দা হান্স ফাউণ্ডেচনৰ উদ্যোগত দেশত সম্পন্ন হ’ব ১০ হাজাৰ সামূহিক বিবাহ

লখিমপুৰত একেলগে ৬ শ দম্পতীৰ সামূহিক বিবাহৰ প্ৰস্তুতি

0 11

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুলাইঃ বৈদিক পৰম্পৰা আৰু ৰীতি নীতিৰে বিভিন্ন সময়ত একাংশ স্বেচ্ছাসেৱী সংস্থাই সমুহীয়া বিবাহ তথা সংস্কাৰ নীতিৰে সমাজৰ বহু আর্থিক ভাৱে পিছপৰা দম্পতীক সহায় কৰি আহিছে। তেনে এটা সংস্থা হৈছে দা হান্স ফাউণ্ডেছন। এই সংস্থাই অহা ৩ আগষ্টত উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত একেলগে ৬শ যোৰা দম্পতিৰ বিবাহৰ আয়োজন কৰিছে। বুধবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে লখিমপুৰ জিলাৰ সংস্কাৰ সমিতিৰ কাৰ্যালয় সম্পাদক তপন কুমাৰ বেজবৰুৱা, ড° দিলীপ কুমাৰ ঝা, সম্পাদক ভৱ বুঢ়াগোহাঁই, তৰুণ চন্দ্ৰ নাথ আৰু বিকাশ প্রসাদে। তেওঁলোকে জানিবলৈ দিয়া মতে অহা ৩ আগষ্টত এই সামুহিক বিবাহ অনুষ্ঠান সম্পন্ন কৰিব দা হান্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ভোলেজি মহাৰাজ, মাতা মঙ্গলাজিয়ে । অনুষ্ঠানত ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামী, মাহৰা সত্ৰৰ সত্ৰাধিকাৰ ভোলা গোস্বামী, চাঙিনী সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ লাগাচু আৰু এক শৰণ ভাগৱতী সমাজৰ শংকৰজ্যোতি দাসে ৬শ যোৰা দম্পতিক আশিস প্রদান কৰিব। উল্লেখ যে এই বিবাহ অনুষ্ঠান তিনিটা পৰম্পৰা বৈদিক, আদিবাসীৰ মহুৱা আৰু বিধিপাঠেৰে সম্পন্ন হ’ব। পূর্বে গোপন বিবাহ কৰা আৰু সংস্কাৰ নোহোৱা সমাজৰ এই আর্থিক ভাৱে পিছপৰা এই দম্পতিসকলৰ মাজত এনেদৰে সমুহীয়া বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে উক্ত সংস্থাৰ অধীনতে ৩ আগষ্টত লখিমপুৰৰ ত্যাগক্ষেত্ৰত আৰু ১৬ আগষ্টত বগীনদী আৰু হাৰমতীত এনেদৰে ৯শ যোৰা দম্পতিৰ বিবাহ কার্য সম্পন্ন কৰা হ’ব বুলি উদ্যোক্তাসকলে সংবাদমেলত সদৰি কৰে। সম্পূর্ণ বিনামূলীয়াকৈ দম্পতিসকলক ফাউণ্ডেচনে সমুহীয়া বিবাহ অনুষ্ঠিত কৰি দিয়াৰ লগতে তেওঁলোকক বাচন-বৰ্তন, যাৱতীয় সা-সামগ্রীও প্রদান কৰিব। দৰা কইনাই বিবাহ অনুষ্ঠানত পৰিধান কৰিব লগা সাজপাৰ ফাউণ্ডেচনে বিবাহ অনুষ্ঠানৰ তিনিদিনৰ পূর্বেই দিয়াৰ ব্যৱস্থা কৰিছে। উল্লেখ যে দা হান্স ফাউণ্ডেচনে সমগ্ৰ দেশৰ ২৬ খন ৰাজ্যত চলিত বছৰত ১০ হাজাৰ বিবাহ এনেদৰে সম্পন্ন কৰি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে অনুষ্ঠানৰ উদ্যোগত বিবাহ কার্য সম্পন্নৰ বাবে পঞ্জীয়ন সম্পূৰ্ণ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More