দৰ্শনা কাশ্যপক “গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা” প্ৰদান

শিক্ষাৰ্থীক অধিক মানসিক চাপত পঢ়োৱাৰ ব্যৱস্থাত উদ্বিগ্নতা প্ৰকাশ সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰীৰ

0 73

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্তেম্বৰ : এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা তেজপুৰ বাসন্তীপুৰৰ মেধাৱী ছাত্ৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিশেষ সভাকক্ষত বিহপুৰীয়া কেন্দুগুৰিৰ মেধাৱী ছাত্ৰী দৰ্শনা কাশ্যপক “গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা” প্ৰদান কৰা হয়। উল্লেখ্য যে ২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা তেজপুৰৰ বহুমুখী প্ৰতিভাৰ অধিকাৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত ২০১৬ চনৰ পৰাই ১০ ছেপ্তেম্বৰৰ গংগোত্ৰী গোস্বামীৰ জন্ম দিনটোত আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰীলৈ এই বঁটা প্ৰদান কৰি অহাৰ পিছত এইবাৰ বিহপুৰীয়া কেন্দুগুৰিৰ অশোক শৰ্মা আৰু জুমী দেৱীৰ কন্যা তথা গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিগত সময়ৰ মেধাৱী ছাত্ৰী দৰ্শনা কাশ্যপক গংগোত্ৰীৰ পিতৃ গকুল গোস্বামী, মাতৃ মমী ভাগৱতী, সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰী, শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামী, অধ্যক্ষ জয়ন্ত শইকীয়া, প্ৰবীণ শিক্ষাবিদ নলীন শৰ্মা আৰু অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাৰ জড়িয়তে আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰে। উল্লেখ্য যে এইবাৰ এই বঁটা প্ৰদান অনুষ্ঠান তেজপুৰৰ “গংগোত্ৰী গোস্বামী সোঁৱৰণী কক্ষ”ৰ সলনি বঁটা প্ৰাপক দৰ্শনা কাশ্যপ আবাসিক ছাত্ৰী হিচাপে থকা গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হয় একাংশ বিশিষ্ট ব্যক্তি আৰু শিক্ষাৰ্থীৰ উপস্থিতিত।এই বঁটা প্ৰদান অনুষ্ঠানত সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে ভাষণ প্ৰসংগত বৰ্তমান সময়ত শিক্ষাৰ্থী সকল অধিক প্ৰতিযোগিতামুখী হৈ যথেষ্ট মানসিক চাপত থাকিব লগা হোৱাৰ বাবেই “ক’টা”ত প্ৰায়েই সংঘটিত আত্মহত্যাজনিত ঘটনাৰ তথ্য সদৰী কৰি শিক্ষাৰ্থীসকলক চাপমুক্ত আনন্দ – স্ফুৰ্টিৰ মাজত পঢ়াৰ পৰিবেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, শংকৰদেৱ শিক্ষা নিকেতনৰ মুৰব্বী উদয় আদিত্য গোস্বামী আৰু অধ্যক্ষ জয়ন্ত শইকীয়া, জ্যেষ্ঠ সাংবাদিক ভূৱন শইকীয়াই ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা”ৰ হৈ নগদ ধন, এজোৰ কাপোৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা, গংগোত্ৰী গোস্বামী সম্পৰ্কীয় বিশেষ গ্ৰন্থ গ্ৰহণ কৰি মেধাৱী ছাত্ৰী দৰ্শনা কাশ্যপে নিজৰ অনুভৱ সদৰী কৰি ভৱিষ্যতে গংগোত্ৰীৰ আদৰ্শ জীয়াই ৰাখিবলৈ বদ্ধপৰিকৰ হ’ব বুলি মন্তব্য কৰে। গংগোত্ৰী গোস্বামীৰ মাতৃ মমী ভাগৱতীয়ে আদৰণী ভাষণ আৰু শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে গংগোত্ৰী গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত পিতৃ – মাতৃৰ লগতে বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে আজিৰ অনুষ্ঠানটিত বিদ্যালয়খনৰ শিক্ষাৰ্থী ওম পাল আৰু কৌস্তুভমণি কেওঁটে বৰগীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানটিত দৰ্শনা কাশ্যপৰ পিতৃ – মাতৃ ক্ৰমে – অশোক শৰ্মা আৰু জুমী দেৱীৰ, অৱসৰপ্ৰাপ্ত শিক্ষক নলীন শৰ্মাৰ উপৰি তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰক গংগোত্ৰীৰ পৰিয়ালৰ তৰফৰ পৰা সন্মান জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More