ধেমাজিত অৰুণাচলীয়ে অসমীয়াক হত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত ৫ অৰুণাচলীক গ্ৰেপ্তাৰ

নিহতৰ পৰিয়াললৈ ৫ লাখ, আহতলৈ ১ লাখ সাহায্য

0 44
  • ঘটনাস্থলীত দল-সংগঠনৰ প্ৰতিবাদ
  • লখিমপুৰতো ১৩ টা দল- সংগঠনৰ প্ৰতিবাদ
    শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ ধেমাজি জিলাৰ বৰদলনি জয়ৰামপুৰৰ সমীপৱৰ্তী পাণবাৰীৰ কেচাই খাটনিত সোমবাৰে অসমৰ ভূমিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰুই থকা অৱস্থাত অৰুণাচলীয়ে অসমৰ দুজনকৈ লোকক গুলীয়াই হত্যা কৰা ঘটনাৰ উত্তেজনা আজিও মাৰ যোৱা নাই৷ আজি ঘটনাস্থলীত ২ শতাধিক লোক উপস্থিত হৈ অৰুণাচলীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দুৰ্ভগীয়া পৰিয়ালকেইটাক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনায়৷ পৰিতাপৰ কথা যে সোমবাৰে পুৱা পানবাৰী সীমান্ত ভূমি সুৰক্ষা সমিতিৰ ৩০-৪০ জনীয়া দল এটাই অৰুণাচল সীমান্তৱৰ্তী অসমৰ ভূমিত গছপুলি ৰুই থকা অৱস্থাত অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ কংকুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলিনী গাল’ গাঁৱৰ একাংশ পুৰুষ মহিলাই হাতে হাতে দা-কুঠাৰ, বন্দুক বাৰুদ লৈ অসমৰ দলটোক আক্ৰমণ কৰে৷ এই ঘটনাত অৰুণাচলীৰ নিৰ্বিচাৰ গুলীচালনাত গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰ চুতীয়াকাৰীৰ বগা চুতীয়াৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ লগতে কমলপুৰ গাঁৱৰ মনিটুৰ গগৈৰ ধেমাজি অসামৰিক চিকিৎসালয়ত মৃত্যু হয়৷ এই ঘটনাত কমলপুৰৰে অকনি গোহাই আৰু পুষ্প গগৈ গুৰুতৰ ভাৱে আহত হয়৷ সীমান্তৰ এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে৷ ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে সোমবাৰে বিয়লি গোগামুখ চহৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু একাংশ লোকে অৰুণাচলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বহুকেইখন অৰুণাচলী বাহন ভাঙি পেলায়৷ ইফালে উক্ত ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সৃষ্টি হোৱাৰ সময়তে আজি পুৱতি নিশা গোগামুখ আৰক্ষী আৰু লিকাবালি সদৰ আৰক্ষীৰ যৌথ অভিযানত সোমবাৰৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত জড়িত অৰুণাচল প্ৰদেশৰ চিলনী গাল’ গাঁৱৰ পাঁচজনকৈ লোকক আৰক্ষীয়ে পুৱতি নিশা গ্ৰেপ্তাৰ কৰে৷ চিলনী গা’ল গাঁৱৰে ধৃত কেইজন হৈছে বাগাম টাছ’, লিজিপ টাছ’, মিগজুম টাছ’, বমপাৰ টাছ’ আৰু য়ংগাম ঙুবা৷ ধৃত আটাইকেইজনকে আৰুণাচল আৰক্ষীয়ে গোপন স্থানত ৰখাৰ লগতে নিশালৈ ধেমাজি আৰক্ষীক চমজাই দিয়াৰ সম্ভাৱনা আছে৷ ইফালে দুবৃৰ্ত্তক উচিত শাস্তি প্ৰদান কৰা আৰু সীমা সমস্যা সমাধান কৰা, নিহতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবীত আজি পানবাৰীৰ কালিৰ ঘটনাস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনী, ধেমাজি জিলা কংগ্ৰেছৰ লগতে স্থানীয় লোকে আজি সমবেত হৈ অৰুণাচলীৰ বৰ্বৰ আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ জনায়৷ এইক্ষেত্ৰত ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে ঘটনাস্থলীত সজাতি দলসহ উপস্থিত হৈ কয় যে অৰুণাচলীৰ এনে বৰ্বৰ কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ’ব৷ বিজেপি চৰকাৰ হায় হায় ধবনিৰে আজি ঘটনাস্থলীত দুই শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী লোকসকলে অৰুণাচলীক তীব্ৰ সকীয়নি দি কয় যে ভৱিষ্যতে অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিলে অৰুণাচলীক উচিত শিক্ষা প্ৰদান কৰা হ’ব৷ ইফালে আজি অসম চৰকাৰে কালিৰ ঘটনাত নিহতৰ পৰিয়াললৈ ৫ লাখকৈ টকা আৰু আহতসকলৰ পৰিয়াললৈ ১ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰে৷ অসমৰ ভূমিত গছ-পুলি ৰোপন কৰিবলৈ গৈ অৰুণাচলীৰ হাতত অসমৰ লোকে প্ৰাণ দিয়া ঘটনাত লখিমপুৰ ধেমাজিৰ লগতে সীমান্তৱৰ্তী অঞ্চলসমূহত চেপা উত্তেজনাৰ সৃষ্টি হৈছে৷
    লখিমপুৰত ১৩ টা দল-সংগঠনৰ প্ৰতিবাদ

 সোমবাৰে ধেমাজিৰ পাণবাৰীত সংঘটিত হোৱা বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে আজি লখিমপুৰতো চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠে৷ জিলাৰখনৰ বিভিন্ন প্ৰান্তৰ ১৩টাকৈ দল সংগঠন পহুমৰাত উপস্থিত হৈ একত্ৰ ভাৱে বিয়লি ৩ বজাৰ পৰা ৬ বজালৈ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, নিহতৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰা, আহত সকলক উন্নত মানৰ চিকিৎসা প্ৰদান কৰি ৫ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়া, অৰুণাচলীৰ হাতত থকা বন্দুক-বাৰুদ জব্দ কৰা, সীমা সমস্যা সমাধান কৰা আদি বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More