দুবছৰে পলাতক বলাৎকাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

0 20
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৬ মেঃ এগৰাকী যুৱতীক বলাৎকাৰৰ এক অভিযুক্ত বিগত দুবছৰে পলাতক হৈ থকাৰ অন্তত আজি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঢেকিয়াজুলি আৰক্ষী৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঢেকিয়াজুলি আৰক্ষীথানা অধীনস্থ  লামা গাঁৱৰ বাসিন্দা ৰফিকুল ইছলাম(৪২) নামৰ লোকজনে দুবছৰ পূৰ্বে একে গাঁৱৰে এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগ উঠিছিল৷যুৱতীগৰাকীৰ ঘৰত কোনো নথকাৰ সময়ত প্ৰাণনাশৰ ভীতি প্ৰদৰ্শন কৰি উপৰ্যুপৰি বলাৎকাৰ কৰা বুলি ৰফিকুলৰ বিৰুদ্ধে অভিযোগ উঠাৰ লগতে  সেই সময়তে যুৱতীগৰাকীয়ে ন্যায় বিচাৰি ঢেকিয়াজুলি আৰক্ষীথানাত এজাহাৰ দাখিল কৰিছিল৷ভুক্তভোগী যুৱতীগৰাকীয়ে ঢেকিয়াজুলি আৰক্ষীথানাত এজাহাৰ দাখিল কৰাৰ পাছত ৪৬৫/২১নম্বৰ গোচৰটো ৪৪৮/৩৭৬/৫০৬ধাৰাত গোচৰ ৰুজু হোৱাৰ পাচৰে পৰা পলাতক আছিল অভিযুক্ত ৰফিকুল ইছলাম৷আনহাতে এই বলাৎকাৰৰ পৰিণতিত গৰ্ভৱতী হৈছিল যুৱতীগৰাকী আৰু বৰ্তমান যুৱতীগৰাকীৰ এটা সন্তানৰ মাতৃ৷আনহাতে পলাতক অৱস্থাত থকা ৰফিকুলে গোপনে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আহযাহ কৰাৰ খবৰ লাভ কৰা ঢেকিয়াজুলি আৰক্ষীয়ে আজি অভিযুক্তৰ সন্ধানত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ সময়তে অভিযুক্ত ৰফিকুলে পলায়ন কৰে য’দিও  আৰক্ষীয়ে তেজপুৰ বালিপুখুৰীৰ পৰা  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷আনহাতে ইয়াৰ পাছতে তেজপুৰ আদালতত হাজিৰ কৰোৱা  ৰফিকুলক আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More