যোৰহাটত সত্ৰীয়া একাডেমীৰ সমাৱৰ্তন সম্পন্ন

0 59

 শতাব্দ প্ৰতিনিধি, যোৰহাট , ২২ মে : নিজস্ব ক্ষেত্ৰ বা বাকধৰাত যেতিয়া মানুহৰ পাৰদৰ্শিতা বৃদ্ধি পাব লাগিব, সমান্তৰালভাৱে মানুহৰ চিন্তাৰ যিটো উত্তৰণ ,সেই উত্তৰণ নিৰলস আৰু নিৰৱিচ্ছিন্ন ভাৱে আগবাঢ়ি যাব লাগিব।” সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰম সম্বলিত পৰীক্ষা পৰিষদ সত্ৰীয়া একাডেমী,যোৰহাটে আয়োজন কৰা সমাৱৰ্তনৰ দীক্ষান্ত ভাষণ প্ৰদান কৰি এনেদৰে মনৰ অনুভৱ ব্যক্ত কৰে বীৰাংগণা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই।২০০৬ চনতে প্ৰতিষ্ঠা লাভ কৰা সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰম সম্বলিত পৰীক্ষা পৰিষদ সত্ৰীয়া একাডেমীৰ সমাৱৰ্তনখনত ডক্টৰ শইকীয়াই ভাষণ প্ৰসংগত পুনৰ কয় যে এখন পৰিশীলিত সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে যিসকল লোকৰ আটাইতকৈ বেছি প্ৰয়োজন ,সেই সকলৰ ভিতৰতে শিল্প, সাহিত্য, সংস্কৃতি চৰ্চা ব্যক্তি সকলেই অন্যতম। যোৰহাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাৱৰ্তনত উপাচাৰ্য গৰাকীয়ে সংস্কৃতিৰ গুৰুত্ব উপলব্ধি কৰি কয় যে যিখন সমাজত শিল্পৰ চৰ্চা নহয়, সংস্কৃতিৰ চৰ্চা নহয়, সভ্যতাৰ উত্তৰণৰ বাবে কাম কৰা নহয়, সেইখন সমাজ প্ৰকৃততে এজন মানুহৰ সমাজ বা তাৰ যিটো সুন্দৰ পৰিশীলিত ৰূপ নিৰ্মাণৰ বাবে যি পৰিৱেশ বা পৰিস্থিতিৰ দৰকাৰ,সেই পৰিৱেশ আৰু পৰিস্থিতি বিচাৰি পোৱা নাযায়।অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ শিল্পী সকলৰ দ্বাৰা পৰিবেশিত গায়ন-বায়নেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে সত্ৰীয়া একাডেমীৰ কাৰ্যকৰী সভাপতি তথা তিতাবৰ মহিমাবাৰী পুৰণা কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাই। পুৱা কাৰ্যকৰী সভাপতি সোণাৰাম শৰ্মাই পতাকা উত্তোলন আৰু সঙ্গীত নাটক অকাডেমি বঁটা প্ৰাপক টংকেশ্বৰ হাজৰিকাই স্মৃতি তৰ্পন কৰা অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধশতাধিক শিক্ষানুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । সত্ৰীয়া একাডেমী যোৰহাটৰ অবৈতনিক সঞ্চালক শাৰংগপানি বৰদলৈয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামীয়ে ভাষণ প্ৰদান কৰি সত্ৰীয়া সংগীতৰ কাঠামোসমুহ উপলব্ধি কৰি কয় যে সত্ৰীয়া সংগীত পৰিৱেশ্য কলা হ’লেও ,ই আনন্দ, ৰূপ বদ্ধৰ্নৰ কাৰণে নহয়। এই সংস্কৃতিৰ যি পৰিসীমা, স্বকীয় মৰ্য্যদাৰ ভিতৰত থাকি বৈয়াকৰণিক নীতি নিয়ম মানি শুদ্ধ ভাৱে চৰ্চা কৰাটো অতি সহজ নহয়। এই কাৰণেই সত্ৰীয়া একাডেমীৰ দৰে অনুষ্ঠানৰ জন্ম হৈছে।এইসমুহে নতুন প্ৰজন্মক প্ৰণালীবদ্ধ তথা শুদ্ধ ৰূপত সত্ৰীয়া সংগীতৰ সুবাস বিলাবলৈ সক্ষম হৈছে।এইবাৰৰ সমাৱৰ্তনত সত্ৰীয়া একাডেমীৰ অধীনৰ অসমৰ বিভিন্ন জিলাৰ ৩০৮ গৰাকী ছাত্ৰ-ছাত্ৰীক মূল মান পত্ৰ আৰু অংগবস্ত্ৰ প্ৰদান কৰে । জিকুমণি গোস্বামী আৰু দিলীপ ভূঞাই আঁতধৰা সমাৱৰ্তনখনত সত্ৰীয়া একাডেমীৰ সংশোধিত আৰু বৰ্ধিত ৰূপত প্ৰস্তুত কৰা পাঠ্যক্ৰমখন উন্মোচন কৰে ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই। বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত ৰূপকোঁৱৰ সংগীত আৰু চাৰু কলা বিদ্যালয়, সত্ৰীয়া একাডেমী গুৰুকুল সত্ৰীয়া সঙ্গীত বিদ্যালয়, যোৰহাট, নৃত্যঞ্জলী নামৰূপ, মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়, সম্প্ৰীতি সংগীত বিদ্যালয়, লাবন্য সংগীত বিদ্যালয়, নৃত্যঙন কলা কেন্দ্ৰ, তিনিচুকীয়া, তীৰ্থ বৰুৱা সোঁৱৰণি সংগীত মহাবিদ্যালয়, সূত্ৰধাৰ সাংস্কৃতিক মঞ্চ, আমগুৰি, গুৰুকুল সংগীত বিদ্যালয় চুতীয়াকাৰী, স্পন্দন ডান্স একাডেমী হোজাই অসম সত্ৰীয়া সঙ্গীত মহাবিদ্যালয় আদি কৰি ভালেকেইখন অনুষ্ঠানৰ শিল্পী সকলে সুন্দৰ আৰু আকৰ্ষণীয় অনুষ্ঠান পৰিবেশন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More