নলবাৰীত বিশ্ব ৰেডক্ৰছ দিৱসত তিনি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

0 35

শতাব্দ প্ৰতিনিধি, নলবাৰী, ৮ মেঃ ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ নলবাৰী জিলা শাখাই আজি নলবাৰীৰ গোপাল বজাৰত অৱস্থিত ৰেডক্ৰছ ভৱনত বিশ্ব ৰেডক্ৰছ দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে । পুৱাৰ ভাগত ৰেডক্ৰছৰ পতাকা উত্তোলন কৰে ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ নলবাৰী জিলা শাখাৰ অধ্যক্ষ অশোক শৰ্মাই । ৰেডক্ৰছৰ জন্মদাতা জন হেনৰি ডোনাণ্টৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে ভাৰতীয় ৰেডক্ৰচ ছোচাইটিৰ নলবাৰী জিলা শাখাৰ উপ সভাপতি প্ৰমোদ তালুকদাৰে । ইয়াৰ পিছত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।নলবাৰী জিলাৰ সদৰ মহকুমাধিপতি সঞ্জীৱ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত বিশ্ব ৰেডক্ৰচ দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন কোষাধ্যক্ষ ৰমানাথ বৰুৱা, ভাৰতীয়া ৰেডক্ৰছ ছোচাইটিৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন সম্পাদক হৰেন্দ্ৰনাথ বৰ্মন আৰু দক্ষৰাম বৰ্মনক সম্বৰ্ধনা জনোৱা হয়। নলবাৰী জিলা ৰেডক্ৰচ ছোচাইটিৰ সম্পাদক পংকজ বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাও উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More