তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ অধিৱেশন আৰম্ভ

নতুন সমিতি গঠন

0 40

উত্তৰ লক্ষীমপুৰ, ৭ এপ্ৰিল: লক্ষীমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সপ্তদশ পূৰ্ণাঙ্গ অধিৱেশন আজিৰে পৰা সমন্বয় ক্ষেত্ৰ ন-আলিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি পুৱা ৮ বজাত গছপুলি ৰোপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গাঁও প্ৰধান বিনোদ দাসে। পুৱা ৯.১৫ বজাত অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ, ৰচনা আৰু স্বৰচিত কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত কুঁহি, ৰামধেনু আৰু আকাশ অনুষ্ঠান উদ্বোধন কৰে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি উমানন্দ বৰুৱাই। শাখা সভাৰ সম্পাদক সঞ্জীৱ বৰাই আঁত ধৰা অনুষ্ঠানটোত দুই শতাধিক শিশু, যুৱক-যুৱতী আৰু মহিলাই অংশগ্ৰহণ কৰে। বিয়লি ১ বজাত শাখা সাহিত্য সভাৰ অন্তিম কাৰ্যনিৰ্বাহক সভা আৰু ১.৩০ বজাত শাখা সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰশান্ত কুমাৰ মোদক পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাত হৰেন হাজৰিকাক সভাপতি, দুলাল দত্তক সম্পাদক হিচাপে লৈ পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। অন্যহাতে কাইলৈ পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব শাখা সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ খাউণ্ডে। স্মৃতি তৰ্পণ কৰিব আদৰণি সমিতিৰ সম্পাদক সিদ্ধাৰ্থ পাঠকে। পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব নাট্যকাৰ, পৰিচালক ৰাজীৱ গগৈয়ে। ১১.৩০ বজাৰ পৰা বিশিষ্ট কবি, সাহিত্যিক কল্যাণী চক্ৰৱৰ্তী গগৈৰ সঞ্চালনাত অনুষ্ঠিত হ’ব জনগোষ্ঠীয় কবি সন্মিলন। ১২-৩০ বজাৰ পৰা অনুষ্ঠিতব্য গ্ৰন্থ উন্মোচনী আৰু মুকলি সভাত সভাপতিত্ব কৰিব নৱনিৰ্বাচিত সভাপতি হৰেন হাজৰিকাই ৷ অসম সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ধনদা দেৱীয়ে সভাখন উদ্বোধন কৰিব ৷ এল টি কে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° ৰণদ্বীপ বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণত ‘প্ৰেৰণাদায়ী সাহিত্য’ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব ৷ বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক নিৰণ কুমাৰ বৰা, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি সঞ্জীৱ উপাধ্যায় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক কৃষ্ণ দাসে ৷ সভাত ৰিণ্টু শইকীয়াৰ সম্পাদনাত প্ৰকাশিত তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ মুখপত্ৰ ’স্বৰ্ণবাহী’ৰ উন্মোচন কৰা হ’ব বুলি আদৰণী সমিতিৰ সভাপতি বিৰেন দাস আৰু সম্পাদক সিদ্ধাৰ্থ পাঠকে জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More