দৰংমহাবিদ্যালয়ৰ প্ৰকাশন পৰিষদৰ দ্বাৰা গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

0 63

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ আগষ্ট : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ত আজি অনুষ্ঠিত এক বিশেষ গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ প্ৰকাশন পৰিষদৰ “Recent Advanes in Biological Science: Diversity and Human Welfare” নামৰ প্ৰথমখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বীৰেণ দাসে ।উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ গ্ৰন্থখন সম্পাদনা কৰে দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ চিত্তৰঞ্জন বৰুৱা আৰু ড০ ৰবীন্দ্ৰ হাজৰিকাই।গ্ৰন্থখন ISBN নম্বৰ সহিতে প্ৰকাশ কৰাত সহযোগিতা আগবঢ়াই ” Global Net Publication ” নতুন দিল্লীয়ে। গ্ৰন্থখনত আই আই টি গুৱাহাটী, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, দৰং মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, নৰ্থ বেংগল ৰিজিওনেল ৰিছাৰ্ছ এণ্ড ডেভেলপমেন্ট চেন্টাৰকে আদি কৰি ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছে।গ্ৰন্থ উন্মোচনী অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই আদৰণি ভাষণ প্ৰসংগত উল্লেখ কৰে যে দৰং মহাবিদ্যালয় প্ৰকাশন পৰিষদ অকল শিক্ষকৰে নহয় ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰন্থও প্ৰকাশ কৰিব পাৰিব যাতে ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰন্থ ৰচনা আৰু প্ৰকাশৰ প্ৰতি ধাউতি বাঢ়ে। দৰং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ খগেশ্বৰ বৰকাকতি, উপাধ্যক্ষ ড০ ক্ষীৰেন্দ্ৰ হালৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ৰাজন শৰ্মা, দৰংমহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ অঞ্জু শইকীয়া, প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক বিনীতা দাস, অধ্যাপক অভিজিৎ দাস, বাণিজ্য বিভাগৰ অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকা উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ড০ অখিল বৰুৱা, ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড০ সঞ্জীৱ ছেত্ৰী, দৰ্শন বিভাগৰ অধ্যাপক কুলৰাম মিলি, অসমীয়া বিভাগৰ অধ্যাপক ড০ দুলাল দাস আৰু খনিন্দ্ৰ কলিতাকে আদি কৰি বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থকা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা জুলি বৈৰাগী আৰু শলাগ শৰাই আগবঢ়াই অধ্যাপিকা পৰিস্মীতা দেৱীয়ে।উন্মোচনী ভাষণত তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বীৰেন দাসে এই গ্ৰন্থখনে বিদ্যায়তনিক ক্ষেত্ৰখনৰ গৱেষণাৰ সৈতে জড়িত শিক্ষাৰ্থী আৰু শিক্ষকক বিশেষ ভাৱে উপকৃত কৰিব বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More