তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪২ সংখ্যক বৈঠক সম্পন্ন

0 42

শতাব্দ ষ্টাফ ৰিপ’টাৰ তেজপুৰ ১০ছেপ্তেম্বৰ: তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪২ সংখ্যক বৈঠকখনি এইবেলি বিশিষ্ট বিজ্ঞান লেখক, অবসৰপ্ৰাপ্ত অধ্যাপক ড° ৰমেশ চন্দ্ৰ গোস্বামীৰ বাসভৱনত অনুষ্ঠিত হয়। বৈঠকৰ শুভাৰম্ভণী ঘটে ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মংগলাচৰণেৰে। সভাৰ পহিলা ভাগতেই সদ্যপ্ৰয়াত বিজ্ঞান লেখক ড° প্ৰণৱজ্যোতি চেতীয়া,বিশিষ্ট লেখক সমাজকৰ্মী দেবেন দত্ত, কবি ৰবীন্দ্ৰ সৰকাৰ, হেমন্ত কলিতা, নলিনী কুমাৰ শৰ্মা, ৰাধানাথ উপাধ্যায়, জ্যোতিনাথ শৰ্মা বৰদলৈ আৰু জ্ঞাত-অজ্ঞাত লোক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পনেৰে এক মিনিট সময় মৌনতা অবলম্বন কৰা হয়। স্বৰচিত লেখা পাঠ কাৰ্যসূচীত প্ৰথমভাগতেই ড° ৰবিন দত্তই ‘ আৰ্ছিৰণ নিলগন’ শীৰ্ষক এখনি স্বৰচিত বাটৰ নাট পাঠ কৰে। পঠিত নাটখন সম্বন্ধে ড° সুৰেশ কুমাৰ আৰ্যই চিত্তাকৰ্ষক মন্তব্য কৰে। ড° যতীন্দ্ৰ কুমাৰ চৌধাৰীয়ে জাপানী কবিতা হাইকু অতীত আৰু সাম্প্ৰতিক শীৰ্ষক প্ৰবন্ধ পাঠ কৰে। প্ৰবন্ধটো সম্পৰ্কত সভাপতি ড°সুৰেশ কুমাৰ আৰ্যই নীলমণি ফুকনৰ জাপানীজ হাইকু কবিতাৰ অনুবাদৰ উদ্ধৃতিৰে সাৰুৱা মন্তব্য প্ৰদান কৰে। পল্লব ভট্টাচাৰ্য্যই অসমীয়া জাপানীজ হাইকু কবিতাত বাংলা ভাষালৈ অনুদিত জাপানীজ হাইকু কবিতাই অনুপ্ৰেৰণা যোগাইছিল বুলি মন্তব্য কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনতে ‘জাপানী যাত্ৰী’ শীৰ্ষক জাপানীজ হাইকু কবিতা অনুবাদ কৰিছিল বুলি মন্তব্য কৰে। ইয়াৰ পিচত জ্যেষ্ঠ সদস্য অক্ষয় কুমাৰ মিশ্ৰই ‘বেজবৰুৱাৰ চিঠি’ শীৰ্ষক স্বৰচিত লেখা পাঠ কৰে। ড°সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য লেখাটো সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। অসমীয়া সমাজ জীৱনত পত্ৰ পৰম্পৰাৰ প্ৰভাৱ সম্পৰ্কেও তেখেতে মূল্যবান মন্তব্য প্ৰদান কৰে।ইয়াৰ পিচত সদস্য শেখৰ বৰুৱাই ‘ৰং বিৰঙ’ শীৰ্ষক স্বৰচিত গল্প পাঠ কৰে। গল্পটো সম্পৰ্কত মন্তব্য প্ৰদান কৰে সৰ্বশ্ৰী বীৰেন্দ্ৰ কুমাৰ বৰা, মানিক বৰা আৰু ভুবন চন্দ্ৰ গগৈয়ে। আটাই কেইগৰাকী আলোচকে গল্পটো সুখপাঠ্য হৈছে বুলি মন্তব্য কৰে। ইয়াৰ পিচত জ্যেষ্ঠ সদস্য জীতেন গোস্বামীয়ে ‘সৰু সৰু মানুহৰ জীৱনৰ আমোদজনক কাহিনী’ শীৰ্ষক সৰস লেখা পাঠ কৰে। সভাপতি ড°সুৰেশ কুমাৰ আৰ্যই লেখাটোৰ মাজেৰে জীৱনৰ বহু ৰঙী কথাৰ প্ৰকাশ ঘটিছে বুলি মন্তব্য কৰে। ড°ভূপেন শইকীয়া আৰু ড°প্ৰাণজিৎ হাজৰিকাই লেখাটি সুখপাঠ্য হৈছে বুলি মন্তব্য কৰে। ইয়াৰ পিচত জ্যেষ্ঠ সদস্য ভুবন চন্দ্ৰ গগৈয়ে ‘গভীৰ অন্তৰ্দৃষ্টিসম্পন্ন ব্যক্তি বিষ্ণু প্ৰসাদ ৰাভাৰ কথা আৰু কাম’ শীৰ্ষক নিবন্ধ পাঠ কৰে । নিবন্ধটো সম্পৰ্কত সভাপতি ড°সুৰেশ কুমাৰ আৰ্যই মূল্যবান মন্তব্য প্ৰদান কৰে। ইয়াৰ পৰবৰ্তী পৰ্যায়ত সদস্য কুমুদ শইকীয়াই ‘ শ্ৰীমন্ত শঙ্কৰদেৱৰ কীৰ্তন আৰু ড°ভবেন্দ্ৰ নাথ শইকীয়াৰ সুবাস’ শীৰ্ষক প্ৰবন্ধ পাঠ কৰে। প্ৰবন্ধটো সম্পৰ্কত ড°প্ৰাণজিত হাজৰিকা,ড°ভূপেন শইকীয়া, ভুবন চন্দ্ৰ গগৈ, ৰবিন দত্ত, মানিক বৰা, ড° শিৱৰঞ্জন মহন্ত, ড°সুৰেশ কুমাৰ আৰ্য, ড°সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই মন্তব্য প্ৰদান কৰে। ইয়াৰ পিচত জ্যেষ্ঠ সদস্য মানিক বৰাই ‘টুকুৰা ছবি’ শীৰ্ষক গল্প পাঠ কৰে। সভাপতি ড° সুৰেশ কুমাৰ আৰ্যই গল্পটিত থকা মনস্তাত্বিক উপাদান অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। জ্যেষ্ঠ সদস্য ৰমেশ চন্দ্ৰ কলিতাই গল্পটোৰ সম্বন্ধত মন্তব্য কৰে। ইয়াৰ পিচতে সভাপতিৰ অনুৰোধ মৰ্মে অতিথি ড°শিৱৰঞ্জন মহন্তই তেখেতৰ ইউৰোপ ভ্ৰমণ সম্পৰ্কে বক্তব্য প্ৰদান কৰে।সাহিত্য চ’ৰাখনৰ পৰবৰ্তী বৈঠক জ্যেষ্ঠ সদস্য ভুবন চন্দ্ৰ গগৈয়ে নিজা বাসগৃহত অনুষ্ঠিত কৰিবলৈ চ’ৰা সদস্যসকল অনুৰোধ জনায়। পৰবৰ্তী বৈঠক ১ অক্টোবৰ ২০২৩ তাৰিখে ভুবন চন্দ্ৰ গগৈৰ বাসগৃহত অনুষ্ঠিত হ’ব বুলি সভাপতিয়ে ঘোষণা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More