তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ উদ্যোগত “সজাগতা” শীৰ্ষক অভিযানৰ শুভাৰম্ভ
শতাব্দ’ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনস্থ উন্নয়নৰ বাবে যোগাযোগৰ বিশেষ কাৰ্যসূচীৰ অধীনত আজি শুভম কুমাৰ, অৰ্জিতা কুমাৰী, নিহাৰিকা স্বৰ্গীয়াৰী আৰু শিৱলিকা পাত্রনবীশ নামৰ শিক্ষাৰ্থী কেইগৰাকীৰ উদ্যোগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বহনক্ষম পৰিৱেশ বিষয়কলৈ ‘সজাগতা’ শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ উল্লেখ্য যে, দহ দিনীয়াকৈ আয়োজিত অভিযানটোৰ আজিৰ শুভাৰম্ভণী কাৰ্যসূচীত সমীপস্থিত ফখৰুদ্দিন আলী আহমেদ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি শৃংখলাবদ্ধ ৰেলী, বৃক্ষৰোপণ আদি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা,গায়ন- বায়ন নৃত্যৰ লগতে আমোদজনক ক্ৰীড়া কাৰ্যসূচীত শিশুসকল জড়িত হৈ আনন্দত আপোন পাহৰা হোৱা প্ৰত্যক্ষ কৰি শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক খাইৰুল আকন্দ আৱেগিক হৈ পৰে আৰু বিশ্ববিদ্যালয়খনৰ এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।