তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জুলাইঃ ৰাজ্যক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিজ্ঞান শিক্ষাক আগবঢ়াই নিব লাগিব। ২০১৪ত ২৭,৪৫২ গৰাকী বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বৰ্তমান ৪৬হেজাৰলৈ বৃদ্ধি পাইছে যদিও তিনি কোটি পঞ্চাশ লাখ জনসংখ্যাৰ ৰাজ্যখনত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১৫ৰ পৰা ১৮শতাংশ বুলি ব্যক্ত কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই। শিক্ষা উপদেষ্টা গৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আজিৰ পৰা ছয় দিনীয়া কাৰ্যসূচীৰে শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষাৰ অধীনত বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীৰ বাবে অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ আবাসিক প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি বিজ্ঞান শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰি তুলিবলৈ তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি অসমৰ চাৰিটা স্থানত বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীৰ আবাসিক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণৰ কথা সদৰি কৰে মহন্তই। তেওঁ ৰাজ্যত চিকিৎসা মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা বৃদ্ধি হৈছে যদিও বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস হৈ অহাৰ বাবে বহি ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সুবিধা গ্ৰহণ কৰা বুলি কয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসে উদেশ্যে বাখ্যা কৰা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ উদ্বোধনী অনুষ্ঠানত অসম সৰ্ব শিক্ষা মিছন অভিযানৰ সঞ্চালক ওম প্ৰকাশ প্ৰমুখ্যে বিশিষ্ট লোক সকলে অংশ গ্ৰহণ কৰে। উল্লেখ্যযে আজিৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণত শোণিতপুৰ,দৰং, ওদালগুৰি, যোৰহাট, গোলাঘাট, নগাওঁ আৰু মৰিগাঁও জিলাৰ ছয়শ গৰাকী বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰিছে। আনহাতে যোৱা বছৰ ১৪শ বিজ্ঞানৰ শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে এই বছৰ তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ,আই আই টি গুৱাহাটী আৰু শিলচৰৰ এন আই টিত দুটা পৰ্য্যায়ত চাৰিহেজাৰ তিনিশ গৰাকী বিজ্ঞানৰ শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি অসম সৰ্বশিক্ষা মিচনৰ সঞ্চালক ওম প্ৰকাশে সদৰি কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More