দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

0 140

দৰঙিয়ান-প্ৰাক্তন দৰঙিয়ানৰ গীত-নৃত্যৰে জীপাল হ’ল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহঃ সকলোতকৈ বৰ্ষীয়ান অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটৰ অংশগ্ৰহণ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬ জুলাই : বহু কেইগৰাকী শিক্ষানুৰাগী তথা দূৰদৃষ্টি সম্পন্ন লোকৰ তৎপৰতাত ১৯৪৫ চনৰ ২৬ জুলাইত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত পুৱাৰ পৰাই মহাবিদ্যালয় প্ৰাংগনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। পুৱা অধ্যক্ষ ড° পলাশ মণি শইকীয়া আৰু দৰং মহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতি ড° ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাৰ দ্বাৰা মহাবিদ্যালয় আৰু এলুমনি সন্থাৰ পতাকা উত্তোলন হোৱাৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ভূপেন্দ্ৰ হাজৰিকা, জয়নাৰায়ণ লুইতেল আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অৱনী কুমাৰ শৰ্মাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অধ্যক্ষৰ লগতে প্ৰাক্তন অধ্যাপক – অধ্যাপিকা ক্ৰমে – ড° স্বাধীনতা মহন্ত, ড° ভুবনেশ্বৰ চহৰীয়া, ড° গহন চন্দ্র মহন্ত, মিনু দেৱী, হিৰণ্য ভূঞা, পূৰ্ণেশ্বৰ নাথ, ড° সুচিত্ৰা দেৱী, উপাধ্যক্ষ ক্ষীৰেন্দ্ৰ হালৈৰ উপৰি এলুমনি সন্থাৰ সভাপতি ড° ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাৰ লগতে অতুল কটকী, নৃপেন কুমাৰ বৰা, অশ্বিনী শৰ্মাৰ লগতে আন বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে।

IMG 20220726 WA0089ইয়াৰ পিছতেই মহাবিদ্যালয় প্ৰাংগনত পাঁচটাকৈ অসমৰ জাতীয় গছ হোলোং গছৰ পুলি ৰোপণ কৰে কাজিৰঙাৰ বন প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে।
দৰং মহাবিদ্যালয় এলুমনি সন্থাৰ সহযোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী আৰম্ভ হয় মহাবিদ্যালয়খনৰ শীৰ্ষ গীতেৰে। প্ৰাক্তন ছাত্ৰ, কন্ঠশিল্পী ৰাতুল কৃষ্ণ শৰ্মা ৰচিত আৰু সুৰাৰোপিত মহাবিদ্যালয়খনৰ এই শীৰ্ষ গীত পৰিৱেশন কৰে বৰ্তমান আৰু প্ৰাক্তন দৰঙিয়ানৰ একাংশই।

মহাবিদ্যালয়খনৰ এলুমনি সন্থাৰ যুটীয়া সম্পাদক পংকজ বৰুৱা আৰু জ্যেষ্ঠ সহায়ক অচ্যুত শৰ্মাৰ লগতে অধ্যাপক ড° মনোজ কুমাৰ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ দাঙি ধৰে অধ্যক্ষ ড° পলাশ মণি শইকীয়াই। অধ্যক্ষ ড° শইকীয়াই মহাবিদ্যালয়খনৰ আগন্তুক কৰ্মসূচী আৰু পৰিকল্পনাৰ কথা সদৰি কৰি বিশ্ব বিদ্যালয় পৰ্য্যায়লৈ মহাবিদ্যালয়খনক উন্নীত কৰাৰ পদক্ষেপৰ সন্দৰ্ভত মন্তব্য কৰি কয় – বহু কেইটা নতুন বিভাগ আৰু আন্তঃগাঁথনিৰ অধিক উন্নীতকৰণৰ ক্ষেত্ৰত ইতিমধ্যে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে মহাবিদ্যালয়খনত এখন অৰ্কিড উদ্যান গঢ়ি তোলাৰ সিদ্ধান্তৰ লগতে এখন মাচৰুম বাগিছা, তিনিখনকৈ অন্য বাগিছাৰ উপৰি ইতিমধ্যে সেউজ চৌহদৰ স্বীকৃতি লাভ কৰা মহাবিদ্যালয়খনৰ চৌপাশ আৰু অধিক সেউজীয়া কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি সকলোৰে সহযোগিতা কামনা কৰে।IMG 20220726 WA0090

আনহাতে প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আজি মুখৰিত হয় মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহ। অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা সৃজনী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী দত্তই সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ লগতে এসময়ৰ শ্ৰেষ্ঠ গায়ক তথা দক্ষ কন্ঠশিল্পী সীমান্ত কাকতি, মনোজ নাথ, নিৰূপ বৰঠাকুৰৰ লগতে এসময়ৰ শ্ৰেষ্ঠ গায়িকা ৰাজশ্ৰী বৰুৱা, ইন্দ্ৰানী তামুলীৰ উপৰি বৰ্তমানৰ ছাত্ৰী দৰ্শিনী হাজৰিকা, বৈশালী শইকীয়াই গীত পৰিবেশন কৰাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰী অনামিকা আৰু মেঘনাৰ দলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ উপৰি কাশীনাথ কৃষ্ণপ্ৰিয়া ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টৰ শিক্ষাৰ্থী ক্ৰমে – দেৱাৰথী সাহা, অম্বিকা তুলা, কেশৱ দাস আৰু তানিশা সাহাই ওডিছী নৃত্যৰ জৰিয়তে দশাৱতাৰ নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰি তোলে।
উল্লেখ্য যে, এই অনুষ্ঠানতে দৰংমহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ২৬ গৰাকীকৈ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধ্যাপক – অধ্যাপিকা, প্ৰাক্তন কৰ্মচাৰীক একোটিকৈ স্মাৰক আৰু গামোচাৰে বিশেষ ভাবে সন্মান জনায়।

প্ৰাক্তন ছাত্ৰ, নাট্যশিল্পী জিতুমণি দেৱচৌধুৰীয়ে নাটকৰ সংলাপ পৰিৱেশন কৰা অনুষ্ঠানটিত দৰংমহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্হাৰ শেহতীয়া আজীৱন সদস্য – সদস্যা সকলৰ মাজৰ ২২ গৰাকীক একোখনকৈ মান পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটিত মূল ভাষণ প্ৰদান কৰি প্ৰাক্তন অধ্যাপক তথা পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা লগ্নৰ স্মৃতি ৰোমন্থন কৰি সেইখিনি সময়ৰ বহু কেইগৰাকী শিক্ষানুৰাগী ব্যক্তিৰ মহানুভৱতাক স্মৰণ কৰে।

অনুষ্ঠানটিত এলুমনি সন্থাৰ সভাপতি ড° ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাই ভাষণত এলুমনি সন্থাৰ শেহতীয়া কৰ্মসূচী সমূহ দাঙি ধৰাৰ লগতে শাৰীৰিক অসুস্থতাৰ মাজতো আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত মহাবিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি উপেন্দ্ৰ নাথ শৰ্মাই সকলোকে উদ্বুদ্ধ কৰি সাৱলীল ভাষণ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More