তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু

৬০০গৰাকী বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ

0 94

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, জুলাই : বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰী আগ্ৰহী কৰি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষাৰ অধীনত অসমৰ চাৰিটা স্হানৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়তো আজিৰ পৰা আঠ জুলাইলৈ প্ৰথম পৰ্য্যায়ত বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে আবাসিক প্ৰশিক্ষণ আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি প্ৰশিক্ষণৰ উদ্বোধন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । প্ৰশিক্ষণ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলে অসমীয়াৰ লগতে ইংৰাজী বা বড়ো ভাষাৰ লগত ইংৰাজী অৰ্থাৎ ছাত্ৰ ছাত্ৰী সকলে ইংৰাজীৰ লগত এটা ভাষা জানিবই লাগিব বুলি কয়। মন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক বিজ্ঞানৰ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে বিজ্ঞান শিক্ষক সকলৰ কৰণীয় বাখ্যা কৰে। বিজ্ঞান শিক্ষকৰ সন্মুখত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পুনৰবাৰ ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অঙ্ক ইংৰাজী ভাষাত শিকোৱাৰ যুক্তি দাঙি ধৰে। মেট্ৰিকত সৰ্বাধিক ৬৮% ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত ফেইল কৰিছিল।প্ৰশিক্ষণ লোৱা শিক্ষক শিক্ষয়িত্ৰী সকলক চৰকাৰে ক্ৰেডিট পইন্ট দিব যাতে ভৱিষ্যতে পদোন্নতি গ্ৰেড পে’ত সহায়ক হয়।আনহাতে তেওঁ কয় যে বৰ্তমান সুৰাৰ দোকান বৃদ্ধিয়ে শিক্ষাত প্ৰভাৱ নেপেলায় কাৰণ দেশখন চলাবলৈ সুৰাৰ দোকান বৃদ্ধি কৰা হৈছে। অৰুণাচলী সুৰাৰ চোৰাং বেহা ৰোধ কৰিবৰ কাৰণে শ্বপিং মল আদিত সুৰা বিক্ৰীৰ অনুমতি দিয়া হৈছে। খোৱা সকলে পাতাল ফালি হ’লেও খাব বুলি মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ ত্ৰিশ শতাংশৰ পৰা বিশ শতাংশলৈ হ্ৰাস হোৱাটো শিক্ষা বিভাগৰ সফলতা বুলি সদৰি এই সংখ্যা দহ শতাংশলৈ হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি কয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক শম্ভুনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ দিয়ে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । উল্লেখ্য যে দুটা পৰ্য্যায়ত অনুষ্ঠিত ছদিনীয়া বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণৰ প্ৰথম পৰ্য্যায়ত শোণিতপুৰ, যোৰহাট, গোলাঘাট, ওদালগুৰি আৰু মৰিগাঁও জিলাৰ ৬০০গৰাকী বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণত অংশ গ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More