তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নেত্ৰদান সপ্তাহ 

0 62

 

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৮ ছেপ্টেম্বৰঃ অন্য বহু ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষতো অন্ধতাত ভুগি থকা অলেখ মানুহ আছে৷ তাৰ ভিতৰত বহুতো লোকে এক বিশেষ শ্ৰেণীৰ অন্ধতাত ভুগি আছে, যাক কোৱা হয় কৰ্ণিয়াজাত অন্ধতা৷  আমাৰ চকুৰ বগা অংশটোৰ মাজত এটা স্বচ্ছ আয়নাৰ নিচিনা গোলাকাৰ অংশ আছে, যাক কৰ্ণিয়া বোলে৷এই কৰ্ণিয়াৰ মাজেৰেই পোহৰ-ৰশ্মিবোৰ চকুৰ ভিতৰলৈ প্ৰৱেশ কৰি চকুৰ ভিতৰৰ পৰ্দা অক্ষিপট বা ৰেটিনাত পৰি আমাৰ চকুত দৃষ্টিৰ সঞ্চাৰ কৰে৷ এতিয়া কিবা কাৰণত, উদাহৰণস্বৰূপে বীজাণু সংক্ৰমণ, চকুৰ আঘাত, জন্মগত দোষ আদিৰ বাবে কৰ্ণিয়াখন অস্বচ্চ হৈ পৰিব পাৰে, তেতিয়া চকুৰ ভিতৰলৈ পোহৰ ৰশ্মিবোৰ ভালকৈ সোমাব নোৱাৰা হয়৷ ফলত চকুৰ নাৰ্ভ বা স্নায়ুডালকে ধৰি চকুৰ অন্যান্য সকলোবোৰ অংশ ঠিকে থাকিলেও কেৱল অস্বচ্ছ কৰ্ণিয়াখনৰ বাবেই চকুটোৱেই দৃষ্টি হেৰুৱায়৷ ইয়াকে কৰ্ণিয়াজাত অন্ধতা বোলে৷ কৰ্ণিয়াজাত অন্ধতাত ঔষধে বিশেষ সহায় নকৰে৷ এই ক্ষেত্ৰত দৃষ্টি ঘূৰাই অনাৰ এটাই উপায়, সেইটো হ’ল যদি অস্ত্ৰোপচাৰৰ দ্বাৰা দৃষ্টিহীনজনৰ চকুৰ পৰা অস্বচ্ছ কৰ্ণিয়াখন কাটি আঁতৰাই সেই স্থানত এখন সুস্থ আৰু স্বচ্ছ কৰ্ণিয়া লগাই চিলাই দিয়া হয়, তেতিয়া মানুহজনে দৃষ্টিশক্তি পুনৰ ঘূৰাই পায়৷ এই অস্ত্ৰোপচাৰৰ নাম হ’ল কৰ্ণিয়া সংস্থাপন বা কেৰাট’প্লাষ্টি৷ এতিয়া কথা হ’ল এই অস্ত্ৰোপচাৰৰ বাবে আজিলৈকে কৃত্ৰিম কৰ্ণিয়া প্ৰস্তুত কৰিব পৰা হোৱা নাই, আৰু অন্য জীৱ-জন্তুৰ কৰ্ণিয়াও মানুহৰ শৰীৰত সফলভাৱে আজিলৈকে লগাব পৰা যোৱা নাই৷ সেয়ে কৰ্ণিয়া আমি পাব পাৰো কেৱল মৃত চকুদাতাৰ পৰাহে৷ এই ক্ষেত্ৰত সমস্যা হ’ল কৰ্ণিয়াজাত অন্ধতা দূৰ কৰিবলৈ ভাৰতত বছৰি যিমানযোৰ কৰ্ণিয়াৰ প্ৰয়োজন, তাৰ তুলনাত কৰ্ণিয়া সংগ্ৰহ যথেষ্ট কম হয়৷ ইয়াৰ কাৰণ সামাজিক কু-সংস্কাৰ, ধৰ্মীয় আন্ধবিশ্বাস, শিক্ষাৰ অনগ্ৰসৰতা ইত্যাদি৷সেয়ে চকুদান বা কৰ্ণিয়াদান [কেৱল মৃত্যুৰ পাছতহে কৰ্ণিয়া সংগ্ৰহ কৰা হয়] বঢ়াবলৈ, মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ ১৯৮৫ চনৰ পৰাই প্ৰতিবছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ এটি ‘ৰাষ্ট্ৰীয় নেত্ৰদান পষেক’ পালন কৰি অহা হৈছে৷ এইবছৰো ৰাষ্ট্ৰীয় নেত্ৰদান পষেক গোটেই দেশতে পালন কৰা হৈছে৷তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ নেতৃত্বত বিগত বছৰৰ দৰে এই বছৰো এই পষেক পালন কৰা হৈছে৷ প্ৰথম কাৰ্যসূচী হিচাপে ৫ ছেপ্তেম্বৰ তাৰিখে চকু বিভাগৰ বহিৰ্বিভাগৰ সন্মুখত এখনি নেত্ৰদান সজাগতা সভাৰ আয়োজন কৰা হয়৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ সৌৰভ কুমাৰ ভূঞাৰ প্ৰাৰম্ভিক ভাষণৰ পাছত স্নাতকোত্তৰ মহলাৰ ছাত্ৰী ডাঃ ধৃতীব্ৰতা গোস্বামী আৰু বিভাগটোৰ সহযোগী অধ্যাপক ডাঃ অভিজিত হেণ্ডিকে চকুদান সম্পকীয় সকলো খুটিনাটি উপস্থিত ৰাইজক বুজাই দিয়ে৷ পুনৰ নেত্ৰদান পষেকটোৰ শেষৰ আজিৰ দিনটোত পুৱা ৮.৩০ বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এটি নেত্ৰদান সজাগতা সমদলৰো আয়োজন কৰা হয়৷ প্ৰাৰম্ভিক সভাখনত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষক ক্ৰমে ডাঃ কৰুণা হাজৰিকা আৰু ডাঃ ৰূপম বৰগোঁহাঞিৰ লগতে চকু বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ সৌৰভ কুমাৰ ভূঞা আৰু অন্যান্যই বক্তব্য ৰাখে৷ তাৰ পাছতে মহাবিদ্যালয়খনৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে চকুদান সম্পৰ্কীয় এখনি বাটৰ নাটেৰে উপস্থিত সকলোকে আপ্লুত কৰে৷ সেউজীয়া পতাকা জোকাৰি সজাগতা সমদলটিৰ শুভ আৰম্ভণি কৰে চিকিৎসা মহাবিদ্যালয়খনৰ ডাঃ কৰুণা হাজৰিকা আৰু অধীক্ষক ডাঃ ৰূপম বৰগোহাঞে৷ এই কাৰ্যসূচী সমূহ সৰ্বসাধাৰণ ৰাইজৰ মাজত নেত্ৰদান সম্পৰ্কীয় সজাগতা সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট সফলকাম হ’ব বুলি আশা কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More