তৌফিক ৰহমানলৈ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা

তেজপুৰৰ ঐতিহ্যমণ্ডিত মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ ধাৰাবাহিক পদক্ষেপ

0 68

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ডিচেম্বৰঃ নাট্য সম্ৰাট হিচাপে খ্যাত প্ৰয়াত প্ৰফুল্ল বৰাৰ ষষ্ঠদশ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এইবাৰ ২০২২ বৰ্ষৰ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা আগবঢ়োৱা হৈছে অসমৰ লব্ধপ্ৰতিষ্ঠ অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ তৌফিক ৰহমানক। নাট্য সম্ৰাট প্ৰফুল্ল বৰাৰ ওপজা গাঁও দ-পৰ্বতীয়াত মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ উদ্যোগত ১৬ বছৰে নিয়মীয়াকৈ নাট্যকাৰ গৰাকীৰ স্মৃতি দিৱসটি পালন কৰি অহাৰ মাজতে বিগত ২০২১ৰ পৰা নাট্য সম্ৰাট প্ৰফুল্ল বৰা সোঁৱৰণী বঁটা প্ৰদান কৰা হৈছে।তদুপৰি, স্মৃতি দিৱসৰ অন্যতম কাৰ্যসূচী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা সুচাৰু ৰূপে সম্পন্ন হয়। মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ সভাপতি গুণাধৰ বৰাৰ দ্বাৰা অনুষ্ঠানৰ পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি উমা কান্ত বৰাই৷নাট্য সম্ৰাট গৰাকীৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত পৰিয়ালৰ তৰফৰ পৰা কণিষ্ঠ পুত্ৰ প্ৰিয়াংকু বৰাৰ লগতে বিশিষ্ট নাট্য শিল্পী হৰেকৃষ্ণ মহন্ত, ভৱানী দাস,গিৰীশ বৰা আদিৰ লগতে মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প সমাজ আৰু যুৱ সমাজে অংশ গ্ৰহণ কৰে। নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা প্ৰদান অনুষ্ঠানৰ লগতে সোঁৱৰণী সভা আৰু স্মৃতি গ্ৰন্থ “সন্ধ্যা তৰা” উন্মোচন কৰা হয়। এইবাৰ ২০২২ বৰ্ষৰ বাবে নাট্য সম্ৰাট প্ৰফুল্ল বৰা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় অসমৰ স্বনামধন্য অভিনেতা, পৰিচালক আৰু চিত্ৰ-নাট্যকাৰ তৌফিক ৰহমানক৷ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় পৰম্পৰাৰে সমৃদ্ধ এখন ঐতিহ্যমণ্ডিত চহৰ যোৰহাটত ১৯৫২ ত জন্মগ্ৰহণ কৰা আৰু ১৯৭৪ চনত ‘চামেলি মেমচাব’ বোলছবিত অভিনয়েৰে পোনপ্ৰথমবাৰৰ বাবে অভিনয় জগতত খোজ দিয়া বিশিষ্ট অভিনেতা, পৰিচালক তথা চিত্ৰ- নাট্যকাৰ তৌফিক ৰহমানে সুদীৰ্ঘ ২০ বছৰ ধৰি একেৰাহে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনেতা, পৰিচালক আৰু নাট্যকাৰ হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে।
নিজৰ সাংস্কৃতিক দায়বদ্ধতাক স্বৰ্ণশিখৰত আৰোহণ কৰাবলৈ সক্ষম হোৱা নাট্য শিল্পী ৰহমানে এগৰাকী সুযোগ্য অসমীয়া হিচাপে পৰিচয় দি তেওঁৰ বৰ্ণময় সাংস্কৃতিক জীৱন পৰিক্ৰমাত ১৫০ খন নাটকত অভিনয় কৰাৰ উপৰিও ৪০ খনতকৈও অধিক নাটক পৰিচালনা কৰি নিজৰ কৃতিত্বৰে উত্তৰ পূৰ্বাঞ্চলৰ নাট্য আৰু বোলছবি জগতখনক সমৃদ্ধ কৰিছে। বিশিষ্ট চিত্ৰ – ভাস্কৰ্য শিল্পী তথা মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ উপ-সভাপতি হৰিনাৰায়ণ দাসে আঁত ধৰা অনুষ্ঠানত বিশেষ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মাই উদযাপন সমিতিৰ স্মৃতিগ্ৰন্থ প্ৰণয়ণ উপ-সমিতিৰ সম্পাদক ৰঞ্জিত তামুলীৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ ‘সন্ধ্যাতৰা’ উন্মোচন কৰে। জ্ঞান ভাৰতী একাডেমীৰ সঞ্চালক বংকিম বৰুৱাই মঞ্চ মুকলি কৰাৰ লগতে সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা উদ্বোধন কৰে।অনুষ্ঠানৰ বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি মৃগেন বড়া, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা অসম সাহিত্য সভাৰ শিশু সাহিত্য বঁটা প্ৰাপক দ্বীজেন নাথ, বিশিষ্ট অভিনেত্ৰী চিমী গোস্বামী, মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ সম্পাদিকা মীনাক্ষী শৰ্মা, ইণ্ডাচ্ইন বেংকৰ তেজপুৰ শাখাৰ প্ৰৱন্ধক পল্লবী গগৈ বৰুৱা, বিশিষ্ট অভিনেতা হৰেকৃষ্ণ মহন্ত আদিয়ে।আনহাতে, নাট্য সম্ৰাট প্ৰফুল্ল বৰা সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্য দলৰ সন্মান অৰ্জন কৰে নগাঁৱৰ ‘ভাস্ থিয়েটাৰে দেউতা নামৰ নাটকখনৰে। দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল বিবেচিত হয় মংগলদৈৰ জেংৰাই নাট্য দল,তেওঁলোকে ডিগনিটি অৱ লেৱাৰ নামৰ নাটকখন মঞ্চায়ন কৰিছিল। আনহাতে বোকাখাটৰ নৱ নাট্য কৰ্মী দলে জীৱনমুখী নাটকৰে তৃতীয় শ্ৰেষ্ঠ নাট্য দল নিৰ্বাচিত হয়৷ইয়াৰোপৰি,শ্ৰেষ্ঠ নাট্যকাৰ সন্মান জেংৰাইৰ বিশ্বজিৎ ডেকাই লাভ কৰাৰ লগতে দেউতা নাটকত কৰা কানাই চৰিত্ৰৰ অভিনয়ৰ বাবে অঞ্জল বৰাই শ্ৰেষ্ঠ অভিনেতা,জেংৰাই নাট্যদলৰ নীনামণি কলিতাই দৈৱকী চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী, ভাৰ্গৱ জ্যোতি কলিতাই শ্ৰেষ্ঠ কৌতুক অভিনেতা, শ্ৰেষ্ঠ শিশু শিল্পীৰ সন্মান নিশিতা বৰা,শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অঞ্জল বৰাই লাভ কৰে৷ আনহাতে, উদগণি বঁটা লাভকৰে তেজপুৰৰ সুৰুজ নাট কলা দলে৷ একেদৰে
বিচাৰকৰ বিশেষ বঁটা লাভ কৰে বিকাশ বৰাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More