তেজপুৰ খনামুখত আলি আয়ে লৃগাং

 চৰকাৰী বন্ধ ঘোষণাৰ দাবী

0 7
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৫ ফেব্ৰুৱাৰীঃ তেজপুৰৰ খনামুখৰ কেঁকুকলি মিচিং গাওঁত সামুহিক ভাবে মিচিং জনগোষ্ঠীৰ আলি আ:য়ে লৃগাং উদযাপন। আলি আয়ে লৃগাং হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ ।প্ৰত্যেক বছৰেই ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অসমত এই জনগোষ্ঠীৰ লোক সকলে এই উৎসৱ পালন কৰে । এই উৎসৱৰ জৰিয়তে শস্য অৰ্থাৎ বীজ সিঁচাৰ আৰম্ভণি কৰা হয় । পূৰ্বতে এই উৎসৱ ফাগুন, চ’ত নাইবা ব’হাগ মাহৰ কোনো এটা দিনত পালন কৰা হৈছিল যদিও ১৯৫৬ চনত মিচিং সকলৰ বৃহত্তৰ সামাজিক অনুষ্ঠান বানে কেবাঙে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই এই উৎসৱ এই দিনটোত পালন কৰা হয়। এই উৎসৱ মিচিং জনজীৱনৰ একক উৎসৱ নহয় প্ৰাণৰ স্পন্দন ।আলি-আঃয়ে আৰু লৃগাং তিনিটা শব্দ আৰু ইয়াৰ অৰ্থ হৈছে আলি মানে মাটিৰ তলত হোৱা বীজ আঃ য়ে মানে গছ জোপাৰ ওপৰত হোৱা ফল আৰু লৃগাং মানে ৰোপণ কৰা। আলি-আঃয়ে লৃগাঙৰ দিনটোত ঘৰৰ মূৰব্বী নতুবা পথাৰৰ কামৰ মূল ব্যক্তিজনে পথাৰ নতুবা বাৰীৰ কোণত এডোখৰ মাটি চাহ কৰি চাৰিকোণত চাৰিজোপা মেগলাৰ গছ গুজি দিয়ে। লগত নিয়া আপং, সীহ, কঁপাহ ইত্যাদিবোৰ যথাস্থানত সন্তৰ্পণে দি মাটিডৰাত লগত নিয়া কঠীয়াখিনি সিঁচি দি এই বচনফাঁকি মাতে – ‘হে’ সৃষ্টিকৰ্তা, বসুমতী আই, লখিমী আই, সূৰ্য-চন্দ্ৰ, স্নেহময়ী কল্যাণময়ী, ধুমুহা-গাজনি, বতাহ-বৰষুণ, পোক-পৰুৱা তোমালোক আটাইকে সাক্ষী কৰি আজি লৃগাঙৰ দিনা আমি বীজ-গুটি ৰোপণৰ কাৰ্য আৰম্ভ কৰিছো, তোমালোকে খেতি-পথাৰৰ মংগল কৰিবা।বুধবাৰে খনামুখৰ কেঁকোকলি মিছিং গাৱঁত স্থানীয় ৰাইজে এক গোট হৈ পুৱা ধৰ্মীয় ৰীতি নীতিৰে পাৰম্পৰিক পদ্ধতিৰে  শস্য বীজ সিঁচাৰ আৰম্ভ কৰি লৃগাং ৰ গীত, ঐনিতম বাদনৰে ভূমৰাং নৃত্য প্ৰদৰ্শন কৰে । এই লোকসকলৰ অভিযোগ চৰকাৰক এই উৎসৱৰ সৈতে সংগতি ৰাখি আজিৰ দিনত চৰকাৰী বন্ধৰ ঘোষণা কৰিবলৈ আহ্বান জনাইছিল যদিও চৰকাৰে এই বন্ধ ঘোষণা নকৰিলে । সেইবাবে তেওঁলোকে পুনৰ এই দিনটোত বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত পৰম্পৰা অক্ষুন্ন ৰখাৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিবলৈ পুনৰ আহ্বান জনাইছে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More