দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ বুজাবুজি চুক্তি সম্পন্ন 

0 19
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ অসমৰ উত্তৰ পাৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ে কালি তেজপুৰ মহাবিদ্যালয়ৰ আলোচনা কক্ষত এখনি বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতি কমল হাজৰিকাৰ সভাপত্বিত অনুষ্ঠিত সভাত দৰং মহাবিদ্যালয়ৰ অধক্ষ্য ডঃ পলাশ মণি শইকীয়াই বক্তব্য প্ৰদান কৰি কয় যে- তেজপুৰৰ দুয়োখন মহাবিদ্যালয় একেলগে কাম কৰিলে দুয়োখন মহাবিদ্যালয় উপকৃত হোৱাৰ লগতে দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হব৷ বৰ্তমানৰ নতুন শিক্ষানীতিত এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে আৰু মহাবিদ্যালয়ৰ সৰ্বাংগীন বিকাশত এই চুক্তি যথেষ্ট সহায়ক হব বুলি তেও আশা প্ৰকাশ কৰে৷ তেজপুৰ মহাবিদ্যালয় আৰু দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ডঃ ৰাজলক্ষ্মী সোণোৱাল আৰু ডঃ স্বপ্নালী কাকতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত দুয়োখন মহাবিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰি বস্তুনিষ্ঠ বক্তব্য আগবঢ়ায়৷ চুক্তি পত্ৰত স্বাক্ষৰ কৰি তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতি কমল হাজৰিকাই এনে প্ৰচেষ্টাৰ বাবে আগভাগ লোৱা কাৰ্য্যত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ শলাগ লয়৷ ড০ হাজৰিকাই মত প্ৰকাশ কৰি কয় যে- ছাত্ৰ-ছাত্ৰীৰ মানসিক, শাৰিৰীক, নৈতিক আৰু শৈক্ষিক মানদণ্ডৰ উৎকৰ্ষ সাধনাৰ বাবে এই বুজাবুজিৰ চুক্তিখনে যথেষ্ট সুবিধা প্ৰদান কৰিব৷ লগতে দুয়োখন মহাবিদ্যালয়ে সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে৷ তেওঁ এই দিনটো মহাবিদ্যালয় দুখনৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলিও মন্তব্য কৰে৷ তেজপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা শইকীয়া দত্তই উপস্থিত সকলোৰে শলাগ লৈ ভবিষতৰ দিনত সকলো পক্ষৰ সহযোগিতা বিচাৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More