দিনজোৰা কাৰ্যসূচীৰে ৩ আগষ্টত শোণিতপুৰ জিলা দিৱস পালন

0 9

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ জুলাইঃ বিগত বৰ্ষৰ দৰে এই বছৰো পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনৰ ৩ আগষ্টত শোণিতপুৰ জিলা প্ৰতিষ্ঠা হোৱাৰ দিনটো জিলা দিৱস হিচাপে দিনযোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদোগত উদযাপন কৰা হব ৷
এই উপলক্ষে, জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু জিলা ক্ৰীড়া কাৰ্যালয়ৰ যৌথ উদ্যোগত পুৱা ৬ বজাত এক চাইকেল ৰেলীৰে দিনজোৰা কাৰ্যসূচী মুকলি কৰা হ’ব। ইয়াৰ পিছতে পুৱা ৭ বজাত তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ দ্বাৰা পৰিচালিত পুণঃনিৰ্মিত কৰা আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্বোধন কৰা হ’ব আৰু পুৱা ৭.১০ বজাৰ পৰা উদ্যানখনত এক যোগ শিবিৰ অনুষ্ঠিত কৰা হ’ব ।পুৱা ৮:৩০ বজাত এই উদ্যানতে ‘বেটি বচাও, বেটি পঢ়াও’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা আৰু জিলা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ কেইবাগৰকীও প্ৰখ্যাত শিল্পীসকলৰ দ্বাৰা কলা শিবিৰ আৰু লাইভ প্ৰদৰ্শনী মুকলি কৰা হ’ব । একে সময়তে জিলা আয়ুক্ত কাৰ্যালয়ত “দেৱাল অংকন” কাৰ্যসূচীও শুভাৰম্ভ কৰা হ’ব ৷ পৰৱৰ্তী সময়ত পুৱা ৯:৩০ বজাত শোণিতপুৰ জিলাৰ কৃষকসকলে জৈৱিক উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত এটা জৈৱিক সামগ্ৰী বিক্ৰী কেন্দ্ৰ (অৰ্গেনিক হাব) উদ্বোধন কৰা হ’ব আৰু এই কেন্দ্ৰটো গ্ৰাহকৰ বাবে প্ৰতিদিনে খোলা থাকিব । জিলা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৪০ বছৰৰ উৰ্দ্ধৰ মহিলাসকলৰ মাজত স্তন কেন্সাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত তেজপুৰৰ ৰটাৰী ক্লাবৰ সহযোগত এক মেডিকেল মেম’গ্ৰাফী সজাগতা শিবিৰৰ আয়োজন কৰা হ’ব । এই শিবিৰত প্ৰায় ২০০ অংগনবাড়ী কৰ্মী উপস্থিত থাকিব তাৰ পিছত অনাগত দিনত তেজপুৰ কেন্সাৰ চেণ্টাৰ, টুমুকীত পৰ্যায়ক্ৰমে বিনামূলীয়াকৈ মেম’গ্ৰাফী কৰাব পাৰিব। এই কাৰ্যসূচীত মহিলা শিক্ষয়িত্ৰী আৰু অন্যান্যসকলকো পৰ্যায়ক্ৰমে সামৰি লোৱা হ’ব।জিলা দিৱসৰ এক অন্যতম কাৰ্যসূচী হিচাপে ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি, তেজপুৰ শাখা, মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আৰু জয়পুৰৰ ভগৱান মহাবীৰ বিকলাংগ সাহায়তা সমিতিৰ সৌজন্যত এক জয়পুৰ কৃত্ৰিম অংগ আৰু জয়পুৰ কেলিপাৰ ফিটমেণ্ট শিবিৰ আয়োজন কৰা হ’ব । পুৱা ১০.১৫ বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাংসদ পল্লৱ লোচন দাসে এই বিনামূলীয়া শিবিৰ উদ্বোধন কৰিব । ইতিমধ্যে এই শিবিৰৰ বাবে প্ৰায় ৭০০ হিতাধিকাৰী চিনাক্ত কৰা হৈছে আৰু পৰৱৰ্তী সময়ত কেইমাহমানৰ মূৰে মূৰে নিয়মীয়াকৈ এই শিবিৰসমূহ অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উপৰিও, জিলা বন বিভাগ আৰু গুৱাহাটী পশ্চিম ৰটাৰী ক্লাবৰ যুটীয়া সহযোগত জিলা দিৱস উপলক্ষে বুঢ়াচাপৰী বন্যপ্ৰাণী অভয়াৰণ্যত মুঠ ২০০ বিঘা ভূমি সামৰি এক বিস্তৃত বৃক্ষৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব। প্ৰথম দিনা প্ৰায় ৫০ বিঘাত এই বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব আৰু ইতিমধ্যে প্ৰাথমিক প্ৰস্তুতিৰ কাম আৰম্ভ কৰা হৈছে। দিনটোৰ আন এক কাৰ্যসূচীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এক পশু আশ্ৰয় গৃহ আৰু পশু টিকাকৰণ শিবিৰ উদ্বোধন কৰা হ’ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ এনিমেল ওৱেলফেয়াৰ ক্লাব আৰু তেজপুৰৰ ৰটাৰী ক্লাবৰ যৌথ উদ্যাোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।বিয়লি ৪ বজাৰ পৰা জিলা দিৱসৰ লগত সংগতি ৰাখি তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত বিশিষ্ট ইতিহাসবিদ তথা শিক্ষাবিদ ড০ ৰাজেন শইকীয়াই “শোণিতপুৰৰ জীৱন গাঁথা, ইয়াৰ উদ্ভাৱন, উত্তৰণ আৰু উদযাপন” বিষয়ক বিশেষ বক্তৃতা প্ৰদান কৰিব । সন্ধিয়া ৬.৩০ বজাৰ পৰা বাণ থিয়েটাৰত এক মুকলি সভা আয়োজন কৰা হৈছে আৰু এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনলৈ বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াই অনা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব । সমগ্ৰ ৰাজ্যতে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ অসম চৰকাৰৰ লক্ষ্যৰ লগত সংগতি ৰাখি এই উপলক্ষে পথ সুৰক্ষা সজাগতাৰ ওপৰত এখন চমু নাটকৰো আয়োজন কৰা হৈছে ৷ পিছত গুৱাহাটীৰ ছিগাল থিয়েটাৰ গোষ্ঠীৰ দ্বাৰা প্ৰযোজিত আৰু বিশিষ্ট নাট্যকাৰ বাহাৰুল ইছলাম পৰিচালিত ড০ ভৱেন্দ্ৰনাথ শইকীয়াৰ কাহিনীৰ আধাৰত “আকাশ” নামৰ নাট মঞ্চস্থ কৰা হ’ব । এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱা কুমাৰ মিশ্ৰই সোমবাৰে শোণিতপুৰ জিলাৰ কেইবাগৰাকীও বিশিষ্ট নাগৰিকসকলৰ সৈতে সাক্ষাৎ কৰি শোণিতপুৰ জিলা দিৱস পালন সন্দৰ্ভত বিস্তৃত আলোচনাত মিলিত হয়। ইয়াৰ পিছত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত সংবাদ মাধ্যমক সম্বোধন কৰি কাৰ্যসূচী সূচাৰুৰূপে সমাপন কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More