নাওবৈচাত যুদ্ধকালীন তৎপৰতাৰে শিঙৰা নদীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ

বানমুক্ত শ’লমৰীয়াত এতিয়া চৌদিশে মৰুভূমি সদৃশ পৰিৱেশঃ বালিৰ তলত পকীঘৰ-কৃষিপথাৰ

0 62

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ লখিমপুৰ জিলাৰ এখন খৰস্ৰোতা নদী হৈছে শিঙৰা নদী৷ নাওবৈচাবাসীৰ চকুলো স্বৰূপ এই শিঙৰা নদীয়ে প্ৰতিবছৰে বাৰিষা বানৰ সৃষ্টি কৰি অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰি আহিছে৷WhatsApp Image 2023 07 17 at 6.22.18 PM চলিত বাৰিষাতো ব্যতিক্ৰম নহ’ল শিঙৰা নদী৷ যোৱা ১৪ জুনৰ দুপৰীয়া শিঙৰা নদীয়ে ১ নং শ’লমৰীয়াত শিঙৰা নদীৰ সোঁপাৰৰ মথাউৰিটোৰ প্ৰায় ১৯০ মিটাৰ অংশ চিঙি নিয়াৰ ফলত নাওবৈচা ৰাজহ চক্ৰত অভাৱনীয় বান পৰিস্থিতিৰ সূচনা হৈছিল৷ এই চিঙা বান্ধ নিৰ্মাণৰ বাবে লখিমপুৰ জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি প্ৰতিকূল বতৰৰ মাজতে এমাহৰ অন্তত শিঙৰা নদীয়ে চিঙি নিয়া মথাউৰিটো অৱশেষত সম্পূৰ্ণকৈ নিৰ্মাণ কৰিবলৈ সক্ষম হয়৷ জিলা উপায়ুক্ত, লখিমপুৰ জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিভাগীয় ঠিকাদাৰ ৰামসাগৰ প্ৰসাদৰ প্ৰচেষ্টাত চলিত মাহত এই ভগ্ন মথাউৰিটো নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হয়৷ যোৱা ৮ জুলাইত মথাউৰি সম্পূৰ্ণ হোৱা স্থানত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা, জিলা উপায়ুক্ত সুমিত সত্তাৱন উপস্থিত হৈ মথাউৰি নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে৷ জিঅ’ টিউব, ভলুকা বাঁহ, মাটিৰে উক্ত ভগ্ন অংশটো যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰাত নাওবৈচা অঞ্চলটো একপ্ৰকাৰে বানমুক্ত হৈছে যদিও শ’লমৰাৰীৰ চৌদিশে এতিয়া মৰুভূমি সদৃশ পৰিৱেশ বিৰাজমান হৈ আছে৷ উল্লেখনীয় কথা যে জলসম্পদ বিভাগৰ ঠিকাদাৰে শিঙৰা নদীখনত প্ৰায় ২.৫ কিলোমিটাৰ দৈঘ্যৰ চেনেল কাটিং কৰি নদীখন মূল সুঁতিত সংযোগ কৰি পৰৱৰ্তী সময়ত মথাউৰিৰ চিগা অংশ বহু প্ৰচেষ্টাৰে দিনে নিশাই কাম কৰি সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হয়৷ শিঙৰা নদীয়ে শলমৰীয়াত মথাউৰি চিঙাৰ ফলত মথাউৰিৰ কাষতে থকা বিষ্ণু চৌধুৰী, কিশোৰী চৌধুৰী আৰু অশোক চৌধুৰীৰ পকী বাসগৃহ সমূহ নিমিষতে উটুৱাই নিছিল৷ যাৰফলত কৃষি আৰু মৎস্যজীৱী লোককেইজনে দিক বিদিক হেৰুৱাই পেলায়৷ তেওঁলোকৰ বাসগৃহৰ লগতে পকী ভঁৰাল, পাকঘৰ, গোহালি, শৌচালয় আদি নদীৰ সোঁতত বিলীন হয়৷ শিঙৰাৰ বালিয়ে পুতি পেলায় এইকেইজন লোকৰ ১০ টাকৈ মৎস্য পালনৰ পুখুৰী৷ ইফালে শিঙৰা নদীখন ১ নং শ’লমৰীয়াৰ মাজেৰে বৈ যোৱাত শ শ হেক্টৰ কৃষিভূমি বালিৰে পুতি পেলোৱাৰ লগতে তেওঁলোকৰ বাসগৃহসমূহতো পানী সোমাই বিধবস্ত কৰি পেলায়৷ শিঙৰা নদীয়ে শলমৰীয়াত মথাউৰি চিঙাৰ ফলত নিকটৱৰ্তী চমুৱা, কোঁৱৰপুৰ, কলাখোৱা, বালিজান, বালিটিকা, ফুকনদলনী, কুটুকাই, আদি প্ৰায় ১৫ খন গাঁও প্লাবিত কৰি তুলিছিল৷ সম্প্ৰতি এই গাঁওসমূহ বানমুক্ত হৈছে যদিও তেওঁলোকৰ ঘৰ-দুৱাৰ পথাৰ আদি বালিৰে পুতি পেলোৱাত কৃষিজীৱী লোকসকল কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More