দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্র প্ৰেৰণ অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 

0 23
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ মহাবীৰ লাচিত বৰফুকনৰ মহাপৰাক্ৰম তথা শৰাইঘাটৰ যুদ্ধত মোগলৰ আগ্ৰাসনৰ বিৰুদ্ধে লাচিত বৰফুকনৰ নেতৃত্বত ঐতিহাসিক বিজয়ে অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়ৰ ধাৰা বহন কৰিছে। ২০২২ চনটো মহাবীৰ লাচিতৰ জন্মজয়ন্তীৰ ৪০০ সংখ্যক বৰ্ষ। ইতিহাসৰ এই স্বৰ্ণিল অধ্যায়ৰ বিষয়ে দেশবাসীক অধিক সজাগ আৰু সচেতন কৰাৰ আহ্বানেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মুখ্যমন্ত্ৰী ড° শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক মহাবীৰ লাচিতৰ শৌর্য-বীর্য, স্বদেশপ্রেম তথা অসমৰ ইতিহাসৰ এই গৌৰৱময় অধ্যায়ৰ বিষয়ে অৱগত কৰাৰ স্বাৰ্থত বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ এই গৌৰৱ গাঁথা সন্নিৱিষ্ট কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে অসুস্থ দেহাৰেও সন্মুখৰ পৰা নেতৃত্ব দি মোগলৰ বিশাল বাহিনীক পৰাভূত কৰিছিল। মহাবীৰ লাচিতৰ এনে অতুলনীয় বিক্ৰম আৰু নেতৃত্বৰ বাবেই মোগলৰ আগ্ৰাসনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি, পৰিচয় আৰু স্বকীয়তা অক্ষুণ্ণ থাকিল। মুখ্যমন্ত্ৰীয়ে পত্ৰখনত কয় যে মহাবীৰ লাচিতৰ এই দেশপ্ৰেম আৰু জন্মভূমিৰ প্ৰতি আত্মোৎসৰ্গৰ মনোভাৱ দেশৰ নৱ প্ৰজন্মক উদ্বুদ্ধ কৰাৰ বাবে এক অনন্য অনুপ্ৰেৰণাৰ উৎস। কিন্তু দেশৰ অন্যান্য অংশত আন বীৰসকলৰ তুলনাত লাচিত বৰফুকনৰ বিষয়ে জনসাধাৰণ তুলনামূলকভাৱে কমকৈ অৱগত। এনে প্ৰেক্ষাপটত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি তেওঁৰ বিষয়ে দেশবাসীক বিতংভাৱে অৱগত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই দেশৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনাইছে। বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথাৰ অন্তৰ্ভুক্তিৰ এনে পদক্ষেপৰ জৰিয়তে দেশৰ অন্যান্য ৰাজ্যসমূহে নৱপ্ৰজন্মক দেশপ্ৰেমৰ ভাৱনাৰে অনুপ্রাণিত কৰাৰ লগতে তেওঁলোকক উৎসর্গিত মনোভাৱেৰে দেশসেৱাত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা যোগাব বুলি ড° শৰ্মাই আশা প্রকাশ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More