তেজপুৰ নগৰত বনৰীয়া হাতীৰ চফৰঃ আশ্ৰয় গ্ৰহণ

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ ৰাজ্যৰ বিভিন্ন জিলা বানৰ কৱলত পৰাৰ সময়ত হেজাৰ হেজাৰ মানুহ হাঁহাকাৰ অৱস্থাৰ সন্মুখীন হোৱাৰ সমান্তৰাল ভাবে বন্য জীৱজন্তু সমূহো বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ ইতিমধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত বাঢ়নি পানী প্ৰৱেশ কৰাৰ লগতে বুঢ়াচাপৰিৰ পৰা বন্যহস্তীৰ এটা জাক জনাঞ্চললৈ ওলাই অহাৰ সময়তে আজি পুৱা তেজপুৰ চহৰত এটা বনৰীয়া দঁতাল হাতীয়ে প্ৰৱেশ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰত যোৱা প্ৰায় এমাহ পূৰ্বেও একেটা দঁতাল হাতীৰ জাহাজঘাটত আবিৰ্ভাৱ ঘটিছিল আৰু পাছত হাতীটোৱে ব্ৰহ্মপুত্ৰ পাৰ হৈ বুঢ়াচাপৰিলৈ উভটি গৈছিল৷ যোৱা নিশা হাতীটোৱে পুনৰ তেজপুৰত প্ৰৱেশ কৰে আৰু কেকোৰাপুলৰে কবৰখানা হৈ জাহাজঘাট তথা আৱৰ্ত ভৱনৰ সমীপৰ বৰপুখুৰী চৌহদত প্ৰৱেশ কৰে৷ ইপিনে তেজপুৰত পুৱাই এটা বনৰীয়া হাতীৰ বিচৰণৰ বাতৰি বিয়পি পৰাত বহুসংখ্যক লোকে হাতীটো চাবলৈ ভিৰ কৰে৷ ইপিনে পদুমপুখু্ৰীৰ কাষৰে বৰপুখুৰীত হাতীটোৱে বৰ্তমানলৈকে আশ্ৰয় লৈ থকা এই হাতীটো তেজপুৰলৈ পূৰ্বেও আহিছে বুলি প্ৰকাশ কৰি বনবিভাগৰ সূত্ৰই কয় যে, হাতীটো কাজিৰঙাতকৈ সমীপৱৰ্তী বুঢ়াচাপৰিৰ পৰা অহাৰ সম্ভাৱনা অধিক৷ বানৰ কৱলত পৰি নিৰাপদ আশ্ৰয় আৰু খাদ্যৰ সন্ধানত ওলাই অহা হাতীটো আজি বিয়লি বৰপুখুৰীৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল যদিও মানুহৰ চিঞৰ বাখৰত পুনৰ পুখুৰীটোৰ মাজত থকা ঢিপলৈ উভতি যায়৷ উল্লেখযোগ্য যে,হাতীটোৱে আশ্ৰয় লৈ থকা স্হানৰ পৰা নাতিদূৰতে শোণিতপুৰৰ বন প্ৰাধিকাৰী আৰু তেজপুৰ সদৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় অৱস্হিত ৷ আজি হাতীটোৰ অৱস্থানকলৈ কাষৰীয়া অঞ্চলৰ বাসিন্দা সকল শংকিত হৈ থকাৰ বিপৰীতে বনবিভাগে নিশা পহৰাৰ ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰে৷ দুটা দীঘল দাঁতৰে ধুনীয়া বনৰীয়া হাতীটো আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনেও প্ৰত্যক্ষ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More