তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব প্ৰতিৰক্ষা অধ্যয়ন বিভাগ

0 49

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ দেশৰ উত্তৰ-পূবৰ অগ্রণী উচ্চ শিক্ষা প্রতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু পৰিচালনা পৰিষদে ইতিমধ্যে এই সিদ্ধান্তক অনুমোদন জনাইছে। এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভু নাথ সিঙে শেহতীয়াকৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই পদক্ষেপৰ বিষয়ে অৱগত কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ স’তে হোৱা বৈঠকৰ সময়ত অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেজপুৰ ভৌগোলিক আৰু ৰাজনৈতিকভাৱে চীনৰ ওচৰতে অৱস্থিত তথা ইয়াত দেশৰ সেনাৰ চতুৰ্থ ক’ৰৰ লগতে প্ৰতিৰক্ষা গৱেষণাগাৰো থকাৰ বিষয়ে উল্লেখ কৰে৷তেজপুৰ বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ শলাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়লৈ তেওঁৰ মন্ত্ৰালয়ৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।আজি এক বিবৃতিত এই কথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সদৰি কৰা হৈছে৷প্ৰতিৰক্ষা অধ্যয়ন বিভাগে প্ৰতিৰক্ষা নীতি, প্ৰতিৰক্ষা অধ্যয়ন, সামৰিক ইতিহাস, সংঘাত অধ্যয়ন, চোৰাংচোৱা বিশ্লেষণ, আৰু আনুসাংগিক বিষয়সমূহৰ স’তে জড়িত পাঠ্যক্রম সামৰি ল’ব। বিভাগটোৱে প্ৰতিৰক্ষা বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলৰ স’তে আলোচনা কৰি পাঠ্যক্ৰম তৈয়াৰ কৰিব বুলিও সদৰি কৰিছে৷উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে দেশৰ সেনাৰ স’তে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি দেশৰ সেনাৰ জোৱানক চীনা ভাষাৰ পাঠ্যক্ৰম আগবঢ়াই আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More