দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত ১০ হাজাৰ অখ্যাত – প্ৰচাৰ বিমুখ স্বাধীনতা সংগ্ৰামীৰ জীৱন গাঁথা ডিজিটেলাইজ পদ্ধতিৰে হ’ব সংৰক্ষণ

0 43

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ জুন: দেশৰ স্বাধীনতা আন্দোলনত বিশেষ অৱদান আগবঢ়োৱাৰ পিছতো জনসাধাৰণৰ মাজত অখ্যাত হৈ ৰোৱা বা কোনো ধৰণৰ প্ৰচাৰ লাভ নকৰা দেশৰ প্ৰায় দহ হাজাৰ স্বাধীনতা ৰণৰ অখ্যাত বীৰৰ জীৱন – কৃতী ডিজিটেলাইজ মাধ্যমৰে সংৰক্ষণ কৰি সেই সকল বীৰ পুৰুষৰ জীৱন – দৰ্শন উঠি অহা প্ৰজন্মৰ পাথেয় কৰি তুলিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে৷ উল্লেখ্য যে দেশৰ এই অখ্যাত স্বাধীনতা সংগ্ৰামী সকলৰ জীৱন গাথাঁ প্ৰণালীৱদ্ধ ভাৱে সংৰক্ষণ কৰিবলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ “সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ“ ক দায়িত্ব অৰ্পণ কৰাত এতিয়া দেশজুৰি তেনে বীৰ পুৰুষ সকলৰ জীৱন গাঁথা সংৰক্ষণৰ বাবে আৰম্ভ হৈছে বিশেষ প্ৰশিক্ষণ কৰ্মশালা৷ এই কৰ্মশালাৰ অংশ হিচাপেই আজি চি চি আৰ টি অৰ্থাৎ সাংস্কৃতিক সম্পদ আৰু অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ সহযোগত তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত অনুষ্ঠিত হয় “ডিজিটেল ডিষ্ট্ৰিক্ট ৰিপজিটেৰী“ শীৰ্ষক এদিনীয়া কৰ্মশালা৷ জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ চি চি আৰ টিৰ সৈতে জড়িত ৫০ গৰাকী শিক্ষক – শিক্ষয়িত্ৰীৰ উপস্থিতিত এই এদিনীয়া কৰ্মশালা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে৷ চি চি আৰ টিৰ জিলা সমন্বয়ক প্ৰফুল্ল কেওঁটে আঁত ধৰা অনুষ্ঠানটিত ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ হিন্দী ভাষী কণ কণ শিক্ষাৰ্থীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “বিশ্ব বিজয় নজোৱান“ শীৰ্ষক গীতটি পৰিৱেশন কৰি কৰ্মশালাৰ পৰিৱেশ জীপাল কৰি তোলে৷ ইয়াৰ পিছতেই শুভাৰম্ভণি অনুষ্ঠানটিত প্ৰথমেই জিলা সমন্বয়ক প্ৰফুল্ল কেওঁটে এই প্ৰশিক্ষণ কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত পৰিদৰ্শক প্ৰভাত দাসে উদ্বোধনী ভাষণত দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বহু অখ্যাত ব্যক্তি দেশৰ বিভিন্ন প্ৰান্তত আছে যদিও সেই সকল স্বাধীনতা সংগ্ৰামী অখ্যাত হৈ ৰোৱাৰ পিছত এতিয়া সেই সকলক সন্মান প্ৰদৰ্শন কৰিবলৈ চৰকাৰে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যি কাৰ্যসূচী গ্ৰহণ কৰিছে সেয়া অতি মহৎ কাৰ্যসূচী হিচাপে বিবেচিত হৈছে বুলি মন্তব্য কৰে৷শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক তথা তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনাই আদৰণী ভাষণ প্ৰদান কৰাৰ পিছতেই জিলা সমন্বয়ক প্ৰফুল্ল কেওঁটে প্ৰজেক্টৰৰ জৰিয়তে এই বিশেষ দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে৷ উল্লেখ্য যে কৰ্মশালাখনত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলৰ তেনে একাংশ অখ্যাত তথা প্ৰচাৰ বিমুখ স্বাধীনতা ৰণৰ ৰণুৱাৰ প্ৰসংগ উত্থাপন কৰি তেওঁলোকৰ জীৱন গাঁথা প্ৰণালীৱদ্ধ ৰূপত সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি কয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More