ সভাপতি ড০ বিকাশ ডেভে কয় যে যোৱা চাৰি বছৰৰ বাকী থকা বঁটাসমূহ এই কাৰ্যসূচীত প্ৰদান কৰা হৈছে। স্থানীয় আৰু সমগ্ৰ ভাৰতৰ লগতে মধ্যপ্ৰদেশৰ ছটা উপভাষাৰ বাবে দিয়া মুঠ ১২১টা বঁটাৰ ভিতৰত ২০২০ বৰ্ষৰ বাবে “অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী (কবিতাৰ সন্মান)”ৰে অসমৰ লেখিকা সবিতা দাসক সম্মানিত কৰা হয়। এই বঁটাত আছে এখন চাদৰ, শ্ৰীফল আৰু প্ৰশস্তি পত্ৰৰ লগতে নগদ এক লাখ টকা। এই বঁটা সবিতা দাসক তেওঁৰ কবিতা সংকলন “কিনাৰে পৰ আকৰ”ৰ বাবে প্ৰদান কৰা হয়। উল্লেখ্য যে, সবিতা দাসে বিগত সময়চোৱাত সৰ্বভাৰতীয় পৰ্যায়ত সাহিত্যৰ ক্ষেত্ৰত এক বিশেষ পৰিচয় গঢ়ি তুলিছে। অসমৰ তেজপুৰ চহৰত জন্মগ্ৰহণ কৰা আৰু অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিও হিন্দীৰ প্ৰতি নিষ্ঠাবান হৈ থাকি হিন্দী সাহিত্য সৃষ্টিত জড়িত হৈ থকা সবিতাই কবিতাৰে সাহিত্য সৃষ্টি আৰম্ভ কৰি ক্ৰমান্বয়ে হিন্দীৰ সকলো প্ৰধান শৈলীতে সাহিত্য সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশিত আলোচনী, অক্ষৰা, আজকাল, শ্বাবৰি, সময় সুৰভি অনন্ত, শ্বীৰাজা, বিপাশা আদিত নিয়মিতভাৱে নিজৰ স্থান দখল কৰাত সফল হৈছিল।হিন্দীৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা হিন্দীলৈ অনুবাদৰ কামো ধাৰাবাহিক ভাৱে কৰি অহা সবিতা দাসে ইয়াৰ পূৰ্বেও ‘বিদ্যাবচস্পতি সন্মান’, ‘সৰস্বত সন্মান’, ‘তথাগত বিশিষ্ট সৃজন সন্মান’ৰে সন্মানিত হৈছে। মধ্যপ্ৰদেশৰ এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মধ্যপ্ৰদেশ চৰকাৰৰ সাংস্কৃতিক, পৰ্যটন, ধৰ্মীয় ন্যাস মন্ত্ৰী উষা ঠাকুৰৰ লগতে বিভাগৰ সঞ্চালক অদিতী কুমাৰ ত্ৰিপাঠী, প্ৰসিদ্ধ হিন্দী চিনেমা জগতৰ অভিনেতা আশুতোষ ৰাণা আৰু মধ্য প্ৰদেশ সাহিত্য একাডেমী নিৰ্দেশক ড০ বিকাশ দৱে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More