দেশৰ ৫০ খন নগৰলৈ গুগলৰ ‘ষ্ট্ৰীট ভিউ মেপ’ সেৱা

0 54

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাই : এইবাৰ গুগলে দেশৰ ৫০খন নগৰলৈ ষ্ট্ৰীট ভিউ মেপ সেৱা সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত অফিচৰ যাতায়াতৰ পৰা আৰম্ভ কৰি পথচাৰীসকলেও বহুখিনি লাভৱান হ’ব বুলি আশা কৰা হৈছে। গুগলৰ এই সেৱাই ‘ডিজিটেল ইণ্ডিয়া’ৰ সপোনক আগুৱাই নিয়াত সহায় কৰিব বুলি ভবা হৈছে। আজিৰ যুগত ডিজিটেলাইজেচনৰ ফলস্বৰূপে সকলো কথা প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল। মানুহ যেন এতিয়া নিজৰ জীৱনৰ প্ৰতিটো দিশতে গুগলৰ ওপৰত নিৰ্ভৰশীল। তথ্য পৰীক্ষণ, পেমেণ্টৰ পৰা আৰম্ভ কৰি মেপ অনুসন্ধানলৈকে সকলো কামতে মানুহ গুগলৰ দুৱাৰমুখত আছে। এইবাৰ জনস্বাৰ্থৰ বাবে গুগলে ভাৰতত গুগল মেপৰ ষ্ট্ৰীট ভিউ সেৱা সম্প্ৰসাৰণ কৰিবলৈ ওলাইছে। ফলত এই সেৱাৰ পৰা যাতায়াত কৰা লোকসকলে বহুখিনি লাভৱান হ’ব বুলি আশা কৰা হৈছে। ২৭ জুলাই বুধবাৰে নতুন দিল্লীত এখন সংবাদমেলত গুগলে ঘোষণা কৰে যে তেওঁলোকৰ ‘ষ্ট্ৰীট ভিউ মেপ’ ষ্ট্ৰীট ভিউ সেৱা পুনৰবাৰ ভাৰতৰ গুগল মেপত উপলব্ধ হ’ব, আজি ১০খন চহৰৰ পৰা আৰম্ভ কৰি, ৫০খন চহৰলৈ এই সেৱা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে চলিত বছৰৰ শেষত। কোম্পানীটোৱে জনোৱা মতে, আমাৰ স্থানীয় অংশীদাৰ জেনেছিছ ইণ্টাৰনেশ্যনেল আৰু টেক মহিন্দ্ৰাৰ পৰা অনুজ্ঞাপত্ৰপ্ৰাপ্ত নতুন ছবি ব্যৱহাৰকাৰীসকলক প্ৰদান কৰিব। এইটোৱেই প্ৰথমবাৰৰ বাবে কোম্পানীটোৱে ইয়াৰ ষ্ট্ৰীট ভিউ বৈশিষ্ট্যৰ বাবে সম্পূৰ্ণৰূপে স্থানীয় অংশীদাৰসকলে সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰিছে। গুগলৰ তথ্য অনুসৰি দুয়োটা কোম্পানীয়ে সমগ্ৰ বেংগালুৰু, চেন্নাই, দিল্লী, মুম্বাই, হায়দৰাবাদ, পুনে, নাছিক, বদোদৰা, আহমেদনগৰ আৰু অমৃতসৰত ১ লাখ ৫০ হাজাৰ কিলোমিটাৰতকৈ অধিক পথ অতিক্ৰম কৰিছে। কোম্পানীটোৱে লগতে কয় যে তেওঁলোকে স্থানীয় ডেভেলপাৰসকলৰ বাবে ষ্ট্ৰীট ভিউ এপিআই উপলব্ধ কৰিছে, যাৰ ফলত তেওঁলোকে তেওঁলোকৰ এপ আৰু সেৱাসমূহৰ ভিতৰত অধিক চহকী আৰু অধিক অত্যাধুনিক মেপিং অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ষ্ট্ৰীট ভিউ ফিচাৰ ব্যৱহাৰ কৰিবলৈ ভাৰতৰ ব্যৱহাৰকাৰীয়ে নিজৰ ফোন বা কম্পিউটাৰত গুগল মেপ খুলি ১০ খন চহৰৰ যিকোনো এখন ষ্ট্ৰীটত জুম কৰিব পাৰে, তাৰ পিছত তেওঁলোকে চাব বিচৰা অঞ্চলটো টেপ কৰিব পাৰে। গুগলে কয় যে ষ্ট্ৰীট ভিউৱে স্থানীয় কেফে আৰু সাংস্কৃতিক হটস্পটসমূহৰ বিষয়ে তথ্য প্ৰদান কৰিব, যাৰ ফলত ব্যৱহাৰকাৰীসকলে চুবুৰীসমূহ অন্বেষণ কৰিব পাৰিব। এই সেৱাৰ ফলত পথচাৰীসকল এই ষ্ট্ৰীট ভিউ সেৱাৰ দ্বাৰা বহু পৰিমাণে উপকৃত হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More