নতুন আৱিষ্কাৰ! এই বিশেষ উপাদান মধ্যবয়সীয়া মগজুৰ বাবে অপৰিহাৰ্য…

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ অক্টোবৰঃ শেহতীয়াকৈ আমেৰিকান একাডেমী অৱ নিউৰ’লজিৰ ‘নিউৰ’লজি’ নামৰ আলোচনীত এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছে। ইয়াত ওমেগা-৩ য়ে মধ্যবয়সীয়া মগজুত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে আলোচনা কৰা হৈছে। ছান অন্টাৰিঅ’ৰ টেক্সাছ হেল্থ বিশ্ববিদ্যালয়ে এই ওমেগা থ্ৰীৰ ওপৰত গৱেষণা চলাই আছে। হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত ওমেগা থ্ৰী ফেটি এচিডৰ বিকল্প নাই। কিন্তু ই মোটামুটিভাৱে পৰিচিত আছিল। কিন্তু যিটো নতুন তথ্য ওলাইছে সেয়া হ’ল এই ওমেগা-৩ ফেটি এচিড বিশেষভাৱে মধ্যবয়সীয়া মগজুৰ বাবে উপকাৰী।
* কি এই ওমেগা থ্ৰী ফেটি এচিড?
ই বহুঅসংপৃক্ত ফেটি এচিডৰ সংযুক্ত ৰূপ। ই কোষৰ আৱৰণ আৰু সামগ্ৰিক কোষৰ কাৰ্যত গভীৰ প্ৰভাৱ পেলায়। প্ৰয়োজনীয় চৰ্বি বুলি ক’লে যিটো বুজাব বিচৰা হৈছে সেয়া হ’ল এই দীঘল শৃংখলাযুক্ত বহুঅসংপৃক্ত ফেটি এচিডবোৰ। পুষ্টিবিদসকলে কয় যে যিহেতু এই ফেটি এচিড মানুহৰ শৰীৰত উৎপন্ন নহয়, সেয়েহে ইয়াক খাদ্যত নিয়মিতভাৱে ৰখাটো প্ৰয়োজন। ফেটি এচিড প্ৰায় তিনি প্ৰকাৰৰ আছে— আলফা-লিন’লেনিক এচিড, ইকোছাপেণ্টাইন’ইক এচিড, আৰু ড’কোছাহেক্সাইন’ইক এচিড। যিসকলে ওমেগা-৩ সমৃদ্ধ খাদ্য বেছিকৈ খায়, তেওঁলোকৰ মগজু কমকৈ খোৱাসকলতকৈ অধিক সক্ৰিয় হ’ব। ছাৰ্ডিন মাছ, ছালমন মাছ, ট্ৰাউট মাছত এই প্ৰয়োজনীয় ওমেগা-৩ থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More