দেশৰ নতুন ‘চাইকেল ৰাজধানী’ পশ্চিম বংগ

অসমৰ ৭০.৩ শতাংশ লোকৰ ঘৰত চাইকেল আছে

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : সম্প্রতি ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য (National Family Health Survey)ৰ পঞ্চমটো সমীক্ষত জনা গৈছে যে, ভাৰতবর্ষৰ ‘চাইকেল নগৰী’ হিচাবে নজিৰ সৃষ্টি কৰিছে পশ্চিমবঙ্গই। দেশত পৰিয়ালৰ ভিতৰত চাইকেল ৰখাৰ গড় হাৰ যি সময়ত ৫০.৪ শতাংশ, তেনে সময়তে পশ্চিমবঙ্গত এই হাৰ ৭৮.৯ শতাংশ। ফলত তালিকাৰ শীর্ষত মমতা বেনাৰ্জীৰ পশ্চিমবঙ্গ। দ্বিতীয় স্থানত আছে উত্তৰ প্রদেশ। ৭৫.৬ শতাংশ ঘৰত অন্ততঃ এখনকৈ চাইকেল আছে বুলি সমীক্ষাত প্ৰকাশ। ২০১৯-২১ চনৰ তথ্য অনুযায়ী উৰিষ্যাত ৭২.৫ শতাংশ, ছত্তিচগড়ত ৭০.৮ শতাংশ আৰু অসমৰ ৭০.৩ শতাংশ লোকৰ ঘৰত চাইকেল আছে। ইফালে পঞ্জাৱত ৬৭.৮ শতাংশ, ঝাড়খণ্ডত ৬৬.৩ শতাংশ আৰু বিহাৰত ৬৪.৮ শতাংশৰ ঘৰত চাইকেল পোৱা গৈছে বুলি সমীক্ষাত প্ৰকাশ। তালিকাত তুলনামূলকভাৱে পিছত আছে গুজৰাট (২৯.৯ শতাংশ) আৰু দিল্লী (২৭.২ শতাংশ)। তালিকাৰ সর্বনিম্ন স্থানত আছে নাগালেণ্ড আৰু চিকিম। এই দুই ৰাজ্যৰ হাৰ ৬ শতাংশতকৈয়ো কম। পশ্চিমবঙ্গত ইমান বিপুল পৰিমাণে চাইকেল থকাৰ কাৰণ পর্যবেক্ষণ কৰা দেখা গৈছে সমীক্ষাত। পশ্চিমবঙ্গ চৰকাৰৰ এজন বিষয়াই জনাই যে, চাইকেলৰ সংখ্যা বঢ়াৰ অন্তৰালত ‘সবুজ সাথী’ প্রকল্পৰ প্রভাৱ পৰিছে। এই প্রকল্পত নৱমৰ পৰা দ্বাদশ শ্রেণীৰ সকলো শিক্ষাৰ্থীকে চাইকেল দিয়া হৈছে। পৰিসংখ্যা অনুযায়ী, ১১ মে’ পর্যন্ত মুঠ এক কোটি তিনি লাখ ৯৭ হাজাৰ ৪৪৪খন চাইকেল ‘সবুজ সাথী’ প্রকল্পৰ যোগেদি দিয়া হৈছে। সমীক্ষাত প্রকাশ যে, পশ্চিমবংগত চাইকেলৰ সংখ্যা বঢ়াৰ নেপথ্যৰ অন্যতম কাৰণ হৈছে ৰাজ্যখনৰ বিভিন্ন প্রান্তত, প্রধানতঃ গ্রামাঞ্চলত পৰিবহণ ব্যৱস্থা সুগম নহয়। ইয়াৰ ফলত স্থানীয় লোকসকলে চাইকেলৰ মাধ্যমেৰে যাতায়াত কৰিবলৈ বাধ্য হয়। কেৱল গাঁৱতেই নহয়,কলকাতা চহৰতো ছল্ট লেক আৰু নিউ টাউন এলেকাত সুকীয়াকৈ ‘বাইচাইকেল লেন’ নিৰ্মাণ কৰা হৈছে। পৰিৱেশ-বান্ধৱ চহৰ গঢ়াৰ লক্ষ্যৰেই এই উদ্যোগ লোৱা হৈছে। ৰাজ্যখনৰ অন্যান্য চহৰতো অনুৰূপ ধৰণে বাইচাইকেল লেন নিৰ্মাণ কৰা হ’ব বুলিও প্ৰকাশ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More