“তেজপুৰ সাহিত্য চ’ৰা” ৰ ৫৪০ সংখ্যক বৈঠক সম্পন্ন

মাণিক বৰাৰ "মানুহৰ পৃথিৱী" শীৰ্ষক উপন্যাস আৰু পল্লৱ ভট্টাচাৰ্য্যৰ জীৱনীমূলক গ্ৰন্থ "নাথান ব্ৰাউন" উন্মোচন

0 23

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : তেজপুৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান “তেজপুৰ সাহিত্য চ’ৰা” ৰ ৫৪০ সংখ্যক বৈঠকখনি আজি চ’ৰাৰ নৱনিৰ্বাচিত সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাৰ চ’ৰা ঘৰত অনুষ্ঠিত হয়। সভাপতি ড° সুৰেশ কুমাৰ আৰ্যৰ অনুপস্হিতিত আজিৰ বৈঠকত সভাপতিত্ব কৰে উপ-সভাপতি অক্ষয় কুমাৰ মিশ্ৰই। জুৰি বৰাৰ স্বৰচিত আদৰণীসূচক কবিতা আবৃত্তিৰ জৰিয়তে প্ৰাৰম্ভ ঘটা এই চ’ৰাত পোনপ্ৰথমে সদ্যপ্ৰয়াত লোকসংস্কৃতিৰ সাধক ড° গণেশ পেগু, তেজপুৰৰ সমাজকৰ্মী পুতুল ৰাভা, তেজপুৰৰ সাংস্কৃতিক সংগঠক অমল সেনগুপ্তৰ লগতে বানপানী আৰু পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা ব্যক্তিসকলৰ লগতে জ্ঞাত-অজ্ঞাত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰস্তাব গ্ৰহণ কৰা হয়। ইয়াৰ পিচতেই পূৰ্বৰ বৈঠকৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই। সদ্য প্ৰয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য কিশোৰী মোহন পাঠকৰ জীৱন-কৃতি আলোকপাত কৰা এটি শ্ৰদ্ধাঞ্জলিসূচক লেখা পাঠ কৰে সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই। ইয়াৰ পিচতেই জ্যেষ্ঠ সদস্য অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন গোস্বামীয়ে ‘বাৰ্দ্ধক্য কিছু উপলব্ধি’ শীৰ্ষক এটি প্ৰবন্ধ পাঠ কৰে। প্ৰবন্ধটি সম্পৰ্কত সমালোচনা আগবঢ়াই বিশ্বজিৎ চক্ৰৱৰ্তীয়ে। ইয়াৰ পিচতে জ্যেষ্ঠ সদস্য ভূবন চন্দ্ৰ গগৈয়ে ‘বন্ধু পত্নী’ শীৰ্ষক এটি চুটি গল্প পাঠ কৰে। গল্পটোৰ সম্পৰ্কত আলোচনা আগবঢ়াই বিশিষ্ট গল্পকাৰ মানিক বৰাই। জ্যেষ্ঠ সদস্য দিলীপ কুমাৰ বৰুৱাই কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰত ৰচিত প্ৰবন্ধ ‘মৃতকৰ সৈতে কথা পাতো আহক’ পাঠ কৰে। প্ৰবন্ধটোৰ সম্পৰ্কত ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য ,ড০ ৰবীন দত্ত, ড০যতীন্দ্ৰ কুমাৰ চৌধাৰী, পল্লব ভট্টাচাৰ্য্য আৰু ড০ সঞ্জয় ডেকাই আলোচনা আগবঢ়ায়। চ’ৰাৰ জ্যেষ্ঠ সদস্য ড০.সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই ‘এ.পি.জে.আব্দুল কালামৰ আত্মজীৱনী উইংচ অৱ ফায়াৰ’ শীৰ্ষক প্ৰবন্ধ পাঠ কৰে। প্ৰবন্ধটি সম্পৰ্কত উপ-সভাপতি অক্ষয় কুমাৰ মিশ্ৰ, ড° সঞ্জয় ডেকা, দিলীপ কুমাৰ বৰুৱাই সমালোচনাত্মক মন্তব্য আগবঢ়ায়। ইয়াৰ পৰবৰ্তী পৰ্যায়ত জ্যেষ্ঠ সদস্য দিলীপ বৰাই “ডিমেন্সীয়া’ শীৰ্ষক বাস্তৱ জীৱনৰ সৈতে সম্পৃক্ত এটি গল্প পাঠ কৰে। গল্পটোৰ সমালোচনা আগবঢ়াই ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য , অক্ষয় মিশ্ৰ আৰু মানিক বৰাই। জ্যেষ্ঠ সদস্য পবীন্দ্ৰ নাথ কলিতাই ‘তাই হ’ব বিচৰা নাই এটি কবিতা’ আৰু জ্যেষ্ঠ সদস্য ড০যতীন্দ্ৰ নাথ চৌধাৰীয়ে ‘অভিজ্ঞান’ শীৰ্ষক স্বৰচিত কবিতা পাঠ কৰে। ড০ চৌধাৰীৰ কবিতা সম্পৰ্কত মত প্ৰকাশ কৰে মানিক বৰা আৰু ড° সঞ্জয় ডেকাই । আনহাতে আজিৰ এই চ’ৰাতে জ্যেষ্ঠ সদস্য, গল্পকাৰ মানিক বৰাৰ উপন্যাস ‘মানুহৰ পৃথিৱী’ আৰু পল্লব ভট্টাচাৰ্য্যৰ জীৱনীমূলক গ্ৰন্হ ‘নাথান ব্ৰাউন’ শীৰ্ষক দুখনকৈ গ্ৰন্হ উন্মোচন কৰে আজিৰ চ’ৰাৰ সভাপতি অক্ষয় কুমাৰ মিশ্ৰই। বৈঠকৰ অন্তত চ’ৰাৰ পৰৱৰ্তী বৈঠক ড° প্ৰানজিৎ হাজৰিকাৰ বাসগৃহত অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More