দুবছৰে মোবাইল হাতেৰে স্পৰ্শ নকৰা সত্যজিৎ বিজ্ঞানৰ চতুৰ্থ স্থানত

ঢকুৱাখনাৰ ছাত্ৰৰ সাফল্যত আনন্দৰ জোৱাৰ

0 97

যোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে।

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৬ জুনঃ WhatsApp Image 2023 06 06 at 1.38.38 PMযোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে। মেধাৱী ছাত্ৰজনৰ নাম সত্যজিৎ কামান। ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি অঞ্চলৰ বালি চাপৰি গাঁৱৰ শিক্ষক কমল কামান আৰু ৰশ্মিৰেখা কামানৰ পুত্ৰ সত্যজিৎ কামানে নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে। সত্যজিতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোগামুখৰ খ্ৰাইষ্ট কিং স্কুলৰ পৰা অৱতীৰ্ণ হৈ  ৯৪.০৩ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ ৰামানুজন জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল। সত্যজিতে জনোৱা মতে তেঁওৰ লক্ষ্য এগৰাকী সুদক্ষ অভিযন্তা হোৱাৰ। সত্যজিতে মুঠ ৯৫.০৬ শতাংশ নম্বৰ লাভ কৰিছে। শৈশৱৰে পৰা গাঁৱলীয়া পৰিৱেশত ডাঙৰ হোৱা সত্যজিতে গান গাই, বিহু নাচি ভাল পায়। আজিৰ সাফল্য সম্পৰ্কে ছাত্ৰজনে কয়- সাম্প্ৰতিক সময়ত স্মাৰ্ট ফোনৰ এক অবিচ্ছেদ্য সম্পদ যদিও যোৱা দুটা বছৰত ক্ষন্তেকৰ বাবেও ম’বাইল ফোনৰ সহায় অথবা ব্যৱহাৰ কৰা নাছিল। টিউচন অথবা ঘৰুৱা শিক্ষকৰ সহায়ৰ অবিহনেই বিদ্যালয়ত আৰ্জিত জ্ঞানেৰে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি অঞ্চলৰ বালি চাপৰি গাঁৱৰ বাসিন্দা তথা বৰ্ষামুখৰ মহুৰা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমল কামানৰ পুত্ৰ সত্যজিৎ কামানে কঢ়িয়াই অনা সাফল্যই সমগ্ৰ অঞ্চলবাসীৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More