তেজপুৰৰ সাংসদক সমষ্টি বিচাৰি ফুৰা ফৰিঙৰ দৰে প্ৰাণী বুলি  ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ “সাংসদ পল্লৱ লোচন দাস জাতিৰ,নিজৰ জনগোষ্ঠীৰ বাবেই এক প্ৰতাৰক৷এনে লোকৰ কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷ য’দি সৎসাহস আছে তেনেহলে তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰক৷তেওঁ সমষ্টি বিচাৰি জঁপিয়াই ফুৰা ফৰিঙৰ শ্ৰেণীৰ এক প্ৰাণী৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভৰিত ধৰি কংগ্ৰেছত যোগদান নকৰা হ’লে পল্লৱ লোচন দাস ইমানদিনে কোনো চাহ বাগিছাত চৰ্দাৰ নাইবা লাইনত কাম কৰি থাকিব লগীয়া হ’লহেঁতেন৷পৰৱৰ্তী সময়ত তেওঁ ড° হিমন্ত বিশ্ব শৰ্মাৰ স’তে যৌতুকত যোৱাৰ দৰে গৈ বিজেপিত যোগদান কৰিলে৷” তেজপুৰত আজি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসক এনেদৰে কঠোৰ সমালোচনা কৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে৷তেজপুৰস্হ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত বৰকাকতিৰ লগতে সংবাদমেলত উপস্থিত থাকে জিলাৰ উপ সভাপতি কংকণ শইকীয়া আৰু জিলা সংবাদ বিভাগৰ অধ্যক্ষ দিগন্তজিত দাস ।বৰকাকতিয়ে পুণৰ কয় যে,এসময়ত লাইন বাছৰ শেষৰ আসনত বহি যোৱা পল্লৱ লোচন দাসে এতিয়া উৰাজাহাজত বহিবলৈ পোৱাত তেওঁৰ কথাবতৰা সলনি হৈছে৷তেওঁ শোণিতপুৰৰ ঘোঁৰামাৰীত কোটি টকীয়া সম্পত্তিৰ লগতে জিলাখনৰ বিভিন্ন স্হানত যি পাহাৰ সদৃশ সম্পত্তি গঢ়িছে তাৰ উৎস কি সেয়া স্পষ্ট কৰক বুলিও জিলা কংগ্ৰেছৰ সভাপতি জনে প্ৰত্যাহ্বান জনায়৷২০১১ত একলাখ টকা থকা বুলি শপতনামা দাখিল কৰা পল্লৱ লোচন দাসে ২০১৯ত তেওঁৰ সম্পত্তি এককোটি টকাৰ বুলি উল্লেখ কৰিছে৷এই বিশাল পৰিমানৰ সম্পতি তেওঁ কেনেদৰে আহৰণ কৰিলে সেই সন্দৰ্ভত এক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ আহ্বান জনাই বৰকাকতিয়ে কয় যে,শোণিতপুৰ বা তেজপুৰ লোক সভা সমষ্টিৰ বাবে কোনো অৱদান নথকা আৰু জিলাখনৰ সমস্যাকলৈ সংসদত মাত মাতি নোপোৱা পল্লৱ লোচন দাসৰ নিজৰ কোনো সমষ্টি নায়৷তেওঁ কেতিয়াবা বিহালী,কেতিয়াবা ৰঙাপৰাত জঁপিয়াই ফুৰা এজন ব্যক্তি আৰু তেওঁ এইবাৰ ক’লৈ যায় তাৰ কোনো ঠিক নাই৷ইয়াৰ বাবেই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁ কংগ্ৰেছক সমালোচনা কৰা বুলি উল্লেখ কৰি লগতে বৰকাকতিয়ে কয় যে,কংগ্ৰেছৰৰ কাৰ্যালয় ধুবুৰীত স্হাপন কৰিব লাগে বুলি কোৱা দাসে তেজপুৰত থকা শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ এবাৰ আহি চাওঁক আৰু তাৰ পিছত তেওঁ বুজিব যে তেওঁলোকৰ দিনৰ কংগ্ৰেছ এতিয়া নহয়৷জিলা সভাপতি বৰকাকতিয়ে আৰু কয় যে পল্লৱ লোচন দাস প্ৰকৃততে এজন প্ৰতাৰক৷কংগ্ৰেছ দলক কৰা প্ৰতাৰণাৰ দৰেই তেওঁ নিজ জনগোষ্ঠীৰ বাবেও এক প্ৰতাৰক আৰু সেয়ে তেওঁক চাহজনগোষ্ঠীৰ লোকেও পচণ্ড নকৰে৷সংসদত নিমাতী কন্যাৰ ভাও ধৰা সাংসদজনে তেজপুৰলৈ আহি সংবাদমাধ্যমৰ আগত বৰবৰ কথা কয় বুলি কটাক্ষ কৰি ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ কথা কোৱা পল্লৱলোচন দাসে জ্যেষ্ঠ জনক সন্মান দিব নাজানে বুলি মন্তব্য কৰি বৰকাকতিয়ে কয় যে এইজন সাংসদ ড° হিৰেণ গোঁহাইৰ ভৰিৰ তলৰ ধূলিকণা এটাৰো যোগ্য নহয়৷আনহাতে,শ্ৰম মন্ত্ৰী হৈ থকা সময়তো এইজন পল্লৱলোচন দাসে চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰিব নোৱৰিলে বুলি উল্লেখ কৰি বৰকাকতিয়ে আৰু কয় যে,চাহ জনগোষ্ঠীৰ জনজাতি কৰণৰ ক্ষেত্ৰত মাত মাতিব নোৱৰা এইজন সাংসদৰ সকলো কথাই গুৰুত্বহীন৷এনে গুৰুত্বহীন লোকৰ ভাষ্যত পতিয়ন নাযাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই বৰকাকতিয়ে লগতে কয় যে,বৰ্তমান কংগ্ৰেছে প্ৰতিটো কাম জাতীয় স্বাৰ্থত কৰি আছে আৰু কা বিৰোধী আন্দোলনৰ বিৰুদ্ধে আছুৱে আন্দোলন কৰোঁতে সেয়ে কংগ্ৰেছে আছুক সমৰ্থন কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More