তেজপুৰ কাৰাগাৰ পৰিদৰ্শণ উপায়ুক্তৰঃগামোচা বোৱাত ব্যস্ত কয়দী

0 16
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৫মেঃ তেজপুৰ স্হিত জিলা কাৰাগাৰৰ মহিলা কয়দী সকলৰ বাবে আজি এটা টেলিভিছন যন্ত্ৰ কাৰাগাৰ খনৰ মহিলা কোষত স্হাপন কৰাৰ ব্যৱস্থা কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷উল্লেখযোগ্য যে,আজি দিনৰ প্ৰায় ১২বজাত উপায়ুক্ত মিশ্ৰই অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা,কাৰাগাৰ অধীক্ষক অৰূপ ফুকন সহ কাৰাগাৰখন পৰিদৰ্শন কৰে৷হাজোতী তথা কয়দী সকলক যোগানধৰা খাদ্য তথা ইয়াত কোনো সমস্যা আছেনেকি আদি বিষয়বোৰৰো বুজ লয় উপায়ুক্তই৷উল্লেখযোগ্য যে,বাঁহ,বেত আৰু কাঠৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা কয়দী সকলে বৰ্তমান কাৰাগাৰখনত থকা তাতশালত গামোচা বৈ আছে৷উপায়ুক্তই এই গামোচা বৈ থকা দৃশ্য দেখা পোৱাৰ লগে লগে তেওঁলোকৰ স’তে মতবিনিময় কৰে আৰু ইয়াত কয়দীসকলে বিভিন্ন সময়ত বোৱা বস্ত্ৰৰ বিষয়ে জানিব পাৰে৷উপায়ুক্ত গৰাকীয়ে চৰকাৰী কাৰ্যসূচীতো কয়দী সকলে উৎপাদন কৰা বস্ত্ৰ ব্যৱহাৰ কৰিব পৰা যাব বুলি মত প্ৰকাশ কৰে৷কৃষিকাৰ্যকে ধৰি এনে বিভিন্ন উৎপাদনমুখী কামত ব্যস্ত থকা পুৰুষ কয়দী সকলৰ বিপৰীতে মহিলা কয়দী সকলে উপায়ুক্তক কয় যে,ঘৰত বিভিন্ন ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰাৰ বিপৰীতে কাৰাগাৰত তেওঁলোকে যথেষ্ট আহৰি সময় লাভ কৰে আৰু এই সময় অতিবাহিত কৰিবলৈ তেওঁলোকক এটা টেলিভিছন যন্ত্ৰৰ আৱশ্যক৷ উপায়ুক্ত মিশ্ৰই মহিলা কয়দী সকলৰ এই অনুৰোধ ৰক্ষা কৰি তেওঁ কাৰাগাৰখনত উপস্থিত থকাৰ সময়তে এটা টেলিভিছন যন্ত্ৰ সংস্হাপনৰ ব্যৱস্থা কৰি দিয়ে৷কয়দী সকলে কাৰাগাৰত খাদ্যকে ধৰি আন কোনো সমস্যাৰ সন্মুখীন হোৱা নাই বুলিও উপায়ুক্তক জানিবলৈ দিয়ে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More