তেজপুৰৰ সুব্ৰত দাসগুপ্তৰ হত্যাকাণ্ডঃ অভিযুক্ত হত্যাকাৰীৰ পত্নীৰ ভাষ্যত আন এক মোৰ

 গাঞ্জাৰ অবৈধ বেহাহে হত্যাৰ প্ৰকৃত কাৰণ

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭ছেপ্টেম্বৰঃ তেজপুৰৰ কছাৰীগাঁৱৰ নিজা বাসগৃহতে ৩০আগষ্টৰ নিশা সুব্ৰত দাসগুপ্ত ওৰফে টুকু নামৰ লোকজনক হত্যা কৰা মনোজ গুৰুং প্ৰকৃততে পূৰ্বৰে পৰাই অপৰাধমূলক কাৰ্যকলাপৰে জড়িত৷তদুপৰি যোৱা তিনি ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মনোজে হত্যাকাণ্ডৰ কাৰণ হিচাপে নিজ পত্নীৰ স’তে নিহত দাসগুপ্তৰ অবৈধ সম্পৰ্ক থকা বুলি প্ৰকাশ কৰা আৰু ইয়াৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্বীকাৰোক্তি দিয়াটোও এক কৌশল বুলি প্ৰকাশ কৰিছে হত্যাকাৰী মনোজৰ পত্নীয়ে৷ উল্লেখযোগ্য যে,আজি মহিলা গৰাকীয়ে স্বামী মনোজৰ বিৰুদ্ধে তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি এই হত্যাকাণ্ডৰ আন এক দিশ উল্লেখ কৰিছে৷উল্লেখযোগ্য যে,মনোজৰ বিৰুদ্ধে মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰাই শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ লগতে কয় যে তেওঁৰ দুই পুত্ৰৰ ওপৰতো নিৰ্যাতন চলোৱা মনোজ ওৰাঙত এক বাইকচুৰিৰ ঘটনাৰে অভিযুক্ত আৰু ইয়াৰ বাবে পূৰ্বে গ্ৰেপ্তাৰো হৈছিল৷জামিনত মুক্তি লাভৰ পিছত তেজপুৰৰ এটা প্ৰতিষ্ঠানত চকিদাৰ হিছাপে কাম কৰা মনোজে ওৰাঙত থকা পত্নীক মাজে মাজে মাতি আনিছিল৷আনহাতে নিহত দাসগুপ্তক তেওঁ কেতিয়াও লগ পোৱা নাছিল বুলি প্ৰকাশ কৰি মহিলা গৰাকীয়ে কয় যে প্ৰকৃততে মনোজে নিজেহে দাসগুপ্তৰ স’তে ফোনত কথা পাতিবলৈ বাধ্য কৰিছিল নিজ পত্নীক৷ উল্লেখযোগ্য যে,মনোজৰ পত্নীয়ে আজি এই কথাবতৰাৰ মূলতে গাঞ্জাৰ বেহা বুলি প্ৰকাশ কৰি আৰু কয় যে,নিহত দাসগুপ্তই গাঞ্জাৰ বেহা কৰিছিল আৰু ইয়াৰ স’তে চামিল হৈছিল মনোজ৷ দুয়ো বহু কলা ব্যৱসায়ৰে জৰিত বুলি উল্লেখ কৰি মনোজৰ পত্নীয়ে কয় যে মনোজে গাঞ্জাৰ ব্যৱসায় বৃদ্ধিৰ বাবে দাসগুপ্তৰ পৰা যথেষ্ট ধন লৈছিল আৰু দাসগুপ্তৰ গাঞ্জাৰ বজাৰখন মনোজক গতাই দিবলৈ কৈ আহিছিল আৰু এই বজাৰ বৃদ্ধিৰ বাবে আৰু ধনো বিচাৰিছিল৷দাসগুপ্ত মান্তি নোহোৱাত ওৰাঙত থকা পত্নীৰ স’তে মনোজে নিজেই দাসগুপ্তৰে ফোনত কথা পতাই দাসগুপ্তক সন্মত কৰোৱাৰ বাবে চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰে মনোজৰ পত্নীয়ে৷ গাঞ্জাৰ বেহাৰ এই বিবাদৰ বাবেই মনোজে দাসগুপ্তক হত্যাকৰি মনোজে তাৰ সকলো কলা অধ্যায় গাপ দি আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ এইদৰে পত্নীৰ ওপৰত অপবাদ জাপি দিছে বুলিও কয়৷ক্ষোভিত মহিলাগৰাকীয়ে কয় যে তেওঁ ইতিমধ্যে মনোজৰ স’তে বিবাহ বিচ্ছেদ দাবী কৰাৰ লগতে এনে অপৰাধীয়ে যাতে ৰেহাই নাপায় সেই ব্যৱস্থা হ’ব লাগে৷তেওঁৰ আৰু নিহত দাসগুপ্তৰ মাজত অবৈধ সম্পৰ্কতো দূৰৰে কথা মানুহজনক চিনিয়েই নাপায় বুলি উল্লেখ কৰি এই হত্যাকাণ্ডৰ মূল কাৰণ গাঞ্জাৰ অবৈধ বেহা বুলি দৃঢ়তাৰে উল্লেখ কৰি পুনৰ কয় যে, নিশা প্ৰায়েই দাসগুপ্তৰ ঘৰত সুৰাপান কৰা মনোজৰ কাজিয়াও লাগিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More