তেজপুৰ সাহিত্য উৎসৱত ৰজত কাপুৰৰে অন্তৰংগ আলাপ

0 33

সাহিত্য আৰু চলচ্চিত্ৰৰ অংগাংগী সম্পৰ্ক আছে –  ৰজত কাপুৰ

মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰশ্নবাণত ক’লে – চিনেমা হিট হোৱা নোহোৱাকলৈ মই কাম নকৰোঁ – দহজন মানুহে মোৰ চিনেমা চালেও মই সুখী

তেজপুৰৰ সুন্দৰতা আৰু তেজপুৰবাসীৰ অতিথি পৰায়ণতাত মুগ্ধ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৯ ডিচেম্বৰঃ মুম্বাইৰ বিশিষ্ট চিনে তাৰকা তথা চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু এগৰাকী ছিৰিয়াছ অভিনেতা ৰজত কাপুৰে আজি “তেজপুৰ সাহিত্য উৎসৱ – ২০২২” ৰ প্ৰথম দিনটোৰ সন্ধিয়া ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনৰ সৈতে হোৱা এক অন্তৰংগ অনুষ্ঠানত উৎসুক জনতাৰ সন্মুখত কেতবোৰ অতি কথা সদৰী কৰে। প্ৰসিদ্ধ চিনে তাৰকা গৰাকীয়ে কয় – মই কেতিয়াও আনৰ চিনেমা চায়েই পোৱা নাই। চিনেমাৰ বিষয়ে যেনেকৈ কাহিনী নিৰ্মাণ কৰা হয় সেই ধৰণৰে ব্যক্তিজনে চৰিত্ৰটি অংকিত কৰে। চিনেমা হিট হ’বৰ কাৰণে মই কেতিয়াও চিনেমা নিৰ্মাণ কৰা নাই। মই চাইছোঁ একমাত্ৰ “গলী বয়” চিনেমাখন। সেইখন ছবিয়ে মোক আকৰ্ষিত কৰিছে। মোৰ ছবি দৰ্শকে আদৰি নল’লেও তাত মোৰ কোনো আক্ষেপ নাই। পৃথিৱীৰ যদি দহজন দৰ্শকেও মোৰ ছবি চাই তাতেই মই আনন্দিত।মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰশ্নবাণেৰে ৰসাল আৰু মনোজ্ঞ কৰি তোলা ছিৰিয়াছ ছবি নিৰ্মাতা গৰাকীয়ে অসমীয়া শেহতীয়া ছবি “অনুৰ” অৰ্থাৎ নিজে মুখ্য চৰিত্ৰত অভিনয় কৰা “অনুৰ” প্ৰসংগ উল্লেখ কৰি গৌৰৱান্বিত হয়। বিশেষকৈ তেজপুৰৰ পৰা অনুৰাধা শৰ্মা পূজাৰীৰ এটি গল্পৰ আধাৰত নিৰ্মাণ কৰা “অনুৰ” প্ৰসংগত প্ৰশংসাসূচক মন্তব্য কৰাৰ সময়ত গল্পকাৰ অনুৰাধা শৰ্মা পূজাৰীৰ লগতে “অনুৰ” সংগীত পৰিচালিকা তৰালী শৰ্মাও উপস্থিত থকাৰ পিছত অনুৰ প্ৰসংগত ইতিবাচক মন্তব্যই অনুৰ পৰিয়ালকো আজি উৎফুল্লিত কৰি তোলে। এই ছবিখনত কাম কৰি যথেষ্ট সুখী বুলি কৈ অসমৰ পটভূমিত ভাল ছবি নিৰ্মাণ কৰাৰ বহু স্হল আছে বুলিও মন্তব্য কৰে। আনহাতে তেওঁৰ কৰ্মজীৱনৰ দীঘলীয়া সময়খিনিত এগৰাকী প্ৰতিষ্ঠিত ছবি নিৰ্মাতা হিচাপেহে চিনাকি দিবলৈ সৰুৰে পৰা চেষ্টা কৰিছিল আৰু সেয়াই আশা আছিল বুলি কয়। অনুষ্ঠানটিত চিনে তাৰকা গৰাকীয়ে সাহিত্য আৰু চিনেমাৰ অংগাংগী সম্পৰ্ক আছে বুলি মন্তব্য কৰি তেওঁৰ অনুৰাগী সকলক মন্তব্য কৰি মূলসূঁতিৰ কোনো ছবিক লৈ তেওঁ আগ্ৰহী নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি এই প্ৰসংগতো গলী বয় শীৰ্ষক চলচ্চিত্ৰখনৰ প্ৰসংগ দোহাৰি সেইখন চিনেমা সকলোকে চাবলৈ আহ্বান জনায়। আনহাতে অনুষ্ঠানৰ অন্তত এই ছিৰিয়াছ চিনে তাৰকা গৰাকীয়ে তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যত মোহিত হৈছে বুলি কৈ তেজপুৰ অতি সুন্দৰ ঠাই তেজপুৰবাসীও অতি অতিথি পৰায়ণ বুলি কৈ এই সাহিত্য উৎসৱৰ ধাৰা অব্যাহত ৰাখিবলৈ আয়োজক সমিতিক আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More