‘গৰীয়সী’ আলোচনীৰ ‘সামাজিক স্বীকৃতি’ৰ পদক্ষেপ

0 285

মাননীয় সম্পাদক মহোদয়,

অসমৰ সকলো জিলাতে তথা দেশ-বিদেশৰ বিভিন্ন অঞ্চলত থকা অসমৰ বহুতো লোকৰ অসমৰ সমাজ, সংস্কৃতি, শিক্ষা তথা সাহিত্যকে আদি কৰি বিভিন্ন ক্ষেত্রলৈ অৰিহণা আছে । কিন্তু সেই বহুত ব্যক্তিৰ বিষয়ে আমি নাজানো বা কিছুমানৰ বিষয়ে মৃত্যু হোৱা পিছতহে জানিবলে পাও। বিভিন্ন ক্ষেত্রত অৰিহণা যোগাৱা ব্যক্তিসকলক জীৱিত কালত উপযুক্ত সন্মান তথা মর্যাদা দিলে ভাল হয় । এই ব্যক্তিসকল যিকোনো বয়সৰ হব পাৰে । সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা আগবঢ়াই থকা সকলে কৰি থকা কামবোৰৰ বিষয়ে যদি জীৱিত কালতে প্রশংসা কৰা হয় তেন্তে তেতিয়া তেওঁলোকে কৰি থকা কামবোৰ কৰিবলৈ আৰু দুগুণ উৎসাহ পাব ।

এটা ভাল খবৰ যে ‘গৰীয়সী’ আলোচনী ডিচেম্বৰ,২০২২ সংখ্যাটো ড° বীৰেন্দ্রনাথ দত্ত চাৰৰ নামত উছৰ্গা কৰিছে। ‘সম্পাদকীয় (সামাজিক স্বীকৃতি)’ত উল্লেখ কৰিছে “…সমাজ জীৱনলৈ অৰিহণা যোগোৱা মানুহবোৰক প্রশংসা-সন্মানেৰে ওপচাই দিবলৈ তেওঁলোকৰ মৃত্যুৰ বাবে অপেক্ষা কৰি থকা সমাজ এখন উত্তৰ প্রজন্মক সামাজিক অৰিহণাৰ বাবে অনুপ্রাণিত কৰিবলৈ সক্ষমনে ? কিয় আমি এজন মানুহক সমাজৰ পৰা পাবলগীয়া সন্মান, স্বীকৃতি আৰু সমৰ্থন জীয়াই থাকোঁতে দিব নোৱাৰোঁ? কোনোবাই এই আশা কৰক বা নকৰক – দিয়াটো আমাৰ দায়িত্ব। এই দায়িত্ববোধ যদি নাই,- সমাজৰ কল্যাণৰ বাবেই এই দায়িত্ববোধ নিৰ্মাণ কৰিব লাগিব। কাৰণ যুগে যুগে তেওঁলোকৰ দৰে মানুহেই সমাজক দি আহিছে উচ্চতা, গভীৰতা, বৰ্ণময়, সৌন্দৰ্য, ঊৰ্ধ্বমুখী গতিশক্তি আৰু পথৰ সন্ধান ।” সম্পাদকীয়টোৰ কথাখিনি লগত আমিও একমত ।

আশা কৰিছো ভৱিষ্যতে গৰীয়সী আলোচনীখনে যোগ্যসকলক এইদৰে জীয়াই থাকোঁতেই স্বীকৃতি দিয়া ধাৰা অব্যাহত ৰাখিব আৰু আন আলোচনীবোৰেও যোগ্যসকলক জীয়াই থাকোতেই স্বীকৃতি দিয়াৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰিব । লগতে এটা কথা উল্লেখ কৰিব বিচাৰিছো গৰীয়সীৰ ডিচেম্বৰ সংখ্যাতে ‘ইতিবাচক’ শিতানত নৰ্থ লখিমপুৰ কলেজে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰা লেখাকেইটা অসমৰ সকলো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলে পঢ়া উচিত বুলি আমি ভাবো ।

ড° বুলজিৎ বুঢ়াগোহাঁই,

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More