দুবছৰে ন্যায় নাপালে চিপি ভেংৰাই

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’: তেজপুৰৰ চি পি ভেংৰা নামৰ কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আৰক্ষীয়ে প্ৰদৰ্শন কৰা শিথিলতাৰ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাই ৷ স্মৰ্তব্য যে,তেজপুৰৰ কিশোৰী চিপিৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উঠিছিল স্বয়ং আৰক্ষী বিভাগতে কৰ্মৰত দুই পতি পত্নীৰ বিৰুদ্ধে৷২০২১ৰ পাঁচ ছেপ্টেম্বৰতেই এইগৰাকী কিশোৰী চিপি ভেংৰাই এক অতি যন্ত্ৰণাদায়ক মৃত্যুক সাৱতিব লগীয়া হৈছিল যদিও আজিলৈকে এই ঘটনাৰ তদন্ত আগনাবাঢ়িল৷ উল্লেখযোগ্য যে,অসম আৰক্ষীৰে কনিষ্টবল দম্পতী অনুৰূপা শইকীয়া(জোন) আৰু ৰাজীৱ বৰাৰ ঘৰত ঘৰুৱা বন কৰিবলৈ নিয়া হৈছিল তেজপুৰৰ চিপিক৷ দিঘলীয়া সময় চিপি আছিল দেৰগাঁৱত কৰ্মৰত অনুৰূপা নামৰ কনিষ্টবল গৰাকীৰ স’তে আৰু অনুৰূপাৰ স্বামী ৰাজীৱ বৰা কৰ্মৰত আছিল তেজপুৰত৷ ২০২১ৰ তিনি ছেপ্টেম্বৰত কিশোৰী চিপীক মুমূৰ্ষু অৱস্থাত এই আৰক্ষী দম্পতীয়ে পঠিয়াই দিছিল চিপিৰ তেজপুৰৰ ঘৰলৈ৷ কিন্তু ইয়াৰ দুদিন পাছতে ২০২১ৰ পাঁচ ছেপ্টেম্বৰত কিশোৰী চিপি ৰ মৃত্যু ঘটাক কেন্দ্ৰ কৰি তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ উল্লেখযোগ্য যে আকস্মিক ভাবে শাৰিৰীক অসুস্থতাৰ অজুহাতত পিতৃ মাতৃক গটাই দিয়া চিপীৰ শৰীৰত অকথ্য নিৰ্যাতনৰ চিহ্ন স্পষ্ট আছিল৷ কঁকাল পিঠি মূৰ আৰু ভৰিত গভীৰ আঘাতৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কিশোৰী গৰাকীৰ মৃত্যু ঘটাৰ পাছত চিপিৰ শৰীৰত দেখা পোৱা গভীৰ আৰু লোমহৰ্ষক আঘাত দেখি হতবাক হৈ পৰাই নহয়, আনকি কিশোৰীগৰাকীৰ শৰীৰত থকা আঘাতৰ বৰ্ণনাও দিছিল সেই সময়ত কনকলতা অসামৰিক চিকিৎসালয়ত উপস্থিত থকা তদানীন্তন কাৰ্যবাহী দণ্ডাধীশেও৷ এই ঘটনা সন্দৰ্ভত আটছা আৰু আছাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ উপৰি আমছুৰ নপাম আঞ্চলিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ঘটনাৰ উচিত তদন্ত দাবী কৰি এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰিছিল৷ স্মাৰকপত্ৰৰ প্ৰতিলিপি শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত আৰু তদানীন্তন আৰক্ষী অধীক্ষকৰ লগতে গোলাঘাটৰ তদানীন্তন আৰক্ষী অধীক্ষককো প্ৰদান কৰিছিল৷কিন্তু আমছুৰ দাবী আজিলৈকে দাবী হৈয়েই থাকিল৷উল্লেখযোগ্য যে,মৰণোত্তৰ পৰীক্ষাৰ সময়ত উপস্থিত থকা কাৰ্যবাহী দণ্ডাধীশে পাঁচ ছেপ্টেম্বৰত কিশোৰী গৰাকীৰ মৃতদেহৰ এখন ভৰি ভঙাৰ লগতে কঁকালত গুৰুতৰ আঘাতৰ চিহ্ন থকা বুলি কৈছিল৷তদুপৰি মৃতদেহৰ পিছঅংশটো ক্ষত বিক্ষত হৈ আছিল৷ আনহাতে,চিপিৰ আত্মীয়ই অভিযোগ কৰে যে সুদীৰ্ঘকাল তেওঁলোকক নিজ কন্যাৰ স’তে যোগাযোগ কৰিবলৈ দিয়া নাছিল অভিযুক্ত আৰক্ষী দম্পতীয়ে৷ হঠাৎ কিশোৰী চিপিক মৃত্যমুখী অৱস্থাত উভটাই পঠোৱা এই দম্পতীয়ে আনকি তাৰ পিছতো কোনো খবৰ কৰা নাই বুলি কয় দুৰ্ভগীয়া পৰিয়ালটোৱে৷ইতিমধ্যে ঘটনা সন্দৰ্ভত কিশোৰী চিপিৰ ককায়েক জুলুচ ভেংৰাই তেজপুৰ সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৮৮৮/২০২১ নম্বৰ গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষী দম্পতী অভিযুক্ত হোৱা এই ঘটনাৰ তদন্ত আগনাবাঢ়িল আজিলৈকে৷ শোকাৱহভাবে মৃত্যু হোৱা চিপি এটা অতিশয় দৰিদ্ৰ পৰিয়ালৰ কিশোৰী হোৱাৰ বাবে আৰু অভিযুক্তদ্বয় আৰক্ষী বিভাগৰে কৰ্মচাৰী হোৱাৰ বাবেই তদন্ত লেহেমীয়া হৈছে নেকি বুলি প্ৰশ্ন উত্থাপিত হোৱাৰ বিপৰীতে আজিলৈকে হত্যাৰ অভিযোগত অভিযুক্তদ্বয়ৰ কাষেই চাপিব নোৱৰা তেজপুৰ আৰক্ষীৰ ভূমিকাও সন্দেহজনক বুলি অভিযোগ উঠি আহিছে৷ চিপিৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে ইতিমধ্যে নপামত থকা তেওঁলোকৰ ভেটি মাটি বিক্ৰী কৰি আন ঠাইলৈ উঠি গৈছে৷ পিতৃ চানিকা ভেংৰাৰ শাৰীৰিক অৱস্থাও শোচনীয়৷ এনে অৱস্থাত অকালতে আৰু ৰহস্যজনক ভাবে প্ৰাণ হেৰুৱাবলগীয়া হোৱা চিপিৰ মৃত্যু ৰহস্য যে শীঘ্ৰেই পোহৰলৈ আহিব তাৰ আশা সম্প্ৰতি হ্ৰাস পাইছে যদিও বিষয়টো ৰাইজৰ মাজত চৰ্চিত হৈ আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More