“পাঠশালা”ঃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ পাব ৰঙীন কাকত 

ৰাজ্যখনৰ অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে নতুন সংযোজন

0 16
  • কৃতী শিক্ষক, লেখক সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ দৃষ্টান্তমূলক পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ মে’ সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে অসমত প্ৰথমবাৰৰ বাবে কিউ আৰ কোড সমৃদ্ধ এখন মাহেকীয়া ৰঙীন কাকত শীঘ্ৰেই প্ৰকাশ পাব তেজপুৰৰ পৰা। উল্লেখ্য যে, তেজপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কৃতী শিক্ষক, লেখক তথা সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া “পাঠশালা” শীৰ্ষক কাকতখনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠভিত্তিক লেখাৰ লগতে ছাত্ৰ ছাত্ৰীৰ লেখা প্ৰকাশ পাব৷ বিশেষকৈ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ সকলো বিষয়ৰ পাঠৰ বিষয়ে লেখাসমূহ প্ৰকাশ পাব৷ উল্লেখ্য যে অসমত প্ৰথমবাৰৰ বাবে QR code সমৃদ্ধ লেখা অকণিৰ পাঠশালাত প্ৰকাশ কৰা হ’ব আৰু ১৬ পৃষ্ঠাৰ সম্পূৰ্ণ ৰঙীণ এই কাকতখন অহা শিক্ষক দিৱসৰ দিনটোতে আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হ’ব বুলি সম্পাদক ৰাম হাজৰিকাই জানিবলৈ দি কাকতখনৰ বাবে শিক্ষকসকলে যিকোনো পাঠৰ ভিডিঅ বাণীবদ্ধ কৰি উল্লেখ কৰা ৱাটচ এপ নম্বৰত পঠাব পাৰিব৷ লেখা পঠোৱাৰ ঠিকনা ৰাম হাজৰিকা, নপাম,ডাক — নপাম,
জিলা—শোণিতপুৰ-784028
whats app 9101543619
Email—[email protected]

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More