তেজপুৰ চানমাৰীৰ সাৰ্বজনীন ধৰ্মমণ্ডলীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস 

0 8
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ মে‍: তেজপুৰৰ চহৰৰ চানমাৰী – হজৰাপাৰৰ সাৰ্বজনীন ধৰ্মমণ্ডলীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাৰে পৰা ভকত বৈষ্ণৱ আৰু আই মাতৃ তথা স্হানীয় ৰাইজৰ সভক্তিমূলক বিভিন্ন অনুষ্ঠানেৰে  মুখৰিত হৈ পৰে ধৰ্মমণ্ডলী প্ৰাংগন। পুৱা ধৰ্মমণ্ডলীৰ সভাপতি পদ্মনাথ তালুকদাৰৰ দ্বাৰা ধৰ্ম ধ্বজা উত্তোলনৰ পিছত ধৰ্মমণ্ডলীৰ পৰা উলিওৱা ধৰ্মীয় শোভাযাত্ৰাই অঞ্চলটিত এক ভক্তিপূৰ্ণ পৰিৱেশৰ সূচনা কৰে। খোল তাল, আই মাতৃ সকলৰ নাম প্ৰসঙ্গৰে মুখৰিত হোৱা এই ধৰ্মীয় শোভাযাত্ৰা সাৰ্বজনীন ধৰ্মমণ্ডলীৰ পৰা  স্হানীয় অঞ্চলটি পৰিক্ৰমণ কৰাৰ সময়ত সমগ্ৰ চানমাৰী – হজৰাপাৰ অঞ্চল একপ্ৰকাৰ বৈকুণ্ঠলৈ পৰ্যৱসিত হৈ পৰে। ইয়াৰ পিছতেই ধৰ্মমণ্ডলী প্ৰাংগনত অনুষ্ঠিত হয় এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিগত সময়চোৱাত ধৰ্মমণ্ডলীৰ সৈতে জড়িত হৈ পৰলোকপ্ৰাপ্তি ঘটা ব্যক্তি সকলৰ স্মৃতিত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহুকেইগৰাকীক  স্মৰণ কৰা হয়। আনহাতে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ধৰ্মমণ্ডলীলৈ সেৱা আগবঢ়োৱা বহুকেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হোমযজ্ঞ আৰু আই মাতৃ সকলৰ নাম কীৰ্তন আৰু নেগেৰা নামেৰে চৌদিশ মুখৰিত হৈ পৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More